বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

এক সামূহিক মনোভাৱেৰে স্বচ্ছ শক্তি মিচনৰ দিশত ভাৰতে কাম কৰি আছেঃ শ্ৰী পীয়ুষ গোৱেল

আশা কৰা হৈছে এনেকুৱা দিন আহিব, যেতিয়া নবীকৰণ শক্তিৰ উৎসৰ বাবে সমগ্ৰ বিশ্বৰ বিদ্যুৎ প্ৰায় বিনামূলীয়া হৈ পৰিব

Posted On: 09 SEP 2020 9:58AM by PIB Guwahati

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ তথা ৰে’ল মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে ভাৰতে এক সামূহিক মনোভাৱে স্বচ্ছ শক্তি মিচনৰ দিশত কাম কৰি আছে৷ আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী(আইএছএ)ৰ দ্বাৰা আয়োজিত প্ৰথম বিশ্ব আৰু সৌৰ প্ৰযুক্তি সন্মিলনৰ সামৰণি অধিৱেশনত আগবঢোৱা ভাষণত গোৱেলে কয় যে সৌৰ শক্তিৰ ক্ষেত্ৰত ভাৰত আটাইতকৈ ভাল কথাটো হৈছে আমি এক সামূহিক মনোভাৱেৰে কাম কৰি আহিছো, বিভিন্ন বিভাগৰ দ্বাৰ পৃথকে কাম কৰাৰ স্থিতাৱস্থাক অন্ত পেলাই থকা হৈছে আৰু ভৱিষ্যত প্ৰজন্মৰ স্বচ্ছ ভৱিষ্যতৰ বাবে আমি পৰস্পৰে সমৰ্থন আগবঢ়াইছো৷

গোৱেল কয় যে সৌৰ শক্তি আৰু নতুন প্ৰযুক্তিসমূহে নিশ্চিতভাৱে আমাৰ উন্নত ভৱিষ্যত গঢ় দিব আৰু স্বচ্ছ তথা উন্নত বাসোপযোগী স্থান হিচাপে গঢ় দিয়াত শক্তি প্ৰদান কৰিব৷ তেওঁ কয় যে শক্তিৰ সৰ শুদ্ধতাৰ বাহিৰে আমাৰ হাতত কোনো দ্বিতীয় বিকল্প নাই আৰু আমি এইটো সুনিশ্চিত কৰিব লাগিব যে আমি ইয়াক সম্পূৰ্ণ কৰাত সহযোগিতা আগবঢ়াম আৰু আমাৰ সন্তানসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিম৷ 

মন্ত্ৰীগৰাকীকে গেছ আধাৰিত অৰ্থনীতি আৰম্ভ কৰাৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰে৷ তেওঁ কয় যে এই গুৰুত্বপূৰ্ণ সাল-সলনি আৰু ৰূপান্তৰশীল আঁচনিয়ে দেশৰ জীৱাশ্ম ইন্ধনৰ নবীকৰণযোগ্য শক্তিৰ সৰ দিশে অগ্ৰসৰ হোৱাত সহায় কৰিব৷

মন্ত্ৰী গোৱেলে আশা প্ৰকাশ কৰে যে এদিন সমগ্ৰ বিশ্বত বিদ্যু প্ৰায় বিনামূলীয়া হৈ পৰিব৷ তেওঁ কয় যে ভাৰতে অকলেই ৭৪৫ গিগাৱাট সৌৰ শক্তি উপাদন ক্ষমতাৰ দিশত পৰিকল্পনা কৰি ইয়াৰ দ্বাৰা দেশৰ লগতে বিশ্বতো বিদ্যু যোগানৰ চিন্তা-চৰ্চা কৰিছে৷ তেওঁ বিশ্বজুৰি এক গ্ৰিডৰ কল্পনা কৰে৷ তেওঁ মহাসাগৰৰ তলেদি যোৱা পৰিবহণ লাইনৰ জৰিয়তে সমগ্ৰ বিশ্বত এক গ্ৰিডৰ কল্পনা কৰে৷ তেওঁ  লগতে কয় যে সূৰ্য সদায় বিশ্বৰ যিকোনো এটা স্থানত ওলায়, বতাহে সদায় যিকোনো স্থানত শক্তিৰ ৰূপত নিজৰ উপযোগিতা পুৰণ কৰে আৰু পানী বিশ্বৰ বিভিন্ন স্থানত শক্তি হিচাপে ধৰা দিছে৷

আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীত শতাধিক দেশে সহযোগিতা আগবঢ়োৱাৰ বাবে অভিনন্দন জনাই মন্ত্ৰী গোৱেলে সুৰযৰ অসীম শক্তিক আহৰণ কৰাত সকলোকে যোগদান কৰিবলৈ আহ্বান জনায়৷

 

*****

YB/AP/DB



(Release ID: 1652805) Visitor Counter : 98