মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
শিক্ষা মন্ত্ৰালয়ে শিক্ষক পৰ্ব উদ্যোগৰ অধীনত অন্তৰ্ভুক্তিমূলক শিক্ষা আৰু ন্যায়সংগত শিক্ষা বিষয়ত এক ৱেবিনাৰৰ আয়োজন কৰিছে
Posted On:
09 SEP 2020 5:29PM by PIB Guwahati
শিক্ষক পৰ্ব উদ্যোগৰ অধীনত আজি শিক্ষা মন্ত্ৰালয়ে অন্তৰ্ভুক্তিমূলক শিক্ষা আৰু ন্যায়সংগত শিক্ষা বিষয়ত এক ৱেবিনাৰৰ আয়োজন কৰে। অনুষ্ঠানত বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব শ্ৰীমতী অনিতা কাৰৱাল, যুটীয়া সচিব শ্ৰী সন্তোষ কুমাৰ যাদৱ, যুটীয়া সচিব শ্ৰী মনীষ গাৰ্গ, যুটীয়া সচিব শ্ৰী বিপিন কুমাৰ, এনচিআৰটিৰ সঞ্চালক অধ্যাপক ঋষিকেশ সেনাপতি উপস্থিত আছিল। অধ্যাপক অনিতা ঝুলকা, এনচিআৰটি, অধ্যাপক স্মৃতি স্বৰূপ, এনচিআৰটি, অধ্যাপক অনুপম আহুজা, এনচিআৰটি, অধ্যাপক স্মৃতি স্বৰূপ, এনচিআৰটি, অধ্যাপক ভিম্মি সিং, এনচিআৰটি আৰু হায়দৰাবাদৰ দ্য ইংলিছ এণ্ড ফৰেইন লেংগুৱেজেজ ইউনিভাৰ্ছিটীৰ উপাচাৰ্য অধ্যাপক ই সুৰেশকে ধৰি উচ্চ শিক্ষাৰ কেইবাজনো বিশেষজ্ঞই অন্তৰ্ভুক্তিমূলক শিক্ষা আৰু ন্যায়সংগত শিক্ষা বিষয়ত বিস্তৃত বাখ্যা আগবঢ়ায়।
ৱেবিনাৰত এনচিইআৰটিৰ বিশেষজ্ঞসকলে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ সন্দৰ্ভত বাখ্যা আগবঢ়ায়, য’ত বিশেষ প্ৰয়োজন হোৱা শিশুসকলৰ শিক্ষা যেনে ছোৱালী, অনুসূচীত জাতি সম্প্ৰদায়ৰ শিশুসকল, আদিবাসী সম্প্ৰদায়ৰ শিশুসকল আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ শিশুসকলৰ শিক্ষাক বুজোৱা হৈছে।
ইয়াৰউপৰি কোৱা হয় যে এই নীতিয়ে নিম্নলিখিত ক্ষেত্ৰসমূহত জোৰ দিয়ে যেনে স্কুলৰ পূৰ্বৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ওচৰৰ স্কুলত বিশেষ আৱশ্যকতাৰ প্ৰয়োজন হোৱা শিশুসকলক চামিল কৰা, স্কুল আৰু স্কুল পৰিসৰৰ বাবে বিশেষ বিত্তীয় সাহায্যৰ সৈতে গুৰুতৰ আৰু একাধিক বিকলাংগ শিশুৰ বাবে সংসাধন কেন্দ্ৰ স্থাপন কৰা, বাধামুক্ত লাভ, সহায়ক উপকৰণ যেনে শিক্ষাৰ্থীৰ বাবে উপযুক্ত আৰু শিকাৰুসকলৰ বাবে বিশেষ সহায়কাৰী সঁজুলি, ব্ৰেইলী কিতাপ আৰু বৃহত্ ছপা কিতাপ ইত্যাদি। গৃহ-আধাৰিত শিক্ষা আৰু বিস্তৃত শিক্ষণ সামগ্ৰীৰ ব্যাপক প্ৰচাৰ, চিনাক্তকৰণ আৰু মূল্যাংকনৰ সৈতে এনজিঅ’ৰ সৈতে সহযোগ, হস্তক্ষেপকাৰীসকলৰ বাবে অপেন স্কুল, শ্ৰৱণ শক্তিহীন শিশুসকলৰ বাবে অপেন স্কুলিং, স্কুল পৰিসৰ পৰ্যায়ত বিশেষ শিক্ষকৰ নিযুক্তি আৰু ক্ৰছ-বিকলাংগতা প্ৰশিক্ষণ সম্বোধন কৰাৰ বাবে ভিঅ’ৰ সৈতে সহযোগ। চিডব্লিউএছএনসহ সকলো শিক্ষাৰ্থীৰ শৈক্ষিক আৱশ্যকতা, গৃহ আধাৰিত শিক্ষা কাৰ্যক্ৰম, মাধ্যমিক স্তৰত প্ৰতিভাশালী আৰু মেধাৱী চিডব্লিউএছএনৰ বাবে ছাত্ৰ বৃত্তি।
ৱেবিনাৰত দ্য ইণ্ডিয়ান ছাইন লেংগুৱেজৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, যি মলতঃ দক্ষিণ এছিয়াৰ দেশসমূহত ব্যৱহৃত হয়। দ্য ইণ্ডিয়ান ছাইন লেংগুৱেজত এনে অনেক বৈশিষ্ট আছে যিয়ে ইয়াক অন্যান্য ছাইন ভাষাৰ পৰা পৃথক কৰে। নম্বৰ চিহ্ন, পাৰিবাৰিক সম্পৰ্ক, স্থানৰ ব্যৱহাৰ ইত্যাদিসমূহ দ্য ইণ্ডিয়ান ছাইন লেংগুৱেজৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট।ইয়াৰ উপৰি দ্য ইণ্ডিয়ান ছাইন লেংগুৱেজৰ অস্থায়ী ইনফ্লেকচন নাই।
এনচিআৰটিয়ে ইউনিভাৰ্ছেল ডিজাইনিং ফৰ লাৰ্ণিংঙৰ ওপৰতো ব্যক্ত কৰে যিয়ে সাধাৰণ শিক্ষা আৰু বিশেষ শিক্ষাৰ শিক্ষাৰ্থীৰ সমন্বিত শিক্ষাৰ বাবে শ্ৰেণীকক্ষত ব্যৱহাৰ কৰিব পাৰি, সাধাৰণ শিক্ষাৰ শিক্ষাৰ্থীসকলক শিকাৰ একাধিক উপায় আহৰণৰ অনুমতি দিয়ে আৰু বিশেষত শিক্ষাৰ্থীসকলৰ বাবে অধিকৰ পৰা অধিক বোধ সৃষ্টি কৰে।
*******
MC/AKJ/AK/KG
(Release ID: 1652908)
Visitor Counter : 183