বিত্ত মন্ত্ৰালয়

এছিয়ান ডেভেলাপমেণ্ট বেংক আৰু ভাৰত চৰকাৰে দিল্লী-মীৰাট আৰআৰটিএছ কৰিড’ৰৰ বাবে ৫০০ মিলিয়ন ডলাৰৰ ঋণত স্বাক্ষৰ কৰে

प्रविष्टि तिथि: 08 SEP 2020 4:01PM by PIB Guwahati

এছিয়ান ডেভেলাপমেণ্ট বেংক আৰু ভাৰত চৰকাৰে আজি দিল্লী-মীৰাট আৰআৰটিএছ কৰিডৰৰ বাবে ৫০০ মিলিয়ন ডলাৰৰ ঋণত স্বাক্ষৰ কৰেআধুনিক আৰু হাই-স্পীডৰ ৮২ কিলোমিটাৰ দিল্লী-মীৰাট ৰিজিঅনেল ৰেপিড ট্ৰান্সজিট ছিষ্টেম(আৰআৰটিএছ)কৰিডৰ নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হোৱা ১বিলিয়ন ডলাৰৰ এয়া হল প্ৰথমটো অংশ। এই কৰিডৰে আঞ্চলিক যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল(এনচিআৰ)ৰ গতিশীলতা বৃদ্ধি কৰিব।

ঋণৰ চুক্তিত স্বাক্ষৰ কৰাসকলৰ ভিতৰত আছেভাৰত চৰকাৰৰ তৰফৰ পৰা বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব শ্ৰী সমীৰ খাৰে, আৰু এডিবিৰ ইণ্ডিয়া ৰেচিডেণ্ট মিছনৰ দেশীয় অধ্যক্ষ কেনিচী য়োকোয়ামা।

প্ৰতি ঘণ্টাত ১৮০ কিলোমিটাৰ বেগেৰে প্ৰতি ৫-১০ মিনিটৰ মূৰে মূৰে চলিবলগীয়া উচ্চ প্ৰযুক্তিৰ এই কৰিডৰে দিল্লীৰ ছাৰাই কালে খান আৰু উত্তৰ প্ৰদেশৰ মীৰাটক সংযুক্ত কৰিব। ইয়াৰ ফলত যাত্ৰা সময় ১ঘণ্টালৈ হ্ৰাস পাব। বৰ্তমান এই দুই স্থানৰ মাজৰ ভ্ৰমণ সময় প্ৰায় ৩-৪ঘণ্টা।

এছিয়ান ডেভেলাপমেণ্ট বেংকে এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সমৃদ্ধি আৰু শান্তিৰ বাবে কাম কৰিবলৈ সংকল্পবদ্ধ। ১৯৬৬ চনত স্থাপিত বেংকটোৰ সদস্যৰ সংখ্যা হল৬৮।

******

RM/KMN/MS


(रिलीज़ आईडी: 1652541) आगंतुक पटल : 161
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi