কেবিনেট

‘মিছন কৰ্মযোগী’-ৰাষ্ট্ৰীয় অসামৰিক সেৱাৰ সামৰ্থ্য বৰ্দ্ধন কাৰ্যক্ৰম(এনপিচিএছচিবি)লৈ কেবিনেটৰ অনুমোদন

অসামৰিক সেৱাৰ সামৰ্থ্য বৰ্দ্ধনৰ বাবে নতুন ৰাষ্ট্ৰীয় স্থাপত্য

ৰাজহুৱা সেৱা প্ৰদান পদ্ধতিক পাৰদৰ্শি কৰি তোলাৰ লক্ষ্যৰে ব্যক্তিগত, প্ৰতিষ্ঠানিক আৰু প্ৰক্ৰিয়াগত পৰ্যায়ত সামৰ্থ্য বৰ্দ্ধন পদ্ধতিৰ বিস্তৃত সংস্কাৰ

অসামৰিক সেৱাৰ সামৰ্থ্য বৰ্দ্ধনৰ পৰিকল্পনা, অনুমোদন আৰু নিৰীক্ষণ কৰিব প্ৰধানমন্ত্ৰী নেতৃত্বাধীন ‘এইচআৰ কাউন্সিলে’

‘সামৰ্থ্য বৰ্দ্ধন আয়োগে’ প্ৰশিক্ষণৰ মান নিৰ্দ্ধাৰণৰ ব্যৱস্থা কৰা, শিক্ষক আৰু সমলৰ দিহা কৰাৰ লগতে সকলো কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ তদাৰকৰ ভূমিকা পালন কৰিব

সম্পূৰ্ণ নিজাববীয়া ‘এছপিভি’ৰ জৰিয়তে অনলাইন শিক্ষণ মঞ্চৰ কাম-কাজ পৰিচলনা কৰা আৰু বিশ্ব মানৰ শিক্ষণ সমল আৰু বিপণনৰ দিহা কৰিব

Posted On: 02 SEP 2020 4:09PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবনেট সভাই তলত উল্লেখিত বিধি-ব্যৱস্থাৰে এক ৰাষ্ট্ৰীয় অসামৰিক সেৱাৰ সামৰ্থ্য বৰ্দ্ধন কাৰ্যক্ৰম(এনপিচিএছচিবি)ৰ শুভাৰম্ভ সমপৰ্কীয় প্ৰস্তাৱলৈ অনুমোদন জনাইছে।

সেই অনুসৰি

 

  1. প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা মানৱ সম্পদ পৰিষদ

(ii) সামৰ্থ্য বৰ্দ্ধন আয়োগ

 (iii) সম্পূৰ্ণ নিজাববীয়া এছপিভিৰ জৰিয়তে অনলাইন শিক্ষণ মঞ্চৰ কামা-কাজ পৰিচলনা কৰা আৰু বিশ্ব মানৰ শিক্ষণ সমল আৰু বিপণনৰ দিহা কৰা

  • (iv) সচিবৰ নেতৃত্বত সমন্বয়ৰক্ষী কোষ

মুখ্য বিশেষত্ব

দেশৰ অসামৰিক সেৱাৰ বিষয়াসকলক বিশ্ব মানৰ প্ৰতিষ্ঠানসমূহৰ পৰা উত্তম শিক্ষা আহৰণ কৰাৰ লগতে পৃথিৱীৰ যিকোনো স্থানতে কাম কৰিব পৰাকৈ দক্ষ কৰি তোলাৰ লগতে ভাৰতীয় সংস্কৃতিৰ প্ৰমূল্যসমূহক হৃদয়ংগম কৰি মূলৰ সৈতে সংপৃক্ত থাকিব পৰাকৈ সামৰ্থ্য বৰ্দ্ধনৰ বাবে বুনিয়াদ গঢ়াৰ উদ্দেশ্যে অতি সচেতনতাৰে   এনপিচিএছচিবিৰ আৰ্হি প্ৰস্তুত কৰা হৈছে। এই কাৰ্যক্ৰম অচিৰেই স্থাপন কৰিবলগীয়া এক সংহত চৰকাৰী অনলাইন প্ৰশিক্ষণ-আইগট-কৰ্মযোগী মঞ্চ(Integrated Government Online Training-iGOTKarmayogi)ৰ দ্বাৰা ৰূপায়িত কৰা হব।

 নিম্নো্ল্লিখিত বিধি-ব্যৱস্থাৰে এই কাৰ্যক্ৰম পৰিচালিত হ:

 

  1. বিধি-ভিত্তিক ব্যৱস্থাৰ পৰা ভূমিকা-ভিত্তিক মানৱ সম্পদ ব্যৱস্থাপনালৈ ৰপান্তণক সহযোগিতা আগবঢ়োৱা। পদৰ প্ৰয়োজনীয়তা আৰু অসামৰিক সেৱাৰ বিষয়াসকলৰ পাৰদৰ্শিতাৰ মাজত সমন্বয় সাধন কৰি কামৰ আৱণ্টন দিয়াৰ দিহা কৰা। 
  2. শ্ৰেণী কোঠাৰ শিক্ষণক সহযোগিতা আগবঢ়াব পৰাকৈ ক্ষেত্ৰ-ভিত্তিক  শিক্ষণত গুৰুত্ব প্ৰদান কৰা।
  3. ব্যক্তিগত কিম্বা প্ৰতিষ্ঠানিক পৰ্যায়ৰ শিক্ষণ সমলকে ধৰি সকলো ধৰণৰ প্ৰশিক্ষণ আন্তঃগাঁথনিৰ উমৈহতীয়াকৈ ব্যৱহাৰ কৰিব পৰা এক বাতাবৰণ গঢ়ি তোলা।
  4. অসামৰিক সেৱাৰ সকলো পদবীকে এক ভূমিকা, কাৰ্যকাৰিতা আৰু সামৰ্থ্য ভিত্তিক বিধি-ব্যৱস্থা(এফআৰএচি)ৰে অধিক ফলপ্ৰসূ কৰি তোলা আৰু শিক্ষণ সমলসমূহক চৰকাৰৰ সকলো নিকায়ৰ বাবে উপযোগী কৰি তোলা।
  5. সকলো বিষয়াকে তেওঁলোকৰ আচৰণগত, কৰ্ম নিৰ্দ্ধাৰণ পদ্ধতিগত তথা নিজা পাৰদৰ্শিতা থকা ক্ষেত্ৰত দক্ষতাৰ উত্তৰণৰ বাবে নিজা ৰুচি অনুসৰি শিকণৰ সুযোগ প্ৰদান কৰা।
  6. বাৰ্ষিক বৰঙণিৰ ভিত্তিত সকলো মন্ত্ৰালয়ৰে প্ৰতিগৰাকী কৰ্মচাৰীক প্ৰশিক্ষণ দিব পৰাকৈ এক উমৈহতীয়া বাতাবৰণ গঢ়ি তোলা।
  7. উত্তম শিক্ষণ সমল প্ৰদানৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে চৰকাৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ লগতে বিশ্ববিদ্যালয়, ষ্টাৰ্ট-টিপছ প্ৰতিষ্ঠান আৰু আনকি ব্যক্তিগত বিশেষজ্ঞসকলকো উত্সাহিত কৰা হব।
  8. সামৰ্থ্য বৰ্দ্ধন, শিক্ষণ সমলৰ দিহা, ব্যৱহাৰ কৰোতাৰ প্ৰতিক্ৰিয়া, পাৰদৰ্শিতাৰ লেখ লোৱা আৰু নীতিগত সংস্কাৰৰ ক্ষেত্ৰ নিৰ্দ্ধাৰণৰ বাবে আৰু আইগট-কৰ্মযোগীৰ উপযোগী হোৱাকৈ তথ্য-বিশ্লেষণৰ ব্যৱস্থা কৰা।

 

উদ্দেশ্য

সামৰ্থ্য বৰ্দ্ধনৰ এক সহযোগিতা আৰু সমাহাৰ ভিত্তিক এক বাতাবৰণ গঢ়ি তুলি ইয়াৰ প্ৰবন্ধন আৰু নিয়ন্ত্ৰণৰ বাবে এক সমাবেশী বিধি ব্যৱস্থা গঢ়ি তোলাৰ বাবে এক সামৰ্থ্য বৰ্দ্ধন আয়োগ গঠনৰো প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

 

আয়োগৰ ভূমিকা

প্ৰধানমন্ত্ৰী মানৱ সম্পদ পৰিষদক বাৰ্ষিক সামৰ্থ্য বৰ্দ্ধন পৰিকল্পনা যুগ্তোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা

কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ তদাৰকী কৰা

 

ভাৰতৰ অসামৰিক সেৱাৰ দুই কোটিৰো অধিক বিষয়াৰ দক্ষতাক আৰু অধিক পাৰদৰ্শি কৰি তুলি তেওঁলোকৰ সামৰ্থ্য বৰ্দ্ধনৰ বাবে কলা সন্মত ৰূপত আইগট-কৰ্মযোগী মঞ্চটো যুগুতাই উলিওৱা হৈছে। এই মঞ্চই যুগুতাই উলিওৱা শিক্ষণ-সামগ্ৰীৰ বিশ্ব-ব্যাপি বিপণনৰ সুযোগ ওলাব বুলি আশা কৰা হৈছে। 

 

*******

VRRK/AKP/KB



(Release ID: 1650827) Visitor Counter : 327