জনজাতি পৰিক্ৰমা মন্ত্ৰালয়
আভাসী মাধ্যমেৰে দুদিনীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় জনজাতি গৱেষণা সন্মিলন উদ্ধোধন কৰিলে শ্ৰী অৰ্জুন মুণ্ডাই
জনজাতি গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা কৰা গৱেষণাই জনজাতিসমূহৰ ভৱিষ্যত উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত আৰু ‘মেৰা বন মেৰা ধন মেৰা উদ্যম’ লক্ষ্য প্ৰাপ্তিত সহায় কৰা উচিতঃ শ্ৰী অৰ্জুন মুণ্ডা
प्रविष्टि तिथि:
03 SEP 2020 3:51PM by PIB Guwahati
কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাই কয় যে জনজাতি গৱেষণা প্ৰতিষ্ঠানসমূহলৈ আগবঢ়োৱা অনুদানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে গৱেষণাৰ বাবে ২৬ জনজাতি গৱেষণা প্ৰতিষ্ঠানলৈ অৰ্থসাহায্য আগবঢ়াইছে আৰু দেশজুৰি থকা প্ৰখ্যাত চৰকাৰী আৰু বে-চৰকাৰী প্ৰতিষ্ঠানৰ সহযোগিতাত গুণসম্পন্ন গৱেষণাত নিয়োজিত হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে দিল্লীৰ ভাৰতীয় লোক প্ৰশাসন প্ৰতিষ্ঠান চৌহদত ভাৰতীয় লোক প্ৰশাসন প্ৰতিষ্ঠানৰ সৈতে যুটীয়াভাৱে জনজাতি গৱেষণাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান গঠন কৰা হৈছে। এই অংশীদাৰ সংস্থাসমূহক উত্কৃষ্টতা কেন্দ্ৰ হিচাপে নামাংকন কৰা হয়। আজি নতুন দিল্লীৰ ভাৰতীয় লোক প্ৰশাসন প্ৰতিষ্ঠান, জনজাতি পৰিক্ৰমাৰ উত্কৃষ্টতা কেন্দ্ৰৰ দ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় জনজাতি গৱেষণা সন্মিলনৰ উদ্ধোধনী অধিবেশন সম্বোধন কৰি তেওঁ কয় যে তেওঁৰ মন্ত্ৰালয়ে এনে কিছুমান অংশীদাৰ সংস্থাৰ সৈতে কাম কৰিব পৰা মডেল নিৰ্মাণ কৰে যিয়ে কাৰ্য অনুসন্ধানৰ অংশ হিচাপে আৰম্ভণিৰ পৰা শেষলৈকে সমস্যা চিনাক্তকৰণ, সমাধান বিচৰা আৰু প্ৰকল্প সম্পাদন, যিবোৰ নীতি প্ৰবৰ্তকৰ দ্বাৰা প্ৰয়োগ কৰিব পৰা যায়।
শ্ৰী মুণ্ডাই কয় যে আমি জনজাতিসমূহৰ উন্নতিৰ হকে পথ নিৰ্মাণৰ বাবে প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰিব লাগিব। জনজাতি গৱেষণা প্ৰতিষ্ঠানসমূহৰ দ্বাৰা কৰা গৱেষণা আমাৰ জনজাতি উন্নয়ন কাৰ্যসূচীক আগুৱাই নিয়াৰ আধাৰ হোৱা উচিত। তেওঁ কয় যে জনজাতি গৱেষণা প্ৰতিষ্ঠানসমূহৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু ইয়াৰ গৱেষণাৰ জৰিয়তে ভৱিষ্যত উন্নয়নৰ বাবে ৰোডমেপ প্ৰস্তুত কৰাত সহায়ক হব।
তেওঁ কয় যে নীতি আৰু বাস্তৱিক প্ৰয়োগৰ মাজৰ অন্তৰাল চিনাক্ত কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাৰ বাবে ‘নীতিৰ বাবে গৱেষণা’ মাৰ্গদৰ্শক নীতি হোৱা উচিত। জনজাতি গৱেষণাই কেৱল মাত্ৰ জনজাতীয় জীৱনৰ নৃতাত্ত্বিক দিশ আৰু সংস্কৃতিৰ ওপৰতে নহয়, বৰং তেওঁলোকে কৰা উন্নয়নৰ ওপৰতো দৃষ্টি নিৱদ্ধ কৰা উচিত। জনজাতি গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা কৰা গৱেষণাই জনজাতিসমূহৰ ভৱিষ্যত উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত আৰু ‘মেৰা বন মেৰা ধন মেৰা উদ্যম’ লক্ষ্য প্ৰাপ্তিত সহায় কৰা উচিত, যিহেতু বনসমূহ কেৱল পৰিৱেশৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, ইয়ে জনজাতীয় লোকসকলৰ জীৱিকাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।
শ্ৰী মুণ্ডাই কয় যে আমাৰ জনজাতি বিকাশ আঁচনিসমূহ অতি গতিশীল। অতীতত আমি বহু প্ৰতিবন্ধকতা লাভ কৰিছোঁ, কিন্তু এতিয়া আমি নতুন প্ৰযুক্তিৰ সহায়ত আগুৱাই গৈ আছোঁ। জনজাতিসমূহৰ বাবে উন্নয়ন পৰিকল্পনাৰ ক্ষেত্ৰত কিদৰে আগুৱাব পাৰি সেয়া গৱেষণা ভিত্তিক হব লাগিব। হিতাধিকাৰীৰ হিচাপ কৰাটো অতি গুৰুত্বপূৰ্ণ দিশ আৰু সকলো সুবিধা সকলোৱে লাভ কৰা উচিত।
তেওঁ উদ্বেগ প্ৰকাশ কৰে যে নীতিৰ বাবে গৱেষণা আৰু জনজাতীয় প্ৰশাসনৰ সাংবিধানিক ধাৰণাৰ মাজত এক অমিল আছে। আমি উন্নয়ন পৰিকল্পনাৰ প্ৰতি লক্ষ্য ৰাখি জনজাতি গৱেষণা কৰিব নোৱাৰিলোঁ। তেওঁ আৰু কয় যে আমি নীতিত গৱেষণাৰ হস্তক্ষেপৰ পৰা বঞ্চিত হৈছোঁ।
শ্ৰী মুণ্ডাই উপদেশ দিয়ে যে শিক্ষাৰ্থীসকলক জনজাতি উন্নয়ন সন্দৰ্ভত শিক্ষা দিয়াৰ বাবে প্ৰস্তাৱিত ৰাষ্ট্ৰীয় জনজাতীয় গৱেষণা প্ৰতিষ্ঠানৰো এক শৈক্ষিক শাখা থকা উচিত।
জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰী দীপক খাণ্ডেকাৰে নিজৰ ভাষণত কয় যে পূৰ্বে জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ত জনজাতি গৱেষণামূলক কামবোৰ স্পনছৰ কাৰ্যসূচী হিচাপে কৰা হৈছিল, কিন্তু এতিয়া মিছন মোডত কৰা হৈ আছে। আমাৰ দেশত প্ৰায় ৭০০ অনুসূচিত জনজাতি সম্প্ৰদায় আৰু ৭৫ পিভিটিজি আছে। তেওঁলোকে অতীতত কি কৰিছিল আমি তাৰ ওপৰত গুৰুত্ব দিছোঁ, কিন্তু এতিয়া আমাৰ গুৰুত্ব হৈছে তেওঁলোকে কি কৰিব বিচাৰে। জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে তেওঁলোকৰ জীৱন আৰু সংস্কৃতিৰ সকলো দিশৰ ওপৰত কাম আৰু গৱেষণা কৰিব বিচাৰে। মন্ত্ৰালয়ৰ ওচৰত পুঁজিৰ কম হোৱা নাই, কিন্তু তেওঁলোকে সমৰ্পিত ব্যক্তি আৰু সংস্থাই গৱেষণা কৰাটো বিচাৰে। ভাৰতীয় লোক প্ৰশাসন প্ৰতিষ্ঠান এনে এক সমৰ্পিত অনুষ্ঠান যিয়ে নিজেই জনজাতীয় জীৱনৰ ওপৰত কাম কৰিবলৈ আগবাঢ়ি আহিছে। তেওঁ কয় যে আজিৰ সন্মিলনত দেশৰ সকলো প্ৰান্তৰ পৰা বহু ৰাজ্যৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়কে ধৰি ১০০তকৈ অধিকে অংশগ্ৰগণ কৰিছে আৰু এনে ব্যৱস্থাপনাৰ বাবে মই ভাৰতীয় লোক প্ৰশাসন প্ৰতিষ্ঠানক ধন্যবাদ জনাইছোঁ।
তেওঁৰ ভাষণত ভাৰতীয় লোক প্ৰশাসন প্ৰতিষ্ঠানৰ মহানিৰ্দেশক শ্ৰী এছ এন ত্ৰিপাথীয়ে জনজাতিৰ বিকাশত ভাৰতীয় লোক প্ৰশাসন প্ৰতিষ্ঠানৰ ভূমিকা সন্দৰ্ভত এক সংক্ষিপ্ত বিৱৰণ দাঙি ধৰে।
ইয়াৰ পূৰ্বে জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী নভলজিত কাপুৰে জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ বৰ্তমানে তলি থকা আৰু আহিবলগীয়া বিভিন্ন আঁচনিৰ বিষয়ে এক বিস্তৃত তথ্য দাঙি ধৰে।
জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ২৬ জনজাতি গৱেষণা প্ৰতিষ্ঠানক জনজাতি গৱেষণা প্ৰতিষ্ঠানৰ অনুদানৰ অধীনত গৱেষণাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে আৰু দেশজুৰি থকা প্ৰখ্যাত চৰকাৰী আৰু বে-চৰকাৰী প্ৰতিষ্ঠানৰ সহযোগিতাত গুণসম্পন্ন গৱেষণাত নিয়োজিত হৈছে। এই অংশীদাৰ সংস্থাসমূহক উত্কৃষ্টতা কেন্দ্ৰ হিচাপে নামাংকন কৰা হয়। জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে এনে কিছুমান অংশীদাৰ সংস্থাৰ সৈতে কাম কৰিব পৰা মডেল নিৰ্মাণ কৰে যিয়ে কাৰ্য অনুসন্ধানৰ অংশ হিচাপে আৰম্ভণিৰ পৰা শেষলৈকে সমস্যা চিনাক্তকৰণ, সমাধান বিচৰা আৰু প্ৰকল্প সম্পাদন, যিবোৰ নীতি প্ৰবৰ্তকৰ দ্বাৰা প্ৰয়োগ কৰিব পৰা যায়।
***
NB/SK/MoTA//KG
(रिलीज़ आईडी: 1651165)
आगंतुक पटल : 293