শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

নয়দাৰ ইএছআইচি চিকিৎসালয় আৰু ডিছপেনছেৰীৰ উপযুক্ত সেৱা নোপোৱাৰ অভিযোগৰ সন্দৰ্ভত ইএছআইচিৰ স্পষ্টীকৰণ

ইএছআইচিৰ চিকিৎসক আৰু চিকিসাকৰ্মীসকলে সুচাৰুৰূপে কৰ্তব্য সম্পাদন কৰিছে

এপ্ৰিল, ২০২০ৰ পৰা বৰ্তমানলৈকে নয়দা ইএছআইচি হাস্পতালত প্ৰায় ৬৮,০০০ ৰোগীৰ চিকিৎসা হৈছে

এই সময়ছোৱাত ছেক্টৰ-১২, ছেক্টি-৫৭, এনইপিজেদ আৰু গ্ৰেটাৰ নয়দাত থকা চাৰিওখন ডিছপেনছেৰীত ১লাখতকৈ অধিক আইপি আৰু ইয়াৰ হিতাধিকাৰীৰ চিকিৎসা হৈছে

Posted On: 08 SEP 2020 1:31PM by PIB Guwahati

নয়দাৰ ইএছআইচি চিকিসালয় আৰু ডিছপেনছেৰীত ইএছআইৰ আইপি আৰু ইয়াৰ হিতাধিকাৰীসকলে উপযুক্ত সেৱা নোপোৱা বুলি একাংশ বাতৰি কাকতত প্ৰকাশিত বাতৰিৰ বিপৰীতে নয়দাৰ ইএছআইচি চিকিসালয়ে স্পষ্ট কৰি দিয়ে যে এই চিকিসালয়সমূহৰ হিতাধিকাৰীক সকলো ধৰণৰ চিকিসা সেৱাৰ আগবঢ়াই থকা হৈছে৷ কিয়নো চিকিসালয়ৰ প্ৰাসংগিক ডাটাৰ জৰিয়তে এইটো স্পষ্ট হৈছে যে ইএছআইচি চিকিসালয়সমূহে কভিড-১৯ মহামাৰীৰ সময়ছোৱাত ইএছআইচিৰ চিকিসক আৰু চিকিসাকৰ্মীসকলে উল্লেখযোগ্য কাম কৰিছে৷

চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা বৰ্তমানলৈকে নয়দা ইএছআইচি হাস্পতালত প্ৰায় ৬৮,০০০ ৰোগীৰ চিকিসা হৈছে৷ তদুপৰি, এই সময়ছোৱাত ছেক্টৰ-১২, ছেক্টি-৫৭, এনইপিজেদ আৰু গ্ৰেটাৰ নয়দাত থকা চাৰিওখন ডিছপেনছেৰীত ১লাখতকৈ অধিক আইপি আৰু ইয়াৰ হিতাধিকাৰীৰ চিকিসা সম্পন্ন কৰা হৈছে৷

ইএছআইচিয়ে জুন, ২০২০ৰ পৰা ক’ভিড-১৯ ৰোগীৰ চিকিসা আৰম্ভ কৰিছিল আৰু ইয়াৰ বাবে ১০০খন বিচনাৰ ব্যৱস্থা কৰিছে৷ ৰোগীসকলক নিজৰ ফাৰ্মাচীৰ পৰা ঔষধো যোগান ধৰিছে৷

ইএছআইচি নয়দাস্থিত ছাব-ৰিজিঅ’নেল অফিচে ক’ভিড মহামাৰীৰ জটিল সময়ত বীমাকৃত ব্যক্তিসকলক নগদ ধন যোগান ধৰিও সহায় কৰিছে৷ ২০২০ৰ এপ্ৰিলৰ পৰা নয়দা ইএছআইচিয়ে ২৫,৮২৯গৰাকী ৰোগীক ৮.৫ কোটি টকা নগদ ধন প্ৰদান কৰিছে৷

চৰকাৰী নিৰ্দেশনাৰ ভিত্তিত ইএছআইচি হাস্পতালসমূহে ক’ভিড-১৯ৰ ভয়াবহতাৰ বিৰুদ্ধে জড়িত হৈ পৰিছে৷ ইএছআই নিগমে আইপিৰ উপৰি সাধাৰণ ক’ভিড ৰোগীৰ চিকিসা সেৱা আগবঢ়াইছে৷ সমগ্ৰ ভাৰতত বৰ্তমানলৈকে ক’ভিডৰ নামত উচৰ্গিত ২৩খন ইএছআইচি চিকিসালয়ত প্ৰায় ২,৬০০ আইছ’লেচন বেড আৰু ১,৩৫০ কোৱাৰেণ্টাইন বেডৰ ব্যৱস্থা কৰিছে৷ তদুপৰি, আনবোৰ চিকিসালয়তো মুঠ ৩,৫৯৭খন আইছ’লেচন বেড আৰু ২১৩টা ভেণ্টিলেটৰসহ ৫৫৫খন আইচিইউ/এইডিইউ বেডৰ ব্যৱস্থা কৰিছে৷ ক’ভিডৰ এই ভয়াবহতাৰ মাজতো নিজৰ জীৱনক তুচ্চ জ্ঞান কৰি ইএছআইচিৰ চিকিসক আৰু চিকিসাকৰ্মীসকলে সুচাৰুৰূপে কৰ্তব্য সম্পাদন কৰিছে৷

ইএছআইচিয়ে সংবাদমাধ্যমৰ ভূমিকাক কেতিয়াও অস্বীকাৰ নকৰে আৰু এই জটিল ক্ষণত তেওঁলোকৰ সহযোগিতা আৰু সহনশীল হোৱাৰ বাবে অনুৰোধ জনায়৷

******

RCJ/IA/DB



(Release ID: 1652491) Visitor Counter : 131