গৃহ মন্ত্ৰালয়

পথৰ হকাৰসকলৰ সুবিধাৰ্থে মোদী চৰকাৰৰ দ্বাৰা আগবঢ়োৱা ‘প্ৰধানমন্ত্ৰী স্বনিধি’ প্ৰকল্পৰ প্ৰশংসা কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

“ভাৰতৰ উন্নয়ণৰ ভেটি প্ৰতিগৰাকী নাগৰিকৰ উন্নয়নৰ ওপৰত প্ৰতিষ্ঠিত আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰেই সবলীকৰণৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰতিজ্ঞাবদ্ধ“

পদপথৰ ব্যৱসায়ীসকলক সবলীকৰণৰ উদ্দেশ্যেৰে আৰম্ভ কৰা “প্ৰধানমন্ত্ৰী-SVANidhi আঁচনি’খন হৈছে প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শিতা আৰু সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ কল্যাণৰ প্ৰতি থকা তেওঁলোকৰ স্পৰ্শকাতৰতাৰ ফলাফল”

“প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি হৈছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী চিন্তা আৰু দৰিদ্ৰ লোকৰ কল্যাণাৰ্থে তেখেতৰ প্ৰতিজ্ঞাবদ্ধতাৰ ফলস্বৰূপ”

“প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিখনে ক্ষুদ্ৰ ব্যৱসায়ৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা আনি দিছে আৰু এক নতুন ভাৰত গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে’।”

Posted On: 09 SEP 2020 4:01PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে পদপথৰ হকাৰসকলৰ সুবিধাৰ্থে মোদী চৰকাৰ পৰিচালিত ‘প্ৰধানমন্ত্ৰী স্বনিধি’ আঁচনিৰ উচ্চ প্ৰসংশা কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ পদপথৰ হকাৰসকলৰ সৈতে ‘স্বনিধি সংবাদ’-ৰ এক অনুষ্ঠান মত বিনিময় কৰে।

 

শ্ৰী শ্বাহে আজি একাধিক টুইটযোগে কয়, ‘ভাৰতৰ উন্নয়ন দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বিকাশৰ ওপৰত নিৰ্ভৰশীল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজৰ সকলো শ্ৰেণীৰ লোকৰে সবলীকৰণত প্ৰতিশ্ৰুতিবদ্ধ। পদপথৰ হকাৰসকলৰ সবলীকৰণৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি হৈছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী চিন্তা আৰু দৰিদ্ৰ লোকৰ কল্যাণাৰ্থে তেখেতৰ প্ৰতিজ্ঞাবদ্ধতাৰ ফলস্বৰূপ’।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে লগতে কয়, ‘প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিখন ক’ভিড-১৯ ৰ এই দুঃসময়ত জীৱন-জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত কোটি কোটি দৰিদ্ৰ লোকৰ উপকাৰ সাধন কৰিছে। এই গুৰুত্বপূৰ্ণ কল্যাণ আঁচনিৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা জনাই শ্ৰী শ্বাহে কয়, ‘প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিখনে ক্ষুদ্ৰ ব্যৱসায়ৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা আনি দিছে আৰু এক নতুন ভাৰত গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে’।

 

প্ৰধানমন্ত্ৰীয়ে ক’ভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত পদপথৰ হকাৰসকলক সাহায্য প্ৰদানৰ বাবে পহিলা জুনতে এই ‘প্ৰধানমন্ত্ৰী স্বনিধি’ আঁচনি আৰম্ভ কৰিছিল। এই প্ৰকল্পৰ মূল লক্ষ্যই হ’ল ৫০ লাখতকৈও অধিক পদপথৰ হকাৰসকলক সুবিধা প্ৰদান কৰা। এই প্ৰকল্পৰ অধীনত পদপথৰ হকাৰসকলে কামৰ বাবে ১০,০০০ হাজাৰ টকা পৰ্যন্ত মূলধনী ঋণ গ্ৰহণ কৰিব পাৰিব। এই ঋণ তেওঁলোকে ১ বছৰ সময়সীমাৰ ভিতৰত কিস্তিত পৰিশোধ কৰিব পাৰিব। সময়ৰ পূৰ্বে বা সময় মতে এই ঋণ পৰিশোধ কৰিলে তেওঁ বাৰ্ষিক ৭ শতাংশ হাৰত ৰাজসাহায্য লাভ কৰিব। এই ৰাজসাহায্যৰ অৰ্থ হৈছে প্ৰত্যক্ষভাৱে সেই ধন তেওঁলোকৰ বেংক একাউণ্টত জমা কৰি দিয়া হ’ব। সময়ৰ পূৰ্বেই ঋণ পৰিশোধ কৰিলে তাৰ বাবে কোনোধৰণৰ জৰিমনাও আদায় লোৱা নহ’ব। এই প্ৰকল্পত ডিজিটেল লেনদেনত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। এইক্ষেত্ৰত তেওঁলোকে মাহেকীয়া উৎসাহ ভাট্টা হিচাপে ১০০ টকাকৈ ওভতাই পাব। ইয়াৰ উপৰিও পদপথৰ হকাৰসকলে সময় মতে দ্ৰুত ঋণ পৰিশোধ কৰিব পাৰিলে, ঋণৰ পৰিমাণ তথা সীমা বৃদ্ধিৰ দৰে সুবিধাও গ্ৰহণ কৰিব পাৰিব। এনে পৰিস্থিতিত তেওঁলোকে আৰ্থিক দিশৰ পৰাও সুবিধা লাভ কৰিব আৰু তেওঁলোকৰ স্বপ্ন পূৰণ হ’ব।

 

 

भारत का विकास उसके हर नागरिक के विकास में समाहित है और @narendramodi जी हर वर्ग के सशक्तिकरण के लिए कटिबद्ध हैं।

स्ट्रीट वेंडर्स को सशक्त बनाने के लिए ‘PM SVANidhi’ योजना मोदी जी की दूरदर्शी सोच और गरीब वर्ग के कल्याण के प्रति उनकी संवेदनशीलता का प्रमाण है।#AatmaNirbharVendor pic.twitter.com/AMiyWz4SGw

— Amit Shah (@AmitShah) September 9, 2020

PM SVANidhi कोरोना के समय करोड़ों गरीबों की सहायता कर उन्हें आजीविका से पुन: जोड़ने का काम कर रही है। यह छोटे व्यवसायों को आत्मनिर्भर बनाने व नये भारत की दिशा में एक अहम भूमिका निभा रही है। इस कल्याणकारी योजना के लिए @narendramodi जी का आभार व्यक्त करता हूँ। #AatmaNirbharVendor pic.twitter.com/xxY53ld1Mk

— Amit Shah (@AmitShah) September 9, 2020


(Release ID: 1652897) Visitor Counter : 155