কৃষি মন্ত্ৰালয়

কৃষকসকলৰ আয় বৃদ্ধি আৰু কৃষিৰ আমূল পৰিৱর্তনৰ লক্ষ্যৰে লোকসভাত আজি তিনিখন বিধেয়ক উত্থাপন, এই আইন ৫জুন, ২০২০ৰ অধ্যাদেশৰ সলনি উত্থাপন কৰা হয়

Posted On: 14 SEP 2020 3:16PM by PIB Guwahati

লোকসভাত আজি দেশৰ কৃষিৰ আমূল পৰিৱর্তন ঘটোৱা আৰু কৃষকসকলৰ আয় বৃদ্ধিৰ লক্ষৰে তিনিখন বিধেয়ক উত্থাপন কৰা হয় যিকেইখন বিধেয়ক বিগত ৫ জুনৰ অধ্যাদেশৰ পৰিৱৰ্তে অনা হৈছে৷ অধ্যাদেশসমূহ হ’লঃ

১৷ কৃষিজাত সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য (প্ৰসাৰ আৰু সুবিধা) সংশোধনী ২০২০

২৷ মূল্য নিশ্চয়তা সংক্রান্তীয় কৃষক চুক্তি(সবলীকৰণ আৰু সুৰক্ষা) আৰু কৃষি সেৱা সংশোধনী ২০২০

৩৷ অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধনী ২০২০)৷

কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্রামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্রী শ্রী নৰেন্দ্ৰ সিং টোমৰ আজি প্ৰথম দুখন বিধেয়ক উত্থাপন কৰাৰ বিপৰীতে উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্রী ৰাওছাহেব পাটিল দানভেই তৃতীয়খন বিধেয়ক লোকসভাত উত্থাপন কৰে৷

বিধেয়ক উত্থাপন কৰাৰ বাবে অধ্যক্ষৰ অনুমতি সাপেক্ষে শ্রী নৰেন্দ্ৰ সিং টোমৰ কয় যে ইয়াত যিবোৰ পদক্ষেপ লোৱা হৈছে তাৰ জৰিয়তে কৃষিজাত সামগ্ৰীৰ অবাধ ব্যৱসায় সম্ভৱ হ’ব আৰু কৃষকসকলে তেওঁলোকৰ ইচ্ছামতে বিনিয়োগকাৰী বাছি লোৱাৰ ক্ষমতা থাকিব৷ তেওঁ কয় যে এই পদক্ষেপসমূহ শেহতীয়া চৰকাৰী নীতি অনুসৰি সমগ্ৰ ভাৰতৰ কৃষকসকলৰ কল্যাণাৰ্থে এক সমূহীয়া পদক্ষেপ৷

কৃষিজাত সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য (প্ৰসাৰ আৰু সুবিধা) সংশোধনী ২০২০ এনে এক পৰিৱেশ সৃষ্টি কৰাৰ লক্ষ্য লোৱা হৈছে, যাতে কৃষক আৰু ব্যৱসায়ীসকলে কৃষিজাত সামগ্ৰীৰ কিনা-বেচাত পছন্দ কৰাৰ স্বাধীনতা থাকিব৷ দক্ষতা, স্বচ্ছতা আৰু অবাধ আন্তঃৰাজ্যিক আৰু আন্তঃৰাজ্যিক কৃষিসামগ্ৰীৰ ব্যৱসায় প্ৰতিযোগিতাৰ জৰিয়তে উচিত মূল্য লাভ কৰাৰ সুবিধা সৃষ্টি কৰিব৷ ৰাজ্যিকভিত্তিক কৃষিজাত সামগ্ৰী বজাৰ আইনৰ জৰিয়তে ইলেক্ট্ৰনিকছ ব্যৱসাৰ সুবিধাও লাভ কৰিব৷

মূল্য নিশ্চয়তা সংক্রান্তীয় কৃষক চুক্তি (সবলীকৰণ আৰু সুৰক্ষা) আৰু কৃষি সেৱা সংশোধনী ২০২০ত কৃষি চুক্তিৰ এক ৰাষ্ট্ৰীয় পৰিকাঠামো সৃষ্টি হ’ব যি কৃষকসকলক সুৰক্ষা দিয়াৰ লগতে সবলীকৰণ কৰিব, যাতে তেওঁলোকে কোনো কৃষিজাত সামগ্ৰীৰ বাণিজ্য সংস্থাৰ সৈতে, প্ৰক্রিয়াকৰণকাৰীৰ সৈতে, পাইকাৰীৰ সৈতে, ৰপ্তানীকাৰক বা ডাঙৰ খুচুৰা বিক্রেতাৰ সৈতে কৃষিজাত সামগ্ৰী সেৱা সংক্রান্তীয় চুক্তি কৰিব পাৰিব৷ তদুপৰি, মৌখিকভাবে সন্মত উচিত মূল্যৰ ভৱিষ্যতে বিক্রীৰ ব্যৱস্থাও কৰিব পাৰিব, যাতে স্বচ্ছতা আৰু দূর্নীতিমুক্ত পদ্ধতি অৱলম্বন কৰিব পাৰে৷

অত্যাৱশ্যকীয় সামগ্ৰী(সংশোধনী ২০২০) লক্ষ্য হৈছে খাদ্যশস্য, দাইল, তৈলবীজ, খাদ্যৰ উপযুক্ত তেল,পিয়াঁজ আৰু আলুৰ দৰে সামগ্ৰীসমূহক অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা বাদ দিয়া হৈছে৷ ইয়াৰফলত বেচকাৰী বিনিয়োগকাৰীসকলে অতিৰিক্ত আইনী কাম-কাজকলৈ ভয় কমিম, খেতি কৰা, মজুত কৰা, পৰিবহন, বিতৰণ আৰু যোগান ধৰাত স্বাধীনতা পোৱাৰ ফলত বেচৰকাৰী আৰু প্ৰত্যক্ষ বিদেশী বিনিয়োগ কৃষি ক্ষেত্রত বৃদ্ধি পোৱাৰ লগতে অর্থনীতিৰো বিকাশ সাধন হ’ব৷

****

APS/SG/DB



(Release ID: 1654328) Visitor Counter : 257