বিত্ত মন্ত্ৰালয়
অনুসূচীবদ্ধ বাণিজ্যিক বেংকসমূহলৈ আইটিআৰ ফিলিং কমপ্লিয়েন্স চেক ফাংশ্যনেলিটি আগবঢ়াইছে চিবিডিটিয়ে
Posted On:
02 SEP 2020 7:06PM by PIB Guwahati
আয় কৰ আইন, ১৯৬১ ৰ ১৩৮ (১) (ক) বিধিৰ অধীনত লাভ কৰা ক্ষমতা প্ৰয়োগেৰে কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে ৩১-০৮-২০২০ তাৰিখে এটি নিৰ্দেশনা (F.No. 225/136/2020/ITA.II) জাৰি কৰি, ৩১-০৮-২০২০ তেই উক্ত আইনৰ ১৩৮ বিধিৰ উপ-বিধি (১)ৰ দফা (ক)ৰ উপ-দফা (ii) ৰ অধীনত অধিসূচনা মৰ্মে (নং: 71/2020) অনুসূচীবদ্ধ বাণিজ্যিক বেংকসমূহৰ অৰ্থে আইটি ৰিটাৰ্ণ ফিলিং ষ্টেটাচ সন্দৰ্ভত তথ্য দাখিলৰ নিৰ্দেশ প্ৰদান কৰে।
কেছ উইড্ৰলৰ তথ্যই সূচিত কৰিছে যে কেতিয়াও আয়-কৰ ৰিটাৰ্ণ পৰিশোধ নকৰা লোকৰদ্বাৰা বুজন পৰিমাণৰ নগদ ধন উলিওৱা হৈছে। তেনে লোকসকলৰদ্বাৰা ৰিটাৰ্ণ পৰিশোধ কৰাটো নিশ্চিত কৰিবলৈ আৰু অপৰিশোধকাৰীৰদ্বাৰা কেছ উইড্ৰল অনুসৰণৰ অৰ্থে, তথা ক’লা ধন নিৰ্মূল কৰিবলৈ, ২০২০ৰ ১ জুলাইৰপৰা কাৰ্যকৰী হোৱা ফাইনেন্স এক্ট, ২০২০ তথা সংশোধিত আয়-কৰ আইন, ১৯৬১ ৰ জৰিয়তে অ-পৰিশোধকাৰীৰ বাবে টিডিএছৰ প্ৰযোজ্যতাৰ অৰ্থে কেছ উইড্ৰলৰ সীমা ২০ লাখলৈ হ্ৰাস কৰা হৈছে আৰু অ-পৰিশোধকাৰীৰদ্বাৰা ১ কোটি টকাৰ অধিক কেছ উইড্ৰলৰ ক্ষেত্ৰত ৫% উচ্চ হাৰত টিডিএছ বাধ্যতামূলক কৰা হৈছে।
১ জুলাই, ২০২০ৰপৰা বেংক আৰু ডাকঘৰ সমূহৰ বাবে ইতিমধ্যে আয় কৰ বিভাগে www.incometaxindiaefiling.gov.in ত “ভেৰিফিকেশ্যন অৱ এপ্লিকেবিলিটি ১৯৪এনৰ অধীনত” শীৰ্ষক এখনি ফাংশ্যনেলিটি আগবঢ়াইছে। ইয়াৰ জৰিয়তে, কেছ উইড্ৰল কৰা ব্যক্তিজনৰ পেন এন্টাৰ কৰি আয়-কৰ আইন, ১৯৬১ ৰ ১৯৪এ বিধিৰ অধীনত টিডিএছৰ প্ৰযোজ্য হাৰ বেংক/ডাকঘৰসমূহে লাভ কৰিব পাৰে।
বিভাগটোৱে এতিয়া “আইটিআৰ ফিলিং কমপ্লিয়েন্স চেক” শীৰ্ষক নতুন ফাংশ্যনেলিটি মুকলি কৰিছে যি বিস্তৃত পৰিসৰত পেনৰ আইটি ৰিটাৰ্ণ ফিলিং ষ্টেটাচ চেক কৰিবলৈ অনুসূচীবদ্ধ বাণিজ্যিক বেংক (এছচিবি)সমূহৰ কাৰণে উপলব্ধ হ’ব। আয়-কৰ (চিষ্টেম)ৰ মুখ্য মহা প্ৰবন্ধকে অনুসূচীবদ্ধ বাণিজ্যিক বেংকসমূহলৈ অধিসূচিত তথ্য আগবঢ়োৱাৰ বাবে প্ৰক্ৰিয়া আৰু প্ৰণালী ঘোষণা কৰিছে।
বেংকৰ ক’ৰ বেংকিং চলুচনৰ সৈতে প্ৰক্ৰিয়াটো সংহত আৰু স্বয়ংক্ৰিয় কৰিবলৈ অনুসূচীবদ্ধ বাণিজ্যিক বেংকসমূহে তদুপৰি এপিআইযুক্ত একচেঞ্জ ব্যৱহাৰ কৰিব পাৰে। তথ্যৰ পৰীক্ষা নিশ্চিত কৰিবলৈ সুস্পষ্ট নীতি আৰু দায়বদ্ধতাৰ জৰিয়তে অনুসূচীবদ্ধ বাণিজ্যিক বেংকসমূহে যথাযোগ্য তথ্য সুৰক্ষা নীতি আৰু প্ৰক্ৰিয়া ৰূপায়ণ আৰু নথিভুক্ত কৰাটো বাঞ্চনীয়।
****
RM/KMN/SB
(Release ID: 1650867)
Visitor Counter : 172