ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়
এইচআইএল(ইণ্ডিয়া) লিমিটেডে মেলেৰিয়া নিয়ন্ত্ৰণৰ বাবে জাম্বিয়ালৈ ১১৪.২ মেট্ৰিক টন ডিডিটি যোগান ধৰিছে
प्रविष्टि तिथि:
08 SEP 2020 12:48PM by PIB Guwahati
ৰসায়ন আৰুসাৰ মন্ত্ৰালয়ৰ অধীনষ্ঠ এক পিএছইউ এইচআইএল(ইণ্ডিয়া)লিমিটেডে মেলেৰিয়া নিয়ন্ত্ৰণৰ বাবে জাম্বিয়ালৈ ১১৪.২ মেট্ৰিক টন ডিডিটি যোগান ধৰিছে।
এইচআইএলৰ মুখ্য পৰিচালন সঞ্চালক শ্ৰী এছপি মোহান্তিয়ে কয় যে জাম্বিয়া স্বাস্থ্য মন্ত্ৰালয়ে বিচৰা ৩০৭ মেট্ৰিক টন ডিডিটিৰ ভিতৰত এয়া হ’ল অন্তিমটো বিতৰণ।এইচআইএল-এ শেহতীয়াকৈ দক্ষিণ আফ্ৰিকালৈও ২০.৬ মেট্ৰিক টনৰ ডিডিটি প্ৰেৰণ কৰিছে আৰু সম্প্ৰতি জিম্বাবৱে’ক ১২৯ মেট্ৰিক টন যোগান ধৰাৰ প্ৰস্তুতি চলি আছে।
এইচআইএল(ইণ্ডিয়া) হ’ল ডিডিটিৰ গোলকীয় বজাৰৰ একমাত্ৰ নিৰ্মাণকৰ্তা। মেলেৰিয়া নিয়ন্ত্ৰণৰ বাবে ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ক ডিডিটি যোগান ধৰিবলৈ কোম্পানীটো ১৯৫৪ চনত স্থাপন কৰা হৈছিল। ২০১৯-২০ত এই সামগ্ৰী দেশৰ ২০ৰাজ্যত যোগান ধৰা হৈছে। কোম্পানীটোৱে আফ্ৰিকাৰ কেইবাখনো দেশলৈও সামগ্ৰী প্ৰেৰণ কৰে।
*****
RCJ/RKM/MS
(रिलीज़ आईडी: 1652295)
आगंतुक पटल : 157