তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

সৰ্বোচ্চ ন্যায়ালয়ৰ আজ্ঞাবাহী তিনিজনীয়া সদস্যৰ কমিটি অন কন্টেন্ট ৰেগুলেশ্যন ইন গৰ্ভামেন্ট এডভাৰ্টাইজিং (CCRGA)ৰ ১৯ সংখ্যক বৈঠক (ভাৰ্চুৱেল) সম্পন্ন

Posted On: 07 SEP 2020 4:34PM by PIB Guwahati

সৰ্বোচ্চ ন্যায়ালয়ৰ আজ্ঞাবাহী কমিটি অন কন্টেন্ট ৰেগুলেশ্যন ইন গৰ্ভামেন্ট এডভাৰ্টাইজিং (CCRGA)ৰ ১৯ সংখ্যক বৈঠক ৪ ছেপ্টেম্বৰ, ২০২০ত অনুষ্ঠিত (ভাৰ্চুৱেলী) হৈ যায়।
ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী ওম প্ৰকাশ ৰাৱটৰ পৌৰহিত্যত অনুষ্ঠিত বৈঠকখনিত, আন দুগৰাকী সদস্য যথা, আইএএৰ ভূতপূৰ্ব সভাপতি তথা এছিয়ান ফেডাৰেশ্যন অৱ এডভাৰ্টাইজিং এছ’চিয়েশ্যনৰ শ্ৰী ৰমেশ নাৰায়ণ আৰু প্ৰসাৰ ভাৰতী পৰিষদৰ অংশ-কালীন সদস্য শ্ৰী অশোক কুমাৰ টেণ্ডন উপস্থিত থাকে।


মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি, ৰাজ্যসমূহে তেওঁলোকৰ সংশ্লিষ্ট কন্টেন্ট ৰেগুলেশ্যন অৱ গৰ্ভামেন্ট এডভাৰ্টাইজিঙৰ তিনিজনীয়া সমিতি গঠন বাধ্যতামূলক কৰা হয়। কৰ্ণাটক, গোৱা, মিজোৰাম আৰু নাগালেণ্ড ৰাজ্যই ইতিমধ্যে ৰাজ্যিক-পৰ্য়ায়ৰ তিনিজনীয়া সদস্যৰ সমিতি গঠন কৰিছে। চত্তীশগড়ৰ ৰাজ্য চৰকাৰখনে তেওঁলোকৰ চৰকাৰী বিজ্ঞাপনসমূহ পৰ্যবেক্ষণ কৰাৰ অৰ্থে কেন্দ্ৰীয় সমিতিখনলৈ সন্মতি আগবঢ়াইছে।


এই বৈঠকখনিত আন ৰাজ্যসমূহে তেওঁলোকৰ সংশ্লিষ্ট ৰাজ্যিক পৰ্যায়ৰ সমিতি গঠন কৰিবলৈ বাকী থকা কথাটোত উদ্বেগ প্ৰকাশ কৰা হয়। এই সন্দৰ্ভত কেন্দ্ৰীয় সমতিখনে কয় যে এই ৰাজ্যিক-পৰ্যায়ৰ সমিতিখন গঠনৰ ক্ষেত্ৰত কেতবোৰ ৰাজ্য চৰকাৰে কৰা বিলম্বক মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অবজ্ঞা কৰা বুলিও ধৰিব পাৰি।

 

সমিতিখনে এই বুলি উদ্বেগ প্ৰকাশ কৰে যে তেওঁলোকৰদ্বাৰা লাভ কৰা অভিযোগৰ ভিত্তিত জাৰি কৰা জাননীৰ বিপৰীতে একাংশ বিবাদী পক্ষই তেওঁলোকৰ প্ৰতিক্ৰিয়া জনোৱা নাই।

সাম্প্ৰতিক ক’ভিড ১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত সমিতিয়ে তেওঁলোকৰ জাননীৰ বিপৰীতে বিবাদী পক্ষক সঁহাৰি জনাবলৈ অতিৰিক্ত সময় প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সমিতিৰদ্বাৰা নিষ্পত্তি নোহোৱাকৈ থকা সকলোবোৰ অভিযোগৰ ক্ষেত্ৰতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
সমিতিয়ে তেওঁলোকৰ সিদ্ধান্ত অমান্য কৰাটোক গুৰুতৰ বিষয় হিচাপে বিবেচনা কৰে।

 

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ১৩ মে’, ২০১৫ৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি, ভাৰত চৰকাৰে ৬ এপ্ৰিল, ২০১৬ ত এখন তিনিজনীয়া সদস্যৰ কমিটি গঠন কৰিছিল। সদস্যসকল বাছনিৰ ভিত্তি আছিল “অদম্য নিৰপেক্ষ আৰু সমদৰ্শিতাসম্পন্ন লোক আৰু তেওঁলোকৰ সংশ্লিষ্ট ক্ষেত্ৰসমূহত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হওঁতা”। এই কমিটিখনৰ দায়িত্ব হৈছে সকলো সংবাদ মাধ্যমতে চৰকাৰী ধনৰ ব্যয়ৰে প্ৰকাশিত বিজ্ঞাপনসমূহৰ বিষয়বস্তু নিয়ন্ত্ৰণ কৰা। উচ্চতম ন্যায়ালয়ৰ নীতি-নিৰ্দেশনা উলংঘনৰ ক্ষেত্ৰত জনসাধাৰণৰ অভিযোগৰে এই কমিটিখনে মোকাবিলা কৰে আৰু এই সন্দৰ্ভত পৰামৰ্শ প্ৰদান কৰে। এই কমিটিখনে উচ্চতম ন্যায়ালয়ৰ নীতি-নিৰ্দেশনাৰ কোনোধৰণৰ উলংঘন/বিপথগামিতা সাপেক্ষে নিজাববীয়াকৈ গোচৰ ল’ব পাৰে আৰু সংশোধনী কাৰ্যৰ পৰামৰ্শ আগবঢ়াব পাৰে।

 

সমিতিখনক অভিযোগ দাখিলৰ বাবে ইয়াৰ ঠিকনা হৈছেঃ সদস্য সচিব, কমিটি অন কন্টেন্ট ৰেগুলেশ্যন ইন গৰ্ভামেন্ট এডভাৰ্টাইজিং (CCRGA), কোঠা নং: ৪৬৯, ৪ৰ্থ মহলা, সূচনা ভৱন, চি.জি.অ’. প্ৰাংগন, লুধি ৰোড, নতুন দিল্লী -১১০০০৩ (ফোন নং: 011-24367810, হোৱাটচএপ নং: +91 9599896993) বা ইমেইলঃ ms.ccrga[at]gmail[dot]com

*****

DO/SB/HKS/SB



(Release ID: 1652152) Visitor Counter : 208