মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

গ্ৰাম্যাঞ্চলত মানসম্পন্ন শিক্ষা নিশ্চিত কৰিবলৈ চৰকাৰৰ তৎপৰতা

Posted On: 14 SEP 2020 4:42PM by PIB Guwahati

ভাৰত চৰকাৰে সমগ্ৰ শিক্ষা-আৰু স্কুলীয়া শিক্ষাৰ বাবে সমন্বিত আঁচনি, ডব্লিউ ই এফ ২০১৮-১৯ আৰম্ভ কৰিছে, যি হৈছে স্কুলীয়া শিক্ষা খণ্ডৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ কাৰ্যক্ৰম, য'ত প্ৰি স্কুলৰ পৰা দ্বাদশ শ্ৰেণীলৈ প্ৰসাৰ ঘটোৱা হৈছে আৰু সকলোকে সামৰি লোৱাৰ লগতে স্কুলীয়া শিক্ষাৰ সকলো স্তৰতে আহৰণযোগ্য মানসম্পন্ন শিক্ষা নিশ্চিত কৰাৰ লক্ষ্য লৈছে। ই 'স্কুল'ক প্ৰি স্কুল, প্ৰাথমিক, উচ্চ প্ৰাথমিকৰ পৰা মাধ্যমিক, উচ্চ মাধ্যমিক স্তৰলৈ প্ৰসাৰিত কৰিছে আৰু কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা তিনিটা গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰিছে, যেনে সৰ্বশিক্ষা অভিযান (এছ এছ এ), ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান (আৰ এম এছ এ) আৰু শিক্ষক শিক্ষা (টি ই)।

 

স্কুলীয়া শিক্ষাৰ সকলো স্তৰতে লিংগৰ মাজত সেঁতু বন্ধন কৰি আৰু সামাজিক শাখাৰ মাজৰ খালী ঠাই পূৰণ কৰাটো এই আঁচনিৰ এটা প্ৰধান উদ্দেশ্য। এই আঁচনিয়ে ছোৱালীহঁতক আৰু অনুসূচিত জাতি (এছ চি), অনুসূচিত জনজাতি (এছ টি), সংখ্যালঘু সম্প্ৰদায় আৰু তৃতীয় লিংগৰ শিশুসকলক অন্তৰ্ভুক্ত কৰিছে। এই আঁচনিত লগতে নগৰৰ বঞ্চিত শিশু, সময়ে সময়ে হোৱা প্ৰব্ৰজনৰ দ্বাৰা প্ৰভাৱিত শিশু আৰু আওহতীয়া সিঁচৰতি হৈ থকা আৱাস স্থলৰ শিশুসকলৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। এই আঁচনিৰ অধীনত, বিশেষ আলোকপাত কৰা জিলা (এছ এফ ডি এছ), শিক্ষাৰ ক্ষেত্ৰত পিছপৰা খণ্ড (ই ই বি এছ), এল ডব্লিউ ই প্ৰভাৱিত জিলা আৰু আকাংক্ষী জিলাৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ ব্যৱস্থা কৰা হৈছে।

 

শিক্ষাৰ বিভিন্ন ধৰণ যেনে ডিজিটেল/অনলাইন/অন-এয়াৰ ইডুকেশ্বনৰ সৈতে সম্পৰ্কযুক্ত সকলো প্ৰচেষ্টাৰ সৈতে সংযুক্ত কৰিবলৈ পি এম ই বিদ্যা শীৰ্ষক এক পৰিপূৰক তপৰতাও গ্ৰহণ কৰা হৈছে। ই সমগ্ৰ দেশৰ স্কুললৈ যোৱা ২৭ কোটি শিশুক লাভবান কৰিব। এই তপৰতাত অব্যাহত আছেঃ

 

  • ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলবিলাকত স্কুলীয়া শিক্ষাৰ বাবে মানসম্পন্ন ই-কনটেণ্ট প্ৰদান কৰাৰ লগতে সকলো শ্ৰেণীৰ বাবে ফলদায়ক পাঠ্যপুথি (এখন দেশ এটাই ডিজিটেল প্লেটফৰ্ম)ৰ ব্যৱস্থা কৰিবলৈ দীক্ষা দ্য নেচন্স ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ দিহা কৰা হৈছে।

 

  • প্ৰথমৰ পৰা দ্বাদশলৈ প্ৰতিটো শ্ৰেণীত স্বয়ম প্ৰভা শীৰ্ষক এটা টিভি চেনেল (এটা শ্ৰেণীত এটা চেনেল)ৰ ব্যৱস্থা কৰা হৈছে।

 

  • স্বয়ম প'ৰ্টেল, ই-পাঠশালা, ৰেডিঅ' আৰু কমিউনিটী ৰেডিঅ'ৰ পৰ্যাপ্ত ব্যৱহাৰ আৰু চি বি এছ ই পডকাষ্ট- শিক্ষা বাণী। দৃষ্টি আৰু শ্ৰৱণ শক্তিত দুৰ্বল শিশুৰ বাবে ডিজিটেলী এক্সেচিবল ইনফৰ্মেশন চিষ্টেমৰ (ডি এ আই এছ ৱাই) বিকাশ ঘটাই বিশেষ ই-কনটেণ্ট আগবঢ়োৱা হৈছে আৰু এন আই অ' এছ ৱেবছাইট/ইউটিউবত সাংকেতিক ভাষাতো এই ব্যৱস্থা কৰা হৈছে।

 

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল 'নিশংক'ই আজি লোকসভাত এটা লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে।

 

 ******

MV/AKJ/AK



(Release ID: 1654259) Visitor Counter : 147