শক্তি মন্ত্ৰালয়

কেন্দ্ৰীয় শক্তি মন্ত্ৰীয়ে বিহাৰৰ সহৰসাত কিষানগঞ্জ-দৰভাংগা ৪০০ কে ভি ট্ৰেঞ্চমিশ্যন লাইনৰ লিল' নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে

এই প্ৰকল্পই সুপৌল, খাগড়িয়া আৰু বেগুছৰাই জিলাৰ লগতে সহৰসাত বিদ্যুতৰ ব্যৱস্থাৰ সংশোধন আনিব

উত্তৰ বিহাৰৰ কম ভল্টেজৰ সমস্যা সমাধানৰ আশা

Posted On: 13 SEP 2020 6:52PM by PIB Guwahati

কেন্দ্ৰীয় শক্তি, নবীন আৰু নবীকৰণীয় শক্তি ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ) শ্ৰী আৰ কে সিংহই ভাৰ্চুৱেল কাৰ্যক্ৰমৰ জৰিয়তে বিহাৰৰ সহৰসা জিলাত কিষানগঞ্জ-দৰভাংগা ৪০০ কিলোৱাটৰ ট্ৰেঞ্চমিশ্যন লাইনৰ লিল' নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। ১০০ কোটি টকাৰ প্ৰকল্পৰ বাবে কাৰ্যকৰী কৰণ সংস্থা শক্তি মন্ত্ৰালয়ৰ অন্তৰ্গত সাৰ্বজনিক ক্ষেত্ৰৰ এটা কেন্দ্ৰীয় সংস্থা হৈছে পাৱাৰ গ্ৰীড লিমিটেড।

 

শ্ৰী সিংহই পাৱাৰ গ্ৰীডৰ প্ৰচাৰৰ বাবে তেওঁলোকৰ প্ৰশংসা কৰি কয় যে মহাৰত্নই সকলো ৰাজ্য আৰু ক্ষেত্ৰক বিশেষকৈ বিহাৰক ৰাষ্ট্ৰীয় গ্ৰীডৰ সৈতে সংযুক্ত কৰিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আভ্যন্তৰীণ- ক্ষেত্ৰীয় ট্ৰেঞ্চমিশ্যন প্ৰণালীয়ে বিহাৰক কম দামত অন্য ৰাজ্যৰ পৰা বিদ্যুতৰ যোগানত সহায় কৰিছে। তেওঁ কয় যে কিষানগঞ্জ-দৰভাংগা ৪০০ কেভি ট্ৰেঞ্চমিশ্যন লাইন প্ৰকল্প সম্পূৰ্ণ হ'লে সুপৌল, খাগড়িয়া আৰু বেগুছৰাই জিলাৰ লগতে সহৰসা জিলাত বিদ্যুতৰ অৱস্থাৰ সংশোধন হ'ব। উত্তৰ বিহাৰৰ কম ভল্টেজৰ সমস্যা যথেষ্ট পৰিমাণে সমাধা হ'ব আৰু উজনিৰ জিলাসমূহ বিজুলিৰ সু-ব্যৱস্থাৰ দ্বাৰা লাভবান হ'ব।

 

সহৰসা বিহাৰৰ অন্তিম উত্তৰ ভাগত আছে আৰু নেপালৰ পৰা পানী অহা বাবে বান প্ৰবন অঞ্চল। উত্তৰ বিহাৰ অঞ্চলত বিদ্যুতৰ স্থিতি উন্নত কৰিবৰ বাবে, সহৰসাত পাৱাৰ গ্ৰীডৰ দ্বাৰা এটা ৪০০/২২০/১৩২ কেভি ছাব ষ্টেচন স্থাপন কৰা হৈছে। ছাব ষ্টেচনক ৪০০ কেভি কিষানগঞ্জ-পাটনা লাইনৰ মাধ্যমত পাটনা আৰু কিষানগঞ্জৰ সৈতে সংযুক্ত কৰা হ'ব। কিষানগঞ্জ আৰু পাটনা দুয়োখন ঠাই সহৰসাৰ পৰা বহু দূৰৈত আৰু কেইবাখনো গুৰুত্বপূৰ্ণ নৈপৰীয়া স্থানৰ ফলত ট্ৰেঞ্চমিশ্যন লাইন অত্যন্ত সংবেদনশীল। কেন্দ্ৰীয় বিদ্যু প্ৰাধিকৰণ (চি ই এ)য়ে উত্তৰ বিহাৰৰ বিজুলিৰ অৱস্থাৰ অধ্যয়ন কৰে আৰু দৰভাংগাৰ সৈতে সহৰসা ৪০০ কেভি ছাব ষ্টেচনৰ বাবে অতিৰিক্ত কানেকচন প্ৰদান কৰাৰ সিদ্ধান্ত লয়। ইয়াকে কিষানগঞ্জ- দৰভাংগা লাইনৰ লিল'ৰ নিৰ্মাণৰ দ্বাৰা আহৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে।

 

******

 

 RCJ/M



(Release ID: 1653909) Visitor Counter : 120