পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

জৈৱ-ইন্ধন কেন্দ্ৰৰ স্থাপন সংক্ৰান্তীয় তথ্য

Posted On: 14 SEP 2020 2:20PM by PIB Guwahati

২০১৮চনৰ ৪ জুনত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় জৈৱ-ইন্ধন নীতি ২০১৮ অধিসূচিত কৰিছিল। এই নীতিৰ আধাৰত ২০৩০ চনৰ ভিতৰত সমগ্ৰ দেশৰ পেট্ৰোলত ২০শতাংশ ইথানলৰ মিশ্ৰণ আৰু ডিজেলৰ সৈতে ৫শতাংশ জৈৱ-ডিজেলৰ মিশ্ৰণ সম্ভৱ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছিল।

ইথানল মিশ্ৰিত পেট্ৰোল(ইবিপি) কাৰ্যক্ৰমৰ অধীনত ইথানল সংগ্ৰহৰ পৰিমাণ ইথানল যোগানবৰ্ষ ২০১৩-১৪ৰ ৩৮কোটি লিটাৰৰ পৰা প্ৰায় ৫গুণে বাঢ়ি ২০১৮-১৯বৰ্ষত ১৮৮.৬ কোটি লিটাৰ হয়গৈ।

মিশ্ৰণ সম্ভৱ কৰিব পৰাকৈ ইথানলৰ উত্পাদন বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ মাজত আছে :

 (i) কুঁহিয়াৰৰ ৰস আৰু চেনী-চেনীপানীৰ মিশ্ৰণৰ পৰা ইথানলৰ উত্পাদন বঢ়োৱা।

 (ii) বিভিন্ন ভাণ্ডাৰৰ পৰা ইথানল সংগ্ৰহ কৰাৰ ক্ষেত্ৰত উত্সাহজনক দৰ প্ৰদান কৰা।

 (iii) ডিষ্টিলাৰীসমূহলৈ আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ দিহা কৰা।

   (iv) ‘ইথানল মিশ্ৰিত পেট্ৰোল কাৰ্যক্ৰমৰ বাবে ইথানলৰ মুক্ত পৰিবহণ সম্ভৱ কৰিব পৰাকৈ     ‘উদ্যোগ(উন্নয়ণ আৰু নিয়ন্ত্ৰণ)আইন,১৯৫১ৰ সংশোধন কৰা।

 (v)  ‘ইথানল মিশ্ৰিত পেট্ৰোল কাৰ্যক্ৰমৰ অধীনত সংগ্ৰহ কৰিব ইথানলৰ ক্ষেত্ৰত জিএছটি-ৰ নিৰিখ ১৮শতাংশৰ পৰা ৫শতাংশলৈ হ্ৰাস কৰা।

 (vi) ২০১৯চনৰ ১ এপ্ৰিলৰ পৰা আন্দামান নিকোবৰ আৰু লাক্ষাদ্বীপৰ বাহিৰে দেশৰ সকলো প্ৰান্ততে বলবত্ হোৱাকৈ ইথানল মিশ্ৰিত পেট্ৰোল কাৰ্যক্ৰমৰ পৰিসৰ বৃদ্ধি কৰা।

 (vii) তেল বিপণন প্ৰতিষ্ঠানসমূহৰ চৌহদত ইথানলৰ সংৰক্ষণৰ পৰিসৰ বৃদ্ধি কৰাৰ দিহা কৰা।

 (viii) ‘ইথানল মিশ্ৰিত পেট্ৰোল কাৰ্যক্ৰমৰ অধীনত দীৰ্ঘকালীন ভাবে পদক্ষেপ লব পৰাকৈ এক ইথানল সংগ্ৰহ নীতি যুগুতাই উলিওৱাৰ দিহা কৰা।

ইথানল যোগান বৰ্ষ ২০১৯-২০(১ ডিচেম্বৰৰ ২০১৯ৰ পৰা ৩০ নৱেম্বৰ ২০২০লৈ)ত তৈল প্ৰতিষ্ঠানসমূহে ০৭-০৯-২০২০ পৰ্যন্ত ২০৫.৯২ কোটি লিটাৰ প্ৰথম প্ৰজন্মৰ ইথানল সংগ্ৰহৰ বাবে অভিপ্ৰায়সূচক পত্ৰ প্ৰেৰণ কৰিছিল।

পৰৱৰ্তি সময়ত চৰকাৰে অনা-খাদ্যদ্ৰব্যৰ পৰা প্ৰস্তুত কৰা দ্বিতীয় প্ৰজন্মৰ ইথানল সংগ্ৰহৰ সিদ্ধান্তলৈ অনুমোদন জনায়। সেই অনুসৰি ৰাজহুৱা খণ্ডৰ তৈল প্ৰতিষ্ঠানসমূহে দেশৰ ১১খন ৰাজ্যত ১২টা ইথানল জৈৱ-শোধনাগাৰ স্থাপনৰ পৰিকল্পনা কৰে।

ইমানদিনে পৰ্যাপ্ততাৰ ভিত্তিত জৈৱইন্ধন মিশ্ৰিত ইন্ধনৰ বিপণন তেল প্ৰতিষ্ঠনসমূহৰ বৰ্তমানে থকা বিপণন কেন্দ্ৰসমূহৰ পৰাই চলাই থকা হৈছিল। অৱশ্যে এই ক্ষেত্ৰত ব্যতিক্ৰম আছিল লাক্ষাদ্বীপ আৰু আন্দামান নিকোবৰ।

ইফালে, নতুন বিপণন কেন্দ্ৰৰ পৰা জৈৱইন্ধনৰ বিপণন কৰাৰ বাবে সংশোধিত নীতি-নিৰ্দেশনা যোৱা ০৮-১১-২০১৯ তাৰিখে জাৰি কৰা হৈছিল।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে লোকসভাত আজি প্ৰদান কৰা এক লিখিত উত্তৰত এই তথ্য প্ৰকাশ কৰে।

*****

YKB/SK/KB



(Release ID: 1654419) Visitor Counter : 78