কৃষি মন্ত্ৰালয়

অসমত প্ৰতিষ্ঠা হ’ব ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান

পোষ্ট কৰা হৈছে: 15 SEP 2020 4:04PM by PIB Guwahati

শীঘ্ৰেই অসমত স্থাপিত হ’ব ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান। উল্লেখ্য যে ২০১৭ চনৰ ২৬ মে’ তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত এই ICAR – ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানটোৰ আধাৰশিলা মুকলি কৰিছিল। এই সমগ্ৰ প্ৰতিষ্ঠানটোৰ চৌহদৰ বাবে ধাৰ্য কৰা ৫৮৭ একৰ ভূমিৰ ভিতৰত ৪৫ একৰ ভূমিত এক একাডেমিক তথা আাবাসিক এলেকা নিৰ্মাণ কৰা হ’ব। এই পৰ্যন্ত এই প্ৰতিষ্ঠান নিৰ্মাণৰ কামৰ স্থিতি এনেধৰণৰ -

  1. ৪৫ একৰ ভূমিত চৌহদৰ বেৰ নিৰ্মাণৰ কাম সম্পন্ন হৈছে আৰু ‘প্ৰিফেব্ৰিকেটেড’ নিৰ্মাণৰ কামো সম্পন্ন হৈছে।
  2. একাডেমিক তথা প্ৰশাসনিক গৃহ, পথ নিৰ্মাণ আৰু ক্ষেত্ৰ উন্নয়ণৰ কাম ২০২০ চনৰ ফেব্ৰুৱাৰী মাহতে আৰম্ভ হৈছিল।
  3. অতিথিশালাৰ কাম অনুমোদিত হৈছে।
  • iv. ৫৯ টা বিজ্ঞানীৰ পদ পুনৰ অনুমোদন কৰা হৈছে আৰু চাৰিগৰাকী বিজ্ঞানীক নিযুক্তি দিয়া হৈছে।
  1. ২০১৫-১৬ বৰ্ষৰ শৈক্ষিক বৰ্ষৰে পৰা প্ৰতিবছৰে বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে IARI- অসমৰ শিক্ষাৰ্থীসকলে IARI নতুন দিল্লীত নিয়মিতভাৱে নামভৰ্তিৰ সুযোগ লাভ কৰি আহিছে। এই পৰ্যন্ত সৰ্বমুঠ ৫৫ গৰাকী এম এছচি শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে আৰু ইয়াৰে ২৮ গৰাকী শিক্ষাৰ্থীয়ে ইতিমধ্যে ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে আৰু বাকী ২৩ গৰাকী শিক্ষাৰ্থীয়ে বৰ্তমানো শিক্ষা গ্ৰহণ কৰি আছে। ক্ষেত্ৰ গৱেষণা সংক্ৰান্তীয় কামৰ বাবে উত্তৰ-পূৱ প্ৰান্ত আৰু অসমৰ সৈতে জড়িত কামবোৰ শিক্ষাৰ্থীসকলে নিজ নিজ অঞ্চলতে সম্পাদন কৰিছে।
  • vi. ২০২০-২১ শিক্ষাবৰ্ষটো IARI গোগামুখতে আৰম্ভ কৰিবৰ বাবে সকলোধৰণৰ প্ৰয়াস অব্যাহত ৰখা হৈছে। অৱশ্যে চলিত মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই সমগ্ৰ ব্যৱস্থাটো ব্যাপকভাৱে ক্ষতিগ্ৰস্থ হৈছে।

উল্লেখ্য যে সংশ্লিষ্ট তথ্যৰাজি আজি লোকসভাত এক লিখিত উত্তৰযোগে দাখিল কৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে।

****

 

APS/SG/RD


(ৰিলিজ আই ডি : 1654822) অতিথি কক্ষ : 99
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Manipuri , Punjabi , Tamil , Telugu