পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়

বহু অনাকাংক্ষিত পৰিস্থিতিৰ পিচতো ঔদ্যোগিক কৰ্মকাণ্ডৰ সমান্তৰালকৈ পৰিচ্ছন্ন বায়ুমণ্ডল, নীলা আকাশৰ সৈতে এখন সেউজীয়া পৃথিৱী গঢ়ি তোলাটো নিতান্তই সম্ভৱ : শ্ৰী প্ৰকাশ জাৱড়েকাৰ

আগন্তুক দহটা বছৰত ভাৰতে কাৰ্বন নিৰ্গমণৰ হাৰ ৩৫শতাংশ কমোৱাৰ লক্ষ্যত উপনীত হ’ব পাৰিবগৈ বুলি দৃঢ়তা প্ৰকাশ কৰিছে শ্ৰী জাৱড়েকাৰে

প্ৰকৃতিৰ ৰোষে সৃষ্টি কৰা সংকটৰ পৰা মানৱজাতিক কেৱল প্ৰবহণক্ষমতাইহে ৰক্ষা কৰিব পাৰিব বুলি অভিমত প্ৰকাশ কৰিছে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰীয়ে

‘আত্মনিৰ্ভৰ মানে আঁতৰি অহাটোক নুবুজাই, বৰং ই পৃথিৱীৰে অধিক হাৰত সংযুক্ত হোৱাটোকহে বুজায়’

পোষ্ট কৰা হৈছে: 09 SEP 2020 4:44PM by PIB Guwahati

বায়ুমণ্ডলত কাৰ্বনৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে ভাৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য দোহাৰিছে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাৱড়েকাৰে। নতুন দিল্লীত অনুষ্ঠিত পঞ্চদশ বহণক্ষমতা সম্পৰ্কীয় শীৰ্ষ সন্মিলনত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে এই অভিমত দোহাৰে। মন্ত্ৰীগৰাকীয়ে আজি বহণক্ষমতা আৰু আত্মনিৰ্ভৰ ভাৰতৰ বাবে কৰ্ম পৰিকল্পনা সন্দৰ্ভত অনুষ্ঠিত বিশেষ অধিৱেশনত ভাষণ প্ৰদান কৰিছিল। ভাষণ প্ৰসংগত তেওঁ, আগন্তুক দহটা বছৰত ভাৰতে কাৰ্বন নিৰ্গমণৰ হাৰ ৩৫শতাংশ কমোৱাৰ লক্ষ্যত উপনীত হব পাৰিবগৈ বুলি দৃঢ়তা প্ৰকাশ কৰে। ইতিমধ্যে দেশৰ সৌৰ শক্তি উত্পাদনৰ সামৰ্থ্য দ্ৰুত গতিৰে বৃদ্ধি পাইছে বুলি উল্লেখ কৰি তেওঁ ৬৮খন দেশে আন্তঃৰাষ্ট্ৰীয় সৌৰ শক্তি মৰ্চা চুক্তিত স্বাক্ষৰ দান কৰিছে বুলি তথ্য দাঙি ধৰে।

ইফালে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰা আত্ম নিৰ্ভৰ ভাৰত কাৰ্যক্ৰম সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয়, আত্মনিৰ্ভৰ হোৱা মানে কিন্তু সকলোৰে পৰা আঁতৰি অহাটোক নুবুজাই, বৰং ই পৃথিৱীৰে অধিক হাৰত সংযুক্ত হোৱাটোকহে বুজায়। ইয়াৰ বাবে উদ্ভাৱন আৰু গৱেষণাই মূল বুলিও তেওঁ উল্লেখ কৰে।

ভিড-১৯-উত্তৰ পৰিস্থিতিত ঔদ্যোগিক কৰ্মকাণ্ডৰ সমানে সমানে পৰিচ্ছন্ন বায়ুমণ্ডল, নীলা আকাশৰ সৈতে এখন সেউজীয়া পৃথিৱী গঢ়ি তোলাটো নিতান্তই সম্ভৱ বুলি অভিমত ব্যক্ত কৰে শ্ৰী প্ৰকাশ জাৱড়েকাৰ। প্ৰসংগক্ৰমে তেওঁ কয়, পৃথিৱীৰ মাত্ৰ ২.৫শতাংশ ভূমিভাগৰে গঠিত ভাৰতত ৪শতাংশ নিৰ্মল জলৰ ভাণ্ডাৰ আৰু ২০শতাংশ জনসংখ্যাৰ লগতে আজিৰ তাৰিখতো ৮শতাংশ পৰিমাণৰ জৈৱবৈচিত্ৰ্যই বিৰাজ কৰি আছে ভাৰতীয় সংস্কৃতিৰ সুবাদত। গছ-বন-তৰু-লতা আমাৰ জীৱনৰ অংগ বুলিও তেওঁ দোহাৰে।

প্ৰকৃতিৰ ৰোষে সৃষ্টি কৰা সংকটৰ পৰা মানৱজাতিক কেৱল প্ৰবহণক্ষমতাইহে ৰক্ষা কৰিব পাৰিব বুলি অভিমত প্ৰকাশ কৰিছে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰীয়ে

অনুষ্ঠানত এখন আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে প্ৰয়োজনীয়তা সন্দৰ্ভত বক্তব্য প্ৰদান কৰে পৰামৰ্শদাতা পৰিষদৰ অধ্যক্ষ তথা চিআইআই-আইটিচি চেণ্টাৰ অব এক্সেলেন্স ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট আৰু আইটিচি লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক শ্ৰী সঞ্জীৱ পুৰী আৰু চিআইআই-ৰ সঞ্চালক প্ৰধান শ্ৰী চন্দ্ৰজিত্ বেনাৰ্জীয়ে।

 

***

GK/KB


(ৰিলিজ আই ডি : 1652819) অতিথি কক্ষ : 168