সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়

৭ ছেপ্টেম্বৰ, ২০২০ত ২৪x৭ বিনামূলীয়া মানসিক স্বাস্থ্য পুনৰ সংস্থাপন হেল্পলাইন(১৮০০-৫৯৯-০০১৯) ‘কিৰণ’ৰ শুভাৰম্ভ কৰিব শ্ৰী থাৱৰ চান্দ গেহলটে

Posted On: 04 SEP 2020 6:01PM by PIB Guwahati

সামাজিক ন্যায় আৰু সবলীকৰণৰ মন্ত্ৰী শ্ৰী থাৱৰ চান্দ গেহলটে ৭ ছেপ্টেম্বৰ, ২০২০ সোমবাৰে মানসিক স্বাস্থ্য পুনৰ সংস্থাপনৰ ২৪x৭ বিনামূলীয়া হেল্পলাইন(১৮০০-৫৯৯-০০১৯) ‘কিৰণ’ৰ শুভাৰম্ভ কৰিব৷ এই হেল্পলাইন দিব্যাংগ ব্যক্তিৰ সবলীকৰণ বিভাগ, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে মানসিকভাৱে অসুস্থ ব্যক্তিসকলক সাহাৰ্য প্ৰদান কৰাৰ বাবে নিয়োজিত কৰা হ’ব৷ ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত দেশত ব্যাপক হাৰত মানসিক অসুস্থ লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ অনুষ্ঠানত দিব্যাংগ ব্যক্তিৰ সবলীকৰণ বিভাগৰ সচিব আৰু জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকিব৷

হেল্পলাইন শুভাৰম্ভণি অনুষ্ঠানৰ পোনপটীয়া ৱেবকাষ্ট এই লিংকত চাব পাৰিব https://webcast.gov.in/msje/

 

****



(Release ID: 1651503) Visitor Counter : 170