পোষ্ট কৰা হৈছে:
04 SEP 2020 4:00PM by PIB Guwahati
জাহাজ পৰিবহণ মন্ত্ৰালয়ে সকলো প্ৰধান বন্দৰসমূহক টাগ নাও ক্ৰয় কৰিবলৈ অথবা ভাড়ালৈ ল’বলৈ নিৰ্দেশ দিছে যি কেৱল ভাৰততহে নিৰ্মাণ হৈছে৷ মুখ্য বন্দৰসমূহৰ দ্বাৰা কৰা সকলো ক্ৰয় এতিয়া সংশোধিত ‘মেক ইন ইণ্ডিয়া’ৰ আদেশ অনুসৰি কৰাৰ আৱশ্যক হ’ব৷
জাহাজ পৰিবহণ মন্ত্ৰালয়ে ভাৰতীয় জাহাজ নিৰ্মাণ উদ্যোগক উৎসাহিত কৰাৰ দিশত অগ্ৰসৰ হৈছে আৰু মেক ইন ইণ্ডিয়া জাহাজ নিৰ্মাণৰ বাবে কিছু সংখ্যক অগ্ৰণী দেশৰ সৈতেও আলোচনা কৰি আছে৷ ইয়াৰ মাজতে চৰকাৰৰ এই সিদ্ধান্তই জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত মেক ইন ইণ্ডিয়াক বাস্তৱায়িত কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হ’ব৷
কেন্দ্ৰীয় জাহাজ পৰিবহণ মন্ত্ৰী (স্বতন্ত্ৰ) শ্ৰী মনসুখ মাণ্ডৱ্যই কয় যে চৰকাৰে পুৰণি বন্দৰসমূহৰ পুনৰ্জীৱিত কৰা আৰু ভাৰতত জাহাজ নিৰ্মাণক উৎসাহিত কৰাৰ বাবে সম্পূৰ্ণ প্ৰয়াস কৰিছে৷ তেওঁ কয় যে ভাৰতীয় জাহাজ নিৰ্মাণৰ পুনৰুদ্ধাৰ আৰু আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ পৰিবহণক উৎসাহিত কৰাৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ চৰকাৰে ভাৰতত জাহাজ নিৰ্মাণ, জাহাজৰ মেৰামতি, জাহাজৰ ৰিচাইক্লিং আদিৰ বাবে এক পৰিস্থিতিতন্ত্ৰ প্ৰস্তুতিৰ প্ৰয়াস কৰিব৷ আগন্তুক সময়ছোৱাত আত্মনিৰ্ভৰ পৰিবহণ এক প্ৰণালী হিচাপে বিবেচিত হ’ব৷
***
YB/AP/MANN