জনজাতি পৰিক্ৰমা মন্ত্ৰালয়
জনজাতীয় সামগ্ৰীৰ চিনাক্ত কৰণ আৰু বিপণনৰ বিকাশ
प्रविष्टि तिथि:
14 SEP 2020 3:32PM by PIB Guwahati
জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ে ইয়াৰ অধীনস্থ সংস্থা ট্ৰাইবেল ক'অপাৰেটিভ মাৰ্কেটিং ডেভেলপমেন্ট ফেডাৰেচন অফ ইণ্ডিয়া লিমিটেড (টি আৰ আই এফ ই ডি)ৰ জৰিয়তে জনজাতিসকলৰ উন্নয়ন আৰু বিকাশৰ বাবে 'জনজাতীয় সামগ্ৰী/উৎপাদনৰ উন্নয়ন আৰু বিপণনৰ বাবে প্ৰতিষ্ঠানিক সহযোগিতা' শীৰ্ষক আঁচনি বলৱৎ কৰি আছে। এই আঁচনিৰ অধীনত, অন্যান্য বজাৰ উন্নয়নৰ কাম-কাজৰ উপৰি, ট্ৰাইফেড খুচুৰা বিপণন কাম-কাজতো জড়িত হৈ আছে, য'ত আছে বিভিন্ন ৰাজ্যত থকা ইয়াৰ তালিকাভুক্ত যোগনীয়াৰ (যেনে ব্যক্তিগত জনজাতীয় কাৰিকৰ, জনজাতীয় কাৰিকৰৰ সৈতে কাম কৰি থকা আত্ম সহায়ক গোট, সংস্থা/সংগঠন)ৰ পৰা বিভিন্ন জনজাতীয় সামগ্ৰীৰ ব্যৱস্থা কৰা আৰু সমগ্ৰ দেশতে ট্ৰাইবছ ইণ্ডিয়া শ্ব' ৰূমৰ খুচুৰা নেটৱৰ্ক আৰু প্ৰদৰ্শনীৰ জৰিয়তে ইবিলাকৰ বিপণন কৰা। ট্ৰাইফেডে লেনদেন কৰি থকা সামগ্ৰীবিলাক হৈছেঃ
- ধাতব শিল্প
- জনজাতীয় বস্ত্ৰ শিল্প
- জনজাতীয় অলংকাৰ
- জনজাতীয় চিত্ৰ শিল্প
- বাঁহ-বেতৰ সামগ্ৰী
- টেৰাকোটা আৰু শিলৰ পাত্ৰ
- উপহাৰ সামগ্ৰী আৰু
- জৈৱিক আৰু প্ৰাকৃতিক খাদ্য সামগ্ৰী
ৰাজ্য চৰকাৰৰ কাৰ্যকৰী কৰণ সংস্থাসমূহৰ সৈতে আলোচনা কৰি 'ন্যূনতম সমৰ্থন মূল্যত সৰুসুৰা বনজ উৎপাদনৰ (এম এফ পি) বিপণনৰ ব্যৱস্থাপনা আৰু এম এফ পিৰ বাবে মূল্য শৃংখলাৰ বিকাশ' শীৰ্ষক আঁচনিত সামৰি ল'বৰ বাবে সমগ্ৰ দেশতে সৰুসুৰা বনজ উৎপাদনবিলাক চিনাক্ত কৰা হৈছে। এই আঁচনিত কাম কৰিবলৈ সংবিধানৰ পঞ্চম অনুসূচীৰ অধীনত মাটি থকা ৰাজ্যসমূহক বাছনি কৰা হৈছে আৰু আৰম্ভণিতে ১০বিধ এম এফ পি সামগ্ৰী সামৰি লোৱা হৈছে। অৱশ্যে বিভিন্ন অংশ গ্ৰহণকাৰী আৰু ট্ৰাইফেডৰ সৈতে আলোচনা কৰাৰ পিছত সময়ে সময়ে এই তালিকাৰ সংশোধন ঘটোৱা হয়, আৰু সম্প্ৰতি ৭৩বিধ সামগ্ৰী নিৰ্ধাৰণ কৰা হৈছে, য'ত আছে সাধাৰণতে কৃষিজাত সামগ্ৰী হিচাপে চিহ্নিত ১৫বিধ সামগ্ৰী।
বিপণন উন্নয়নৰ কাম-কাজৰ অধীনত কৰ্ণাটকৰ পৰা তলত দিয়া সামগ্ৰী/উৎপাদনবিলাক সংগ্ৰহ কৰা হয়ঃ বনৰীয়া মৌ, শ্বিকাকাই, কফি, আমলখি ইত্যাদি। ইয়াত জড়িত জনজাতীয় গোট হৈছে ছলিগা। 'জনজাতীয় সামগ্ৰী/উৎপাদনৰ উন্নয়ন আৰু বিপণনৰ বাবে প্ৰতিষ্ঠানিক সহযোগিতা' আৰু 'ন্যূনতম সমৰ্থন মূল্যত সৰুসুৰা বনজ উৎপাদনৰ (এম এফ পি) বিপণনৰ ব্যৱস্থাপনা আৰু এম এফ পিৰ বাবে মূল্য শৃংখলাৰ বিকাশ' শীৰ্ষক আঁচনি দাবী অনুযায়ী কাৰ্যকৰী কৰা হয় আৰু ৰাজ্য চৰকাৰৰ প্ৰস্তাৱৰ ওপৰত নিৰ্ভৰশীল।
আজি লোকসভাত এক লিখিত উত্তৰত জনজাতীয় পৰিক্ৰমাৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শ্ৰীমতী ৰেণুকা সিংহ ছাৰুটাই এই তথ্য প্ৰদান কৰে
******
(रिलीज़ आईडी: 1654433)
आगंतुक पटल : 166