হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

কোচি মেট্ৰ’ ৰে’লৰ থাইকোডাম-পেট্টা খণ্ড উদ্বোধন

খণ্ডটোৰ ২৫.২ কিলোমিটাৰ পথ কাৰ্যক্ষম

শীঘ্ৰে ৰূপায়ণ হ’ব কোচি ৱাটাৰ মেট্ৰ’ প্ৰজেক্ট

Posted On: 07 SEP 2020 4:10PM by PIB Guwahati

কোচি মেট্ৰ’ ৰে’লৰ থাইকোডাম-পেট্টা খণ্ড উদ্বোধনেৰে প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰে গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হৰদীপ সিং পুৰীয়ে৷ শ্ৰী পুৰীয়ে কয় যে কোচি মেট্ৰ’ ৰে’লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱালৈকে ৬,২১৮কোটি টকা ব্যয় হৈছে৷ কেন্দ্ৰীয় চৰকাৰে দ্বিতীয় পৰ্যায়ৰ কামৰ বিষয়টো চিন্তা-চৰ্চা কৰি আছে আৰু সোনকালেই অনুমোদন জনাব৷ সোমবাৰে ভিডিঅ’ কনফাৰেন্সিংযোগে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰা আৰু কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে কোচি মেট্ৰ’ৰ ২৫.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ থাইকোডাম-পেট্ৰা খণ্ড উদ্বোধন কৰে৷

এই উপলক্ষে আগবঢ়োৱা ভাষণত পুৰীয়ে বিভিন্ন ৰাজ্যত পুনৰ আৰম্ভ হোৱা মেট্ৰ’ ৰে’লত ভ্ৰমণ কৰাৰ সময়ত দায়বদ্ধতাৰ লগতে ইতিমধ্যে জাৰি কৰা সাধাৰণ পৰিচালন পদ্ধতিসমূহ মানি চলিবলৈ আহ্বান জনায়৷ ইফালে, দিনৰ ১২.৩০ বজাত মুখ্যমন্ত্ৰী বিজয়নে ভাৰ্চুৱেল অনুষ্ঠানত পেট্টাৰ পৰা পতাকা জোকাৰি মেট্ৰ’ ৰে’লৰ শুভাৰম্ভ কৰে৷ ভাৰ্চুৱেল উদ্বোধনী অনুষ্ঠানত কেৰালাৰ মন্ত্ৰী, সাংসদ, মুখ্য সচিবৰ লগতে একাংশ জ্যেষ্ঠ বিষয়া উপস্থিত থাকে৷

ইফালে, জাৰ্মান বেংকৰ বিত্তীয় সাহায্য কেএমআৰএলে ৭৪৭ কোটি টকা ব্যয়েৰে কোচি ৱাটাৰ মেট্ৰ’ প্ৰজেক্টৰ কামো ৰূপায়ণ কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে৷ কোচি হৈছে দেশৰ প্ৰথমখন ৰাজ্য, য’ত জলপৰিবহণক ফিডাৰ সেৱাৰ সৈতে সংহত কৰি মেট্ৰ’ৰ ৰূপ দিয়া হৈছে৷ ইয়াৰ বেৰবোৰ মাছমৰীয়া সমূদায়ৰ নামত উচৰ্গা কৰা হৈছে, যিসকলে ২০১৮ বানপানীৰ সময়ত হাজাৰ হাজাৰ লোকৰ জীৱন ৰক্ষা কৰিছিল৷ উল্লেখ্য যে কেএমআৰএল হৈছে দেশৰ প্ৰথমটো সংস্থা, য’ত তৃতীয় লিংগক কাম-কাজ পৰিচালনাত নিযুক্তি দিয়া হৈছে৷

মেট্ৰ’ ৰে’ল সুৰক্ষা বিভাগৰ আয়ুক্তই পেট্ৰা মেট্ৰ’ ষ্টেচন ২০২০ৰ মে’ মাহতে আৰম্ভ কৰাৰ অনুমোদন জনাইছিল, যদিও ক’ভিড লকডাউনৰ বাবে বিলম্ব হয়৷

 

****

RJ/NG/DB



(Release ID: 1652188) Visitor Counter : 184