কয়লা মন্ত্ৰালয়

নিলামৰ বাবে কয়লা খনিৰ তালিকা সংশোধন

৩৮ কয়লা খনি নিলামৰ বাবে সাজু

Posted On: 03 SEP 2020 11:41AM by PIB Guwahati

বাণিজ্যিক খননৰ বাবে কয়লা খনিৰ নিলাম প্ৰক্ৰিয়া ১৮ জুন, ২০২০ত শুভাৰম্ভ হয়। কয়লা মন্ত্ৰণালয়ৰদ্বাৰা কয়লা খনিৰ উদঘাটন আৰু কয়লা খননৰ আৰম্ভণি প্ৰক্ৰিয়াটোত আগবঢ়োৱা কয়লা খনিসমূহৰ তালিকাত সংশোধন ঘটোৱা হৈছেঃ

  1. এমএমডিআৰ আইন, ১৯৫৭ৰ অধীনত নিলামৰ ১ ম খেপলৈ লচাৰা, জাৰেকিলা আৰু ঝাৰপালাম-টেঙাৰঘাট কয়লা খনিৰ সংযোজন ঘটোৱা হৈছে
  2. এমএমডিআৰ আইন, ১৯৫৭ৰ অধীনত নিলামৰ ১ ম খেপৰপৰা মৰ্গা দক্ষিণ কয়লা খনিক অপসাৰণ কৰা হৈছে
  3. চিএম (এছপি) আইন, ২০১৫ৰ অধীনত নিলামৰ ১১ শ খেপৰপৰা ফাতেহপুৰ পূব, মদনপুৰ (উত্তৰ), মৰ্গা-II আৰু চয়াং কয়লা খনিক অপসাৰণ কৰা হৈছে

সেয়েহে, চিএম (এছপি) আইন, ২০১৫ৰ অধীনত নিলামৰ ১১ শ খেপ আৰু এমএমডিআৰ আইন, ১৯৫৭ৰ অধীনত নিলামৰ ১ ম খেপৰ অধীনত বাণিজ্যিক খননৰ অৰ্থে ৩৮ কয়লা খনি নিলামৰ বাবে মুকলি কৰা হৈছে।

কয়লা মন্ত্ৰণালয়ে চিএম (এছপি) আইন, ২০১৫ৰ অধীনত নিলামৰ ১১ শ খেপ আৰু এমএমডিআৰ আইন, ১৯৫৭ৰ অধীনত নিলামৰ ১ ম খেপৰ অধীনত বাণিজ্যিক খননৰ অৰ্থে ৩৮ কয়লা খনি নিলাম প্ৰক্ৰিয়া মুকলি কৰিলে। https://www.mstcecommerce.com/auctionhome/coalblock/index.jsp লিংকৰ জৰিয়তে খনিৰ শেহতীয়া তালিকা আৰু এই খননৰ বাবে নিবিদা নথি লাভ কৰিব পাৰিব। এমএছটিচি লিমিটেডৰ ৱেবচাইটত এই নিবিদা প্ৰক্ৰিয়াৰ বাবে সময়সীমা আগবঢ়োৱা হৈছে।

****

RJ/NG/SB



(Release ID: 1651060) Visitor Counter : 229