ভাৰতীয় প্ৰতিযোগিতা আয়োগ

চিএ ক্লভাৰ ইণ্টাৰমিডিয়েট-II ইনভেষ্টমেণ্ট(কিউৰী)ৰ দ্বাৰা পিৰামল ফাৰ্মা লিমিটেডৰ জাৰি কৰা আৰু পেইড-আপ ইকুইটী শ্বেয়াৰ মুলধনৰ ২০% অধিগ্ৰহণৰ সন্দৰ্ভত প্ৰস্তাৱিত সংযোজনৰ অনুমোদন চিচিআইৰ

Posted On: 12 SEP 2020 10:21AM by PIB Guwahati

ভাৰতীয় প্ৰতিযোগিতা আয়োগে (চিচিআই)চিএ ক্লভাৰ ইণ্টাৰমিডিয়েট-II ইনভেষ্টমেণ্ট(কিউৰী)ৰ দ্বাৰা পিৰামল ফাৰ্মা লিমিটেডৰ জাৰি কৰা আৰু পেইড-আপ ইকুইটী শ্বেয়াৰ পুঁজিৰ ২০% অংশ অধিগ্ৰহণৰ সন্দৰ্ভত প্ৰস্তাৱিত সংযোজনৰ অনুমোদন জনাইছে৷

প্ৰস্তাৱিত সংযোজন অনুসৰি(ii)পিৰামল এণ্টাৰপ্ৰাইজ লিমিটেড(পিইএল)ৰ দ্বাৰা পিইএল অৰ্থা ফাৰ্মা কোম্পানীৰ সম্পূৰ্ণ স্বত্তাধিকাৰী থকা সহায়ক কোম্পানীৰ গ্ল’বেল ফাৰ্মাচিউটিকেল বিজিনেছ(হস্তান্তৰিত) হস্তান্তৰ কৰা আৰু ইয়াৰ পাছত (ii) কিউৰীৰ দ্বাৰা ফাৰ্মা কোম্পানীক জাৰি কৰা আৰু পেইড আপ ইকুইটী শ্বেয়াৰ মুলধনৰ ২০% অধিগ্ৰহণ (প্ৰস্তাৱিত সংযোজন)ৰ সৈতে সম্পৰ্কীয়৷

কিউৰী এক বিশেষ উদ্দেশ্যে অধিগৃহীত কোম্পানী, যি কাৰ্লাইল গ্ৰুপ ইংক (কাৰ্লাইল গ্ৰুপ)ৰ সহযোগীৰ দ্বাৰা পৰামৰ্শ আগবঢ়োৱা বিনিয়োগ পুঁজিৰ স্বত্বাধিকাৰ আছে আৰু ই ইয়াৰ দ্বাৰা নিয়ন্ত্ৰিত৷

কাৰ্লাইল গোট এক বিশ্বজনীন বৈকল্পিক সম্পত্তি ব্যৱস্থাপক, যি সকলো বিনিয়োগৰ বিষয়ত বিশ্বস্তৰত বিনিয়োগ কৰা পুঁজিৰ ব্যৱস্থা কৰে৷ (i) কৰ্প’ৰেট ব্যক্তিগত ইকুইটী(ক্ৰয় আৰু বিকাশ মুলধন), (ii) ৰিয়েল সম্পত্তি(ৰিয়েল এষ্টেট, আন্তঃগাঁথনি আৰু শক্তি তথা নবীকৰণযোগ্য সম্পদ), (iii) গ্ল’বেল ক্ৰেডিট (লাভ অৰ্জন কৰাৰ সৈতে সম্পৰ্কীয় ঋণ আৰু সংৰচিত ঋণ, সূযোগ অনুকূল ঋণ, শক্তি ঋণ, ব্যক্তিগত ঋণ আৰু দু্ৰ্যোগকালীন ঋণ) আৰু (iv) সমাধান(পুঁজি কাৰ্যক্ৰমৰ ব্যক্তিগত ইকুইটী পুঁজি আৰু বিনিয়োগ তথা গৌণ কাম-কাজ)৷

ফাৰ্মা কোম্পানী পিইএল হৈছে সম্পূৰ্ণ স্বত্তাধিকাৰ থকা প্ৰতিষ্ঠান, যি প্ৰস্তাৱিত সংযোজনৰ অংশ হিচাপে পিইএলৰ হস্তান্তৰিত ব্যৱসায় কৰাৰ লগতে পিইএল ফাৰ্মাচিউটিকেল ব্যৱসায়ৰ অধিগ্ৰহণ কৰিব, য’ত অনুৱন্ধ বিকাশ আৰু বিনিয়োগ সংগঠন(চিডিএমঅ’), কমপ্লেক্স হাস্পতাল জেনেৰিক্স(চিএছজি) আৰু উপভোক্তা হেল্থকেয়াৰ ডিভিজন ছেগমেণ্টৰ লগতে একাংশ পিইএল সংস্থাত ইকুইটীও চামিল হৈ আছে৷

চিচিআয়ে ইয়াৰ বিস্তৃত নিৰ্দেশ শীঘ্ৰে প্ৰকাশ কৰিব৷

.

****

RM/KMN/DB



(Release ID: 1653621) Visitor Counter : 181