শক্তি মন্ত্ৰালয়

এনটিপিচিয়ে ১১২টা সংস্থাক পিছ পেলাই এআইএমএ-চাণক্য (বিজনেছ ছিমুলেচন গেম) নেচনেল মেনেজমেণ্ট গেমছ ২০২০ত বিজয়ী ঘোষিত হৈছে

Posted On: 03 SEP 2020 3:47PM by PIB Guwahati

শেহতীয়াকৈ অনুষ্ঠিত অল ইণ্ডিয়া মেনেজমেণ্ট এছ’চিয়েচন (এআইএমএ)- চাণক্য (বিজনেছ ছিমুলেচন গেম) নেচনেল মেনেজমেণ্ট গেমছ (এনএমজি) ২০২০ত এনটিপিচিৰ দলে জয় সাব্যস্ত কৰিছে৷ শক্তি মন্ত্ৰালয়ৰ অধীনৰ এই ৰাজহুৱা প্ৰতিষ্ঠানটোৱে বিগত পাঁচ বছৰত প্ৰথমবাৰলৈ জয় সাব্যস্ত কৰিছে৷

দলটোত আছিল মেনেজাৰ, চিএণ্ডআই মেইনটেনেন্স শ্ৰী চিন্নাথাম্বি জি; মেনেজাৰ, অপাৰেচন (প্ৰধান কাৰখানা) শ্ৰী শেংকুগুট্টুৱান; এনটিপিচি ভেল্লুৰৰ মেনেজাৰ, অপাৰেচন শ্ৰী যোগিন্দৰ কুমাৰ জে৷

এনটিপিচি বিজনেছ মাইণ্ডছ ২০২০ৰ ১৬টা বিজয়ী দল এই প্ৰতিযোগিতাটোৰ বাবে মনোনীত হৈছিল আৰু ইয়াৰে ২টা দলক চূড়ান্ত খেলৰ বাবে বাচনি কৰা হয়৷

 

RCJ/M/MANN



(Release ID: 1651167) Visitor Counter : 160