জল শক্তি মন্ত্ৰালয়
‘ৱাটাৰ হিৰ’ প্ৰতিযোগিতা ২.০’
Posted On:
02 SEP 2020 6:13PM by PIB Guwahati
জল সংৰক্ষণক এক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ লগতে জল সচেতনতা অধিক প্ৰগাঢ় কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাটো কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয়ৰ অন্যতম উদ্দেশ্য। এই উদ্দেশ্যক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে মন্ত্ৰালয়টোৰ অধীনস্থ জল সম্পদ বিভাগ, নদী উন্নয়ণ আৰু গংগা উজ্জীৱিতকৰণ বিভাগে ‘ৱাটাৰ হিৰ’জ : শ্বেয়াৰ ইয়ৰ ষ্টৰিজ’ শীৰ্ষক এক প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ১ছেপ্টেম্বৰ ২০২০ৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাৰ জৰিয়তে জল সংৰক্ষণ আৰু জল প্ৰবন্ধনৰ দৰে গুৰুত্ব পূৰ্ণ বিষয়টো সম্পৰ্কে ব্যাপক জন সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হ’ব।
‘ৱাটাৰ হিৰ’জ’ প্ৰতিযোগিতাৰ জৰিয়তে দেশত প্ৰচলিত জল সংৰক্ষণ সম্পৰ্কীয় উত্তম অনুশীলনক উত্সাহিত কৰাৰ লগতে এনে অনুশীলনৰ অনুসন্ধান কৰিব পৰা যাব বুলি আশা কৰা হৈছে। এই প্ৰতিযোগিতাৰ বাবে ছেপ্টেম্বৰ ২০২০ৰ পৰা প্ৰতি মাহে প্ৰতিযোগীৰ অংশগ্ৰহণ বিচৰা হ’ব। এই বঁটাৰ বাবে প্ৰতিমাহে সৰ্বাধিক ১০ গৰাকী প্ৰতিযোগীক অংশ গ্ৰহণৰ সুযোগ দিয়া হ’ব। এইসকল প্ৰতিযোগীৰ ভিতৰৰ পৰা এগৰাকীক বঁটাৰ নিৰ্বাচিত কৰা হ’ব। শ্ৰেষ্ঠ প্ৰতিযোগীসকলে ১০,০০০কৈ নগদ ধন লাভ কৰাৰ লগতে একোখন প্ৰমাণ পত্ৰও লাভ কৰিব।
প্ৰতিযোগিতাত ভাগ ল’বলৈ প্ৰতিযোগীসকলে জল সংৰক্ষণ বিষয়ত তেওঁলোকে লাভ কৰা সাফল্যৰ কাহিনী বৰ্ণাই এটা ১-৫ মিনিটৰ ভিডিঅ’(৩০০শব্দৰ একোটা টোকা আৰু প্ৰয়োজনীয় ফটো কিম্বা চিত্ৰসহ) প্ৰেৰণ কৰিব লাগিব।
প্ৰতিযোগীসকলে তেওঁলোকৰ ভিডিঅ’সমূহ(তেওঁলোকৰ ‘ইউটিউব ভিডিঅ’ৰ লিংকসহ) ‘মাইগভ প’ৰ্টেল’ (www.mygov.in) ত শ্বেয়াৰ কৰিব পাৰিব। তেওঁলোকে waterheroes.cgwb[at]gmail[dot]com যোগেও তেওঁলোকৰ অংশগ্ৰহণ নিশ্চিত কৰিব পাৰিব।
*****
APS/SG/MG/KB
(Release ID: 1650871)
Visitor Counter : 229