কৃষি মন্ত্ৰালয়

বিগত বৰ্ষৰ তুলনাত চলিত বছৰত প্রায় ৫৯ লাখ হেক্টৰতকৈ অধিক ভূমিত খাৰিফ শস্যৰ খেতি হৈছে

তৈলবীজৰ খেতিৰ এলেকা ১০ শতাংশতকৈ অধিক হৈছে

Posted On: 11 SEP 2020 3:23PM by PIB Guwahati

চলিত বছৰত ১১০৪.৫৪ লাখ হেক্টৰ ভূমিত খাৰিফ শস্যৰ খেতি কৰা হৈছে৷ বিবিগত বৰ্ষৰ এই সময়ছোৱাত ১০৪৫.১৮ লাখ হেক্টৰ ভূমিত খাৰিফ শস্যৰ খেতি কৰা হৈছিল। অর্থা বিগত বৰ্ষৰ তুলনাত এইবছৰত প্রায় ৫৯ লাখ হেক্টৰ অধিক ভূমিত খাৰিফ শস্যৰ খেতি কৰা হৈছে৷ চলিত বৰ্ষত ধান খেতি এতিয়াও চলি আছে যদিও দাইল, গোটা দানাজাতীয় শস্য, তৈল বীজৰ খেতি প্রায় শেষ পর্যায়ত উপনীত হৈছে৷ ১ অক্টোবৰত খাৰিফ শস্যৰ বতৰৰ খেতিৰ চূড়ান্ত পৰিসংখ্যা পোৱাৰ আশা কৰা হৈছে৷

ধানঃ এইবছৰ ৪০২.২৫ লাখ হেক্টৰ ভূমিত ধান খেতি কৰা হৈছ। বিবিগত বৰ্ষত ৩৭৩.৮৭ লাখ হেক্টৰ ভূমিত ধান খেতি হৈছিল। অর্থা বিগত বৰ্ষৰ তুলনাত এইবছৰ .৫৯ হেক্টৰ অধিক ভূমিত ধান খেতি হৈছে৷

দাইলঃ বিগত বৰ্ষৰ ১৩১.৭৬ লাখ হেক্টৰ ভূমিৰ বিপৰীতে এইবছৰ .৬৪ শতাংশ অধিক অর্থা ১৩৭.৭৮ লাখ হেক্টৰ ভূমিত এই খেতি কৰা হৈছে৷
গোটা দানাজাতীয় শস্যঃ চলিত বৰ্ষত ১৭৯.৭০ লাখ হেক্টৰ ভূমিত গোটা দানাজাতীয় শস্যৰ খেতি কৰা হৈছে৷ বিগত বৰ্ষত ১৭৭.৪৩ হেক্টৰ ভূমিত এই খেতি কৰা হৈছিল। অর্থাবিগ বৰ্ষৰ তুলনাত এইবছৰ .২৮ শতাংশ অধিক পৰিমাণ ভূমিত গোটা দানাজাতীয় শস্যৰ খেতি হৈছে৷

তৈল বীজঃ বিগত বৰ্ষত ১৭৬.৯১ লাখ হেক্টৰ ভূমিত তৈল বীজৰ খেতি কৰা হৈছেছিল৷ এইবছৰ ১৯৫.৯৯ লাখ হেক্টৰ ভূমিত তৈল বীজৰ খেতি কৰা হৈছে, যিটো পূৰ্বত ১০.৭৯ শতাংশ অধিক৷

কুহিয়াৰঃ এইবছৰ ৫২.৪৬ লাখ হেক্টৰ ভূমিত কুঁহিয়াৰৰ খেতি কৰা হৈছে৷ বিগত বৰ্ষ ৫১.৭৫ লাখ হেক্টৰ ভূমিত কুঁহিয়াৰৰ খেতি কৰা হৈছিল। বিগত বৰ্ষৰ তুলনাত এইবছৰ .৩৭ শতাংশ অধিক ভূমিত কুঁহিয়াৰৰ খেতি কৰা হৈছে৷

কঁপাহঃ বিগত বৰ্ষত ১২৬.৬১ লাখ হেক্টৰ ভূমিত কঁপাহ খেতি হৈছিল, এইবছৰ .১২ শতাংশ অধিক ১২৯.৩০ লাখ হেক্টৰ ভূমিত কঁপাহৰ খেতি কৰা হৈছে৷

মৰাপাট আৰু মেষ্টাঃ বিগত বৰ্ষত .৮৬ লাখ হেক্টৰ ভূমিত মৰাপাট আৰু মেস্তা খেতি কৰা হৈছিল৷ এইবছৰ .৯৭ লাখ হেক্টৰ ভূমিত এই খেতি কৰা হৈছে৷

খাৰিফ শস্যৰ অধীন কোনো খেতিতে ক’ভিড-১৯ৰ প্ৰভাৱ পৰা নাই৷ এই সংক্রান্তীয় কোনো তথ্য এতিয়ালৈকে পোৱা নাই৷ কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ জনকল্যাণকামী কাৰ্যসূচী বাস্তবায়িতকৰাৰ বাবে সকলোধৰণৰ প্ৰচেষ্টা হাতত লৈছে৷ কৃষিৰ বীজ, সাৰ, যন্ত্ৰপাতি আৰু কৃষকসকলৰ ঋণ প্ৰদানৰ সুবিধার্থে সময়মতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ মহামাৰী আৰু লকডাউনৰ সময়তো কৃষকসকলক সকলো সুযোগ সুবিধা প্ৰদান কৰা হৈছে৷ সময়মতে কৃষকসকলৰ ঋণ প্ৰদান আৰু প্ৰযুক্তিগত সাহায্য আৰু চৰকাৰী প্ৰকল্পৰ সা-সুবিধা দিয়া হৈছে৷


১০ ছেপ্টেম্বৰলৈকে পোৱা তথ্য মতে দেশত ৮২৮. মিলিমিটাৰ বৃষ্টিপাত হৈছে৷ সাধাৰণতে জুনৰ পৰা ১০ ছেপ্টেম্বৰলৈকে গড়ে ৭৭৭. মিলিমিটাৰ বৃষ্টিপাত হয়৷ তাৰ তুলনাত এই বছৰ প্রায় শতাংশ অধিক বৃষ্টিপাত হৈছে৷ কেন্দ্রীয় জল আয়োগৰ পৰা পোৱা তথ্য অনুসৰি ১০ ছেপ্টেম্বৰলৈকে দেশত ১২৩টা জলভাণ্ডাৰত যথেষ্ট পৰিমাণে পানী আছে৷

অধিক জানিবলৈ এই লিংকত ক্লিক কৰক Please click the link for more details

 

****



(Release ID: 1653510) Visitor Counter : 147