সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
শ্ৰী থাৱৰচন্দ গেহলোটে ভাৰ্চুৱেল পদ্ধতিৰে উদ্বোধন কৰিলে এলিমক'ৰ আৰ এণ্ড ডি ভৱন
Posted On:
09 SEP 2020 4:24PM by PIB Guwahati
কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী শ্ৰী থাৱৰচন্দ গেহলোটে ডিইপিডব্লিউডিৰ অধীনত আৰ্টিফিচিয়েল লিম্ব্ছ মেনুফেকচাৰিং কৰ্প'ৰেচন অফ ইণ্ডিয়া (এলিমক'), কানপুৰৰ গৱেষণা আৰু উন্নয়ন (আৰ এণ্ড ডি) ভৱনটো আজি ভাৰ্চুৱেল পদ্ধতিত উদ্বোধন কৰে। অনলাইনত কানপুৰ (উঃ প্ৰঃ)ৰ জনপ্ৰতিনিধি, শ্ৰীমতী শকুন্তলা ডি গামলিন, ডিইপিডব্লিউডিৰ সচিব আৰু জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে।
এই উপলক্ষে ভাষণ দি শ্ৰী গেহলোটে কয় যে গৱেষণা আৰু উন্নয়ন ভৱনত থকা সুবিধাৱলীয়ে এলিমক'ৰ বৰ্তমানৰ উৎপাদনৰাজিক অধিক উন্নত কৰাত সহায় কৰাৰ লগতে আই আই টি কানপুৰৰ দৰে সন্মানীয় প্ৰতিষ্ঠানৰ সহযোগত নতুন সহায়কাৰী যন্ত্ৰপাতি উৎপাদনত সক্ষমতা বৃদ্ধি কৰিব। ই আমাৰ দেশৰ 'দিব্যাংগজন' আৰু 'জ্যেষ্ঠ নাগৰিক'ক সহায় কৰাৰ ক্ষেত্ৰত উপযোগী হ'ব।
আৰ এণ্ড ডি ভৱনটো মুঠ ১৮৫৬ বৰ্গমিটাৰ এলেকা সামৰি চাৰি মহলীয়াকৈ নিৰ্মাণ কৰা হৈছে। তলৰ মহলাত স্পেকট্ৰমিটাৰ, ইউনিভাৰচেল টেষ্টিং মেচিন ইত্যাদিৰ দৰে বিভিন্ন ধৰণৰ উচ্চ মানসম্পন্ন যন্ত্ৰপাতিৰ জৰিয়তে মানদণ্ড ধৰি ৰখাৰ জৰিয়তে বিভিন্ন ধৰণৰ পৰীক্ষা আৰু আৰ্হি প্ৰস্তুতৰ ব্যৱস্থা কৰা হৈছে। তলৰ মহলাৰ মুঠ এলেকা হৈছে ৪৮১.৭৫ বৰ্গমিটাৰ। প্ৰথম মহলাত মান নিয়ন্ত্ৰণৰ কাৰ্যালয় আৰু গৱেষণাগাৰ আছে। দ্বিতীয় মহলাত আৰ্হি প্ৰস্তুত কৰণ আৰু উন্নয়নৰ কাৰ্যালয় আৰু গৱেষণাগাৰ আছে। তলৰ মহলাৰ মুঠ এলেকা হৈছে ৪৪৬.৩৭ বৰ্গমিটাৰ আৰু ইয়াত সম্পূৰ্ণ পৰ্যায়ৰ বিটিই এছেম্বলী, পৰীক্ষা আৰু ইয়াৰ ভঁৰাল আছে। এই মহলাৰ বিশেষত্ব হৈছে ই এছ ডি (ইলেক্ট্ৰ ষ্টেটিক ডিছচাৰ্জ) ফ্লৰিং, য'ত মানুহৰ শৰীৰত সৃষ্ট চাৰ্জ মাটিত সমাহিত হ'ব। সেয়ে বি টি ইৰ সমৃদ্ধিশালী বৈদ্যুতিন অংশবিলাক সমন্বিত কৰণৰ সময়ত সুৰক্ষিত হৈ থাকিব। সম্পূৰ্ণ ভৱনটোৰ নিৰ্মাণ পি ডব্লিউ ডিৰ বিবেচনাৰ অধীনত আৰু পৰিৱেশৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছে, ইয়াত বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা আছে।
******
(Release ID: 1652870)
Visitor Counter : 128