স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

কভিড-১৯ত আক্ৰান্ত লোকসকলৰ বাবে নতুন যোজনা

प्रविष्टि तिथि: 15 SEP 2020 3:04PM by PIB Guwahati

কভিড-১৯ বিৰোধী যুঁজৰ সৈতে জড়িত স্বাস্থ্যকৰ্মীসকলৰ বাবে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজৰ অধীনত কিছু সুবিধাৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় পৰ্যায়ৰ এই আঁচনি অনুসৰি কমিউনিটী স্বাস্থ্যকৰ্মীসকলৰ লগতে স্বাস্থ্যসেৱাৰ সৈতে জড়িত সেইসকল লোক যিসকল কভিড-১৯ ৰোগীৰ সেৱাত জড়িত আৰু তেওঁলোক ৰোগীৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিবলগীয়া হব পাৰে আৰু যাৰ ফলত এওঁলোক প্ৰভাৱিত হোৱাৰ শংকা থাকে তেনে লোকসকলক ৫০ লাখ টকাৰ বীমাই সামৰি লব। কভিড-১৯ জনিত কাৰণত মৃত্যু হলেও স্বাস্থ্যকৰ্মীসকলে বীমাৰ সুবিধা লাভ কৰিব।

 

এই আঁচনিৰ অধীনত কভিড-১৯ সম্পৰ্কীয় দায়িত্বৰ বাবে নিয়োজিত বেচৰকাৰী হাস্পতালৰ কৰ্মচাৰী, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, স্বেচ্ছাসেৱক, স্থানীয় নগৰ সংস্থা, চুক্তিবদ্ধ কৰ্মচাৰী, দৈনিক মজুৰিৰ ভিত্তিত নিযুক্ত কৰ্মচাৰী, এডহক, ৰাজ্যৰ দ্বাৰা প্ৰেৰিত আউটচৰ্ছ ষ্টাফ,কেন্দ্ৰীয় হাস্পতাল,কেন্দ্ৰ,ৰাজ্য,কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্বায়ত্ত শাসিত হাস্পতালসমূহ, এইমছ আৰু আইএনআই, কেন্দ্ৰীয় মন্ত্ৰালয়ৰ হাস্পতালসমূহ সামৰি লোৱা হব।  

 

বীমাৰ এই সুবিধা আন বীমাৰ সুবিধাতকৈ সম্পূৰ্ণ পৃথক। ইয়াৰউপৰি কেন্দ্ৰীয় চৰকাৰে কভিড-১৯ত আক্ৰান্তসকলৰ চিকিত্সাৰ বাবে আয়ুস্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত প্ৰতি বছৰে প্ৰতিটো পৰিয়ালক ৫লাখ টকাৰ চিকিত্সা সুবিধা প্ৰদান কৰিছে।    

   

 *******************************************************

MV/KG


(रिलीज़ आईडी: 1654722) आगंतुक पटल : 206
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , Manipuri , Bengali , Punjabi , Tamil , Telugu