বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

সৌৰ শক্তিৰ ক্ষেত্ৰত আগবাঢ়িবলৈ কৌশলগত সহযোগিতাৰ বুজাবুজিৰ চুক্তিত (MoU) স্বাক্ষৰ চিএছআইআৰ-চিএমইআৰআই, দুৰ্গাপুৰ আৰু এনআইএছই, গুৰুগ্ৰামৰ

সম্পদৰ একত্ৰীকৰণ আৰু ক্ষমতা নিৰ্মাণৰ সমতা স্থাপনেৰে সামৰ্থ্য, ক্ষমতা, দক্ষতা আৰু আন্তঃগাঁথনি বৃদ্ধি আৰু প্ৰসাৰৰ বাবে যুটীয়াভাৱে কাম কৰাৰ লক্ষ্য এই বুজাবুজিৰ চুক্তিৰে

“এই পদক্ষেপে ভাৰতৰ বিস্তৃত বৈদ্যুতীকৰণ প্ৰশস্ত কৰিব। তদুপৰি ই ৰাজহুৱা পুঁজিৰ সমান্তৰালভাৱে সম্পদৰ আদান-প্ৰদানো সন্তোষজনক কৰি তুলিব”—অধ্যাপক (ডঃ) হৰিশ হিৰানী

Posted On: 08 SEP 2020 10:59AM by PIB Guwahati

সমগ্ৰ ৰাষ্ট্ৰতে সৌৰ শক্তি খণ্ডত আগবাঢ়ি যাবলৈ ৭ ছেপ্টেম্বৰ, ২০২০ত ‘কৌশলগত সহযোগিতা’ৰ অনলাইন বুজাবুজিৰ চুক্তি (MoU)ত স্বাক্ষৰ কৰে চিএছআইআৰ-কেন্দ্ৰীয় যান্ত্ৰিক অভিযান্ত্ৰিক গৱেষণা প্ৰতিষ্ঠান (CMERI), দুৰ্গাপুৰ আৰু ৰাষ্ট্ৰীয় সৌৰ শক্তি প্ৰতিষ্ঠান (NISE), গুৰুগ্ৰামে। এই বুজাবুজিৰ চুক্তিখনত চিএছআইআৰ-চিএমইআৰআই, দুৰ্গাপুৰৰ সঞ্চালক অধ্যাপক (ডঃ) হৰিশ হিৰানী আৰু এনআইএছইৰ সঞ্চালক-প্ৰধান ডঃ অৰুণ কুমাৰ ত্ৰিপাঠীয়ে স্বাক্ষৰ কৰে।

 

 

১১.৫ কিল’ ৱাট পিক (kWp)ৰ বিশ্বৰ সৰ্ববৃহৎ সৌৰ বৃক্ষৰ বিস্ময়কৰ সফলতাৰ পাছত, চিএছআইআৰ-চিএমইআৰআই এ নৱীকৰণযোগ্য শক্তিৰ অংগীকাৰ শক্তিশালীকৰণৰ অৰ্থে প্ৰচেষ্টা অব্যাহত ৰাখিছে। চিএছআইআৰ-চিএমইআৰআই এ ভিন্ন ক্ষমতাৰ সৌৰ শিল্পকলাৰ ডিজাইন আৰু বিকাশ সাধনত অভিজ্ঞতা আহৰণ কৰিছে। স্থানীয়ভাৱে শক্তিৰ চাহিদা পূৰণৰপৰা আৰম্ভ কৰি জলসিঞ্চনৰ বাবে কৃষি খণ্ডৰ অগ্ৰগতি, সৌৰ শক্তিচালিত এগ্ৰ’ ডায়াৰ, বি-কেন্দ্ৰীত সৌৰ শীতল ভড়াল, কৃষিত ব্যৱহৃত যন্ত্ৰৰ বেটাৰীৰ চাৰ্জলৈকে বহু মাত্ৰিক ব্যৱহাৰ সম্ভৱপৰ হৈ উঠিছে। ইয়াৰোপৰি, ই ছ’লাৰ কনভাৰ্টাৰ আৰু কণ্ডিশ্যনিং ইউনিট তথা আইছ’লেটেড মিনিগ্ৰীডৰ ক্ষেত্ৰটো দক্ষতা প্ৰদৰ্শন কৰিছে। এই প্ৰতিষ্ঠানখনে সম্প্ৰতি সৌৰ শক্তি চালিত ৰন্ধন প্ৰণালীৰ বিকাশ সাধন কৰি আছে যিয়ে শক্তি নিৰ্ভৰ আৰু  কাৰ্বন-প্ৰশমিত ভাৰত গঢ়াত সহায় আগবঢ়াব তথা ভাৰতৰ গ্ৰাম্য খণ্ডৰ জীৱিকাৰ উন্নয়ন সাধন কৰিব।

ভাৰত চৰকাৰৰ নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ শ্ৰেষ্ঠ স্বতন্ত্ৰ কেন্দ্ৰ ৰাষ্ট্ৰীয় সৌৰ শক্তি প্ৰতিষ্ঠান (এনআইএছই)এ ছ’লাৰ পিভি/থাৰ্মেল আৰএণ্ডডি, টেষ্টিং, প্ৰদৰ্শনীমূলক প্ৰকল্প, দক্ষতা বিকাশ, কনচালটেঞ্চী, উদ্ভাৱন আৰু ইনকিউবেশ্যন ইত্যাদিত জড়িত হৈ আছে। ভিন্ন ছ’লাৰ পিভি/থাৰ্মেল গেডজেট টেষ্টিং আৰু চাৰ্টিফিকেশ্যনৰ বাবে এই প্ৰতিষ্ঠানটোৰ সৈতে উন্নত সা-সৰঞ্জাম আছে।

তলত উল্লেখিত উদ্দেশ্যসমূহত সফলতা লাভ কৰিবলৈ বুজাবুজিৰ চুক্তিখন কৰা হৈছেঃ

  • বিভিন্ন সৌৰ প্ৰকল্পৰ বাবে যুটীয়াভাৱে ক্ষেত্ৰ অধ্যয়ন কৰা।
  • বিষয়বস্তুৰ বিকাশ সাধনকে ধৰি সকলো পক্ষৰে দক্ষতা বিকাশ। এই কাৰ্যক্ৰমে সামৰি ল’ব গ্ৰীড-সংযোজিত ছ’লাৰ ৰুফটপ চিষ্টেম, ছ’লাৰ পাৱাৰ প্লান্ট (ইয়াৰ অ’এণ্ডএমকে ধৰি), ছ’লাৰ এনাৰ্জী চিষ্টেমৰ বিকেন্দ্ৰীকৰণ, উদ্যোগশীলতা বিকাশ আৰু নৱীকৰণযোগ্য শক্তি প্ৰকল্পসমূহৰ প্ৰযুক্তি-আৰ্থিক মূল্যায়ন।
  • গ্ৰীড সংহতকৰণ, ছ’লাৰ পেনেলৰ ৰিচাইকল আৰু ডিছপ’জেল, বেটাৰী ইত্যাদিৰে মোকাবিলা কৰিবলৈ নীতি নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰক গৱেষণা সম্পন্ন কৰা।
  • ভাৰতত গৱেষণা কৰ্ম সম্পন্ন কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষণা প্ৰতিষ্ঠানক সহযোগ কৰা।
  • সম্পদৰ একত্ৰীকৰণ আৰু ক্ষমতা নিৰ্মাণৰ সমতা স্থাপনেৰে সামৰ্থ্য, ক্ষমতা, দক্ষতা আৰু আন্তঃগাঁথনি বৃদ্ধি আৰু প্ৰসাৰৰ বাবে যুটীয়াভাৱে কাম কৰা।

 

 

এই উপলক্ষে চিএছআইআৰ-চিএমইআৰআই, দুৰ্গাপুৰৰ সঞ্চালক অধ্যাপক (ডঃ) হৰিশ হিৰানীয়ে কয় যে এই যুটীয়া প্ৰচেষ্টা আৰএণ্ডডি. ৰূপায়ণ, কনচালটেঞ্চী ছাৰ্ভিচ আৰু ছ’লাৰ পিভি চিষ্টেমৰ প্ৰোৎসাহন, মাইক্ৰ’ গ্ৰীড আৰম্ভ, শক্তি মজুত প্ৰণালী, পাৱাৰ কনভাৰ্টাৰ আৰু কণ্ডিশ্যনিং চিষ্টেম, ছ’লাৰ থাৰ্মেল এনাৰ্জী চিষ্টেম, ছ’লাৰ কুকিং আৰু ইলেকট্ৰিক ভেহিকল ইত্যাদি সম্পৰ্কীয় সমূহীয়া লক্ষ্য আৰু উদ্দেশ্যত উপনীত হোৱাৰ অৰ্থে ‘ৰাষ্ট্ৰীয় অখণ্ডতা’ৰে মোকাবিলা কৰাত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব। ভাৰতৰ বিস্তৃত বৈদ্যুতীকৰণৰ অৰ্থেও ই হ’ব এটা খোজ। তদুপৰি ই ৰাজহুৱা পুঁজিৰ সমান্তৰালভাৱে সম্পদৰ আদান-প্ৰদানো সন্তোষজনক কৰি তুলিব। এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰৰ জৰিয়তে এনআইএছই আৰু চিএছআইআৰ-চিএমইআৰআই ৰ মাজত সহযোগিতা আৰু সম্পদৰ আদান-প্ৰদানৰ উন্নয়ন সাধনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। যাৰ জৰিয়তে সম্পদৰ বাবে পৰৱৰ্তী মূলধন বিনিয়োগত  খেলি-মেলি দূৰেৰে ৰাষ্ট্ৰীয় সম্পদৰ ফলপ্ৰসূ ব্যৱহাৰৰ পথ প্ৰশস্ত হৈ পৰিব।

এই অনুষ্ঠানত এনআইএছই ৰ ডিজি ডঃ অৰুণ কুমাৰ ত্ৰিপাঠীয়ে ভাষণ প্ৰদান কৰি কয় যে বুজাবুজিৰ চুক্তিখনৰ জৰিয়তে দেশখনত সৌৰ শক্তিৰ সামগ্ৰিক প্ৰোৎসাহনৰ বাবে কাম কৰাৰ জৰিয়তে উভয় প্ৰতিষ্ঠানকে লাভান্বিত কৰিব। তেওঁ উল্লেখ কৰে যে এই বুজাবুজিৰ চুক্তিখনিয়ে জ্ঞানৰ বিনিময়, ক্ষমতা নিৰ্মাণ আৰু সৌৰ শক্তিৰ ক্ষেত্ৰখনত উমৈহতীয়া গৱেষণা প্ৰকল্পৰ বাট মুকলি কৰিব। সৌৰ শক্তিৰ ক্ষেত্ৰত আকস্মিক অগ্ৰগতিৰ বাবে চিএছআইআৰ-চিএমইআৰআই এ পালন কৰা ভূমিকাৰ শলাগ লয় আৰু ইয়াৰে জড়িত হৈ পাই সন্তোষ প্ৰকাশ কৰে।

*****



(Release ID: 1652336) Visitor Counter : 152