স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ক ৰুধিবলৈ কৌশলগত পন্থা

Posted On: 15 SEP 2020 2:57PM by PIB Guwahati

তলত উল্লেখিত সম্ভাৱ্য পৰিস্থিতিৰ অৰ্থে ভাৰতে পৰিস্থিতি নিৰ্ভৰ পন্থা অৱলম্বন কৰা উচিত, (i) ভাৰতত ভ্ৰমণ সম্পৰ্কীয় ঘটনা, (ii) ক’ভিড-১৯ৰ স্থানীয় সংক্ৰমণ, (iii) বৃহৎ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ অধীন, (iv) ক’ভিড-১৯ ৰোগৰ বিস্তৃত-পৰিসৰত সামূহিক সংক্ৰমণ আৰু (v) ক’ভিড-১৯ৰ ক্ষেত্ৰত ভাৰত স্থানীয় হৈ পৰা।

সম্প্ৰতি বহু অঞ্চলত বৃহৎ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণাধীন হৈ পৰিছে। সেয়ে ভাৰত চৰকাৰৰদ্বাৰা এটা নিয়ন্ত্ৰণৰ পন্থা অনুসৰণ কৰি অহা হৈছে।

দেশখনত ক’ভিড-১৯ৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে বহুদূৰ অগ্ৰগতি লাভ কৰিছে। ভাৰতত প্ৰতি নিযুত জনসংখ্যাৰ বিপৰীতে আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৩,৩২৮ জন আৰু মৃত্যুৰ সংখ্যা হৈছে ৫৫ জন। ইয়াৰ জৰিয়তে একে প্ৰভাৱপৰা দেশসমূহৰ তুলনাত বিশ্বৰ সৰ্বনিম্ন হৈ থকা দেশসমূহৰ ভিতৰত ভাৰত অন্যতম।

ক’ভিড-১৯ সমৰ্পিত চিকিৎসালয় আন্তঃগাঁথনিৰ সম্প্ৰসাৰণৰ অৰ্থে ভাৰত চৰকাৰৰ স্বাস্থ্য় আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় (MoHFW)এ বিশেষ পন্থা অৱলম্বন কৰিছে। যোৱা ৬ টা মাহত, ২০২০ৰ মাৰ্চতকৈ সমৰ্পিত আইছ’লেশ্যন বেডৰ ক্ষমতা ৩৬.৩ গুণ আৰু সমৰ্পিত আইচিইউ বেড ২৪.৬ গুণৰো অধিক বৃদ্ধি পায়। বৰ্তমান সময়ত, যিকোনো ধৰণৰ সম্ভাৱ্য ঘটনাৰে মোকাবিলা কৰিবলৈ যথেষ্ট পৰিমাণে বিছনা মজুত আছে। তদুপৰি, ক’ভিড-১৯ৰ বাবে ক্লিনিকেল মেনেজমেন্ট প্ৰট’কল জাৰি কৰা হৈছে আৰু নিয়মিতভাৱে ইয়াৰ আপডেট কৰি অহা হৈছে তথা বিস্তৃতভাৱে প্ৰচাৰ কৰা গৈছে। চিকিৎসাৰ প্ৰধান অৱলম্বন হৈছে যথোচিত ৰিহাইড্ৰেশ্যন, পৰিপূৰক অক্সিজেন থেৰাপী, নৰম (অথচ হাই-ৰিস্ক ঘটনা) আৰু মধ্যমীয়া ঘটনা তথা লক্ষণৰ ব্যৱস্থাপনাত হাইড্ৰক্সিক্ল’ৰ’কুইন প্ৰয়োগ কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে অক্সিজেন আৰু হাইড্ৰক্সিক্ল’ৰ’কুইনৰ যথোচিত উপলব্ধতা নিশ্চিত কৰি তুলিছে। ভাৰতত আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ বিশ্বৰ গড়তকৈ প্ৰায় আধা।

নিৰীক্ষণৰ জৰিয়তে প্ৰাৰম্ভতেই ঘটানৰ চিনাক্তকৰণ, অক্সিজেন চেচুৰেশ্যনৰ নিৰীক্ষণ, ক’ভিড চিকিৎসা ব্যৱস্থালৈ আৰম্ভণিতেই ৰেফাৰ কৰা আৰু যথোচিত ঘটনা ব্যৱস্থাপনাৰদ্বাৰা মৃত্যুৰ ঘটনা ৰোধ কৰাটো সম্ভৱ হৈ উঠিছে।

আজি ৰাজ্যসভাত এটা লিখিত উত্তৰ প্ৰদান কৰি ৰাজ্যিক মন্ত্ৰী (স্বাস্থ্য আৰু পৰিয়াল কল্যাণ) শ্ৰী অশ্বিনী কুমাৰ চৌবেয়ে এই কথা সদৰী কৰে।

 

*****

MV/SB



(Release ID: 1654724) Visitor Counter : 149