সাংস্কৃতিক মন্ত্ৰালয়

প্ৰবীণ অভিনেতা পৰেশ ৰাৱালক নেশ্যনেল স্কুল অৱ ড্ৰামা ছ’চাইটীৰ নতুন অধ্যক্ষ নিযুক্তি ভাৰতৰ ৰাষ্ট্ৰপতিৰ

শ্ৰী পৰেশ ৰাৱালক অভিনন্দন কেন্দ্ৰীয় সাংস্কৃতিক ৰাজ্য মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেলৰ

ৰাষ্ট্ৰীয় বঁটা বিজেতা অভিনেতাগৰাকীক ৪ বছৰৰ বাবে এনএছডি ছ’চাইটীৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি

प्रविष्टि तिथि: 12 SEP 2020 8:10PM by PIB Guwahati

প্ৰবীণ অভিনেতা পৰেশ ৰাৱালক নেশ্যনেল স্কুল অৱ ড্ৰামা ছচাইটীৰ নতুন অধ্যক্ষ নিযুক্তি দিছে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোৱিন্দে। কেন্দ্ৰীয় সাংস্কৃতিক ৰাজ্য মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেলে শ্ৰী পৰেশ ৰাৱালক অভিনন্দন জ্ঞাপন কৰি কয় যে তেওঁৰ প্ৰতিভাই দেশৰ শিক্ষাৰ্থী আৰু শিল্পীসকলক উপকৃত কৰিব।

 

ৰাষ্ট্ৰীয় বঁটা বিজেতা অভিনেতাগৰাকীক ৪ বছৰৰ বাবে এনএছডি ছচাইটীৰ অধ্যক্ষ পদত নিযুক্তি দিয়া হৈছে। নাটক আৰু চলচ্চিত্ৰ উভয় ক্ষেত্ৰত তেখেতৰ সমান দক্ষতা আছে। চাৰি দশকতকৈও অধিক কাল ধৰি চলচ্চিত্ৰ আৰু নাট্য উদ্যোগৰ সৈতে তেখেত জড়িত। ১৯৯৪ চনত ৰাৱালক শ্ৰেষ্ঠ সহ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হৈছিল। ইয়াৰউপৰি অভিনয়ৰ বাবে তেওঁক অসংখ্য বঁটা-বাহনেৰে অনেকবাৰ সন্মানিত কৰা হৈছে। ২০১৪ চনত বিনোদন উদ্যোগলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতক চতুৰ্থ সৰ্বোচ্চ অসামৰিক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয়। তেওঁ এগৰাকী প্ৰাক্তন সাংসদো।

 

এই নিযুক্তি সন্দৰ্ভত মন্তব্য কৰি নেশ্যনেল স্কুল অৱ ড্ৰামা ছচাইটীৰ উপাধ্যক্ষ ডঃ শ্ৰী অৰ্জুন দেও চৰণে কয়, এই পদত পৰেশজীক নিয়োগৰ চৰকাৰী সিদ্ধান্তত আমি সঁচাকৈয়ে সুখী। আমাৰ শিক্ষাৰ্থীসকল আৰু ফেকাল্টী সদস্য আৰু অন্যান্য লোকসকলেও এইগৰাকী প্ৰবীণ অভিনেতাৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰিব। তেওঁৰ সুদীৰ্ঘ অভিজ্ঞতাৰ পৰা নেশ্যনেল স্কুল অৱ ড্ৰামা উপকৃত হব।

 

নেশ্যনেল স্কুল অৱ ড্ৰামাৰ ভাৰপ্ৰাপ্ত সঞ্চালক অধ্যাপক সুৰেশ শৰ্মাই ৰাৱালৰ নিযুক্তিত সন্তোষ প্ৰকাশ কৰি তেওঁক আদৰণি জনায়। তেওঁ কয়, এইগৰাকী প্ৰবীণ নাট্য ব্যক্তিত্বৰ দীৰ্ঘদিনৰ অভিজ্ঞতাৰ পৰা নেশ্যনেল স্কুল অৱ ড্ৰামাৰ সকলো উপকৃত হব। তেওঁৰ অভিজ্ঞতাই নেশ্যনেল স্কুল অৱ ড্ৰামাক এক নতুন পথ দিব বুলিও তেওঁ মন্তব্য কৰে। শ্ৰী ৰাৱালৰ নেতৃত্বত নেশ্যনেল স্কুল অৱ ড্ৰামাই নতুন শিখৰলৈ ধাৱিত হব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

 

নেশ্যনেল স্কুল অৱ ড্ৰামাৰ সদস্যসকলে এগৰাকী অসাধৰণ অভিনেতা আৰু দক্ষ ব্যক্তিক অধ্যক্ষৰূপে পাই সন্তোষ ব্যক্ত কৰিছে। সংস্থাৰ বিকাশৰ বাবে শ্ৰী ৰাৱালে আৰু অধিক দৃঢ়তা আৰু নিষ্ঠাৰ সৈতে কাম কৰিব বুলিও তেওঁলোক আশাবাদী।

 

১৯৫৯ চনত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অৰ্থ সাহায্যত স্বায়ত্তশাসিত সংস্থা হিচাপে নেশ্যনেল স্কুল অৱ ড্ৰামা প্ৰতিষ্ঠা হয়। ই বিশ্বৰ অন্যতম শীৰ্ষস্থানীয় নাট্য প্ৰশিক্ষণ কেন্দ্ৰ। নেশ্যনেল স্কুল অৱ ড্ৰামা সংগীত নাটক অকাডেমীৰ অধীনত এটি সংস্থা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। পৰৱৰ্তী সময়ত ১৯৭৫ চনত এটা স্বাধীন সংস্থা হিচাপে গঢ়ি উঠে। ইয়াত নাটকৰ তিনি বছৰৰ পূৰ্ণ সময়কালীন, আৱাসিক প্ৰশিক্ষণৰ ব্যৱস্থা আছে। নেশ্যনেল স্কুল অৱ ড্ৰামাই ভাৰতৰ নাট্য জগতক অতীততো সমৃদ্ধ কৰি তুলিছিল আৰু এতিয়াও কৰি আছে। নেশ্যনেল স্কুল অৱ ড্ৰামাৰ নতুন দিল্লীৰ শাখাৰ উপৰি প্ৰচাৰ কৰ্মসূচীৰ বাবে বাৰাণসী, গেংটক, আগৰতলা আৰু বেংগালুৰুত চাৰিটা কেন্দ্ৰ আছে। 

 

 

 

 *******************************************************

NB/AK/OA/KG


(रिलीज़ आईडी: 1653728) आगंतुक पटल : 220
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , English , Urdu , हिन्दी , Manipuri , Bengali , Kannada , Malayalam