মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

‘শিক্ষক দিৱস’ত ৪৭গৰাকী শিক্ষকলৈ ‘ভাৰ্ছুৱেল’ ব্যৱস্থাৰে ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিলে ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোৱিন্দে

ক’ভিডৰ সময়ত ডিজিটেল শিক্ষাৰ জৰিয়তে শিক্ষকসকলৰ ভূমিকাক প্ৰশংসা ভাৰতৰ ৰাষ্ট্ৰপতিৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে শিশুসকলৰ ভৱিষ্যৎ উপযোগী কৰি তুলিবঃ শ্ৰী ৰাম নাম কোৱিন্দ

শিক্ষকসকল হ’ল জাতিৰ প্রতিষ্ঠাতা, যিসকলৰ চৰিত্র, মানসিকতা আৰু প্রাণশক্তিয়ে দেশৰ ভাগ্য নির্ধাৰণ কৰেঃ কেন্দ্রীয় শিক্ষা মন্ত্রী

Posted On: 05 SEP 2020 2:57PM by PIB Guwahati

ৰাষ্ট্রপতি শ্রী ৰাম নাথ কোৱিন্দে আজি প্রথমবাৰলৈ ভাৰ্চুৱেল অনুষ্ঠানযোগে ৪৭গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক ৰাষ্ট্ৰীয় বঁটা প্রদান কৰে। বঁটা বিজয়ী শিক্ষক-শিক্ষিয়িত্ৰীসকলক অভিনন্দন জনাই ৰাষ্ট্রপতিগৰাকীয়ে কয় যে বিদ্যালয় শিক্ষা ব্যৱস্থাৰ উৎকর্ষ বৃদ্ধিত শিক্ষক সমাজে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। তেওঁ লগতে কয় যে এইবাৰৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী শিক্ষকসকলৰ ভিতৰত প্রায় ৪০ শতাংশই মহিলা আৰু শিক্ষা খণ্ডত তেওঁলোকৰ ভূমিকাৰ প্রশংসা কৰে। অনুষ্ঠানত কেন্দ্রীয় শিক্ষা মন্ত্রী শ্রী ৰমেশ পোখৰিয়াল নিশাংক’, ৰাজ্যিক শিক্ষামন্ত্ৰী সঞ্জয় ধোত্রে, বিদ্যালয় শিক্ষা আৰু স্বাক্ষৰতা বিভাগৰ সচিব শ্রীমতী অনিতা কাৰৱাল, উচ্চ শিক্ষা বিভাগৰ সচিব শ্রী অমিত খাৰেকে ধৰি কেইবাগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।

ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ প্রতি প্রণিপাত আৰু শ্রদ্ধা জনাই ৰাষ্ট্রপতি কোৱিন্দে কয় যে তেওঁ আছিল এগৰাকী দূৰদৰ্শী, বিচক্ষণ, কূটনীতিক আৰু অসাধাৰণ শিক্ষক। শিক্ষক দিৱস হিচাপে তেওঁৰ জন্মদিন উদযাপনৰ জৰিয়তে সমগ্র দেশে ড০ ৰাধাকৃষ্ণনৰ দেশৰ প্রতি সেৱাৰ কথা স্মৰণ কৰে। ছাত্র-ছাত্রীসকলৰ জীৱন আৰু চৰিত্র গঠনত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ আন্তৰিকতা আৰু অৱদানৰ স্বীকৃতিকো আজি শ্রদ্ধা জনোৱাৰ দিন।

ভিড মহামাৰীৰ সময় ডিজিটেল প্রযুক্তিৰ ওপৰত জোৰ দি ৰাষ্ট্রপতি কোৱিন্দে কয় যে শিক্ষক-শিক্ষয়িত্ৰীসকলে প্রযুক্তিৰ সহায়ত শিশুসকলক শিক্ষা প্ৰদান কৰি আহিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি প্রসংগত ৰাষ্ট্রপতি কোৱিন্দে কয় যে এই নীতিৰ উদ্দেশ্য হল শিশুসকলক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ উপযোগী কৰে তোলা। সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলোচনা কৰি এই নীতি প্রণয়ন কৰা হৈছে। সেয়েহে এই নীতিক সফল আৰু কার্যকৰী কৰি তোলাৰ গুৰু দায়িত্ব শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ওপৰ নিহিত আছে বুলিও তেওঁ উল্লেখ কৰে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিক কার্যকৰীভাৱে ৰূপায়ণৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলক দক্ষ কৰি তোলাৰ যাৱতীয় প্রয়াস গ্রহণ কৰা হৈছে বুলি সদৰি কৰি ৰাষ্ট্রপতিয়ে কয় যে কেবল দক্ষ শিক্ষক-শিক্ষয়িত্ৰীসকলেহে এই কাৰ্যসূচী ৰূপায়ণৰ বাবে বাছনি কৰা হব।

এই উপলক্ষে কেন্দ্রীয় শিক্ষা মন্ত্রী শ্রী ৰমেশ পোখৰিয়াল নিশাংকেঅংশগ্রহণকাৰীসকলৰ মাজত তেওঁৰ পৰিকল্পনাৰ কথা শ্বেয়াৰ কৰাৰ বাবে ৰাষ্ট্রপতি শ্রী কোৱিন্দৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰি কয় যে শিশুসকলৰ ভৱিষ্যৎ উজ্জ্বল কৰাৰ লক্ষ্যৰে তেওঁলোকৰ অৱদানৰ স্বীকৃতি-স্বৰূপে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ এই বঁটা আগবঢ়োৱা হয়।

তেওঁ লগতে কয় যে শিশুসকলৰ ভৱিষ্যৎ ৰূপৰেখা নির্ধাৰণৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলক সমাজৰ আটাইতকৈ শ্রদ্ধাৰ সদস্য হিচাপে বিবেচনা কৰা হয়। শিক্ষকসকল হল দেশৰ প্রকৃত নির্মাতা, যিসকলৰ চৰিত্র, মানসিকতা আৰু কর্মোদ্যমে জাতিৰ ভাগ্য নিৰ্ধাৰণ কৰে। এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীয়ে তেওঁলোকৰ সকলো মেধা আৰু প্রতিভাৰে ছাত্র-ছাত্রীসকলক সমৃদ্ধ কৰি তোলাৰ আহ্বান জনাই নিশাংকে কয় যে পৰিৱর্তনশীল সামাজিক চাহিদা সম্পর্কে প্রত্যেক শিক্ষক-শিক্ষয়িত্ৰী অৱগত হব লাগিব আৰু নিজৰ অভিজ্ঞতাক কামত লগাব লাগিব। সমগ্র শিক্ষণ প্রক্রিয়াত ৰাষ্ট্ৰীয় উন্নয়নেৰ উদ্দেশ্য পূৰণে সম্ভাব্য সকলো ধৰণৰ অৱদান আগবঢ়াব লাগিব।

ভিড-১৯ মহামাৰীৰ সময়ত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ভূমিকাৰ কথা উল্লেখ কৰি পোখৰিয়ালে কয় যে এই সংকটকালত তেওঁলোকে বিভিন্ন বাধা-বিঘিনিৰ সম্মুখীন হৈছে। তাৰ পাছতো বিকল্প শিক্ষণ পদ্ধতি অৱলম্বন কৰি তেওঁলোকে শিক্ষাদানৰ কামত ব্রতী থাকে। পৰম্পৰাগত শিক্ষা ব্যৱস্থাত পৰিৱর্তন হোৱাৰ ফলত বিকল্প শিক্ষা ব্যৱস্থাক তেওঁলোকে অতি সহজে আহৰণ কৰি লয়। সেইবাবে শিক্ষা ব্যৱস্থা আৰু শিক্ষণ কৰোনাৰ সময় অটুট আছে। তেওঁ কৰোনাৰ সময়ত অনলাইন শিক্ষাৰ ক্ষেত্রত দীক্ষা, স্বয়ম, স্বয়মপ্রভাকে ধৰি ডিজিটেল এপৰ কথাও উল্লেখ কৰে।

বঁটা বিজয়ী শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক

For more details of the Awardee Teachers, kindly click the link.

*****

MC/AKJ/AK/DB


(Release ID: 1651714) Visitor Counter : 165