পৰ্যটন মন্ত্ৰালয়

পৰ্বতাৰোহণ আৰু দুঃসাহসিক পৰ্যটনৰ ন’ডেল প্ৰতিষ্ঠানৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয় কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী শ্ৰী প্ৰহ্লাড সিং পেটেলে

Posted On: 02 SEP 2020 5:40PM by PIB Guwahati

কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী শ্ৰী প্ৰহ্লাড সিং পেটেলে আজি নতুন দিল্লীত পৰ্বতাৰোহণ আৰু দুঃসাহসিক পৰ্যটনৰ নডেল প্ৰতিষ্ঠানৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। ভাৰতীয় পৰ্যটন আৰু ভ্ৰমণ ব্যৱস্থাপনা প্ৰতিষ্ঠান, জল ক্ৰীড়াৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, ভাৰতীয় স্কাইং আৰু পৰ্বতাৰোহণ প্ৰতিষ্ঠান, ভাৰতীয় পৰ্বতাৰোহণ ফাউণ্ডেচন আৰু ভাৰতীয় দুঃসাহসিক ভ্ৰমণ অপাৰেটৰ্ছ সন্থাৰ প্ৰতিনিধিবৰ্গ বৈঠকত উপস্থিত থাকে।

বৈঠকত পৰ্যটন মন্ত্ৰীগৰাকীয়ে ভাৰতত দুঃসাহসিক পৰ্যটনৰ প্ৰসাৰৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহ পৰ্যালোচনা কৰে। সকলো অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানে দুঃসাহসিক পৰ্যটনৰ ক্ষেত্ৰত তেওঁলোকৰ চলি থকা পাঠ্যক্ৰম আৰু গতিবিধিক লৈ প্ৰেছেণ্টেচন দাঙি ধৰে। জল ক্ৰীড়াৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ গতিবিধি পৰ্যালোচনা কৰি শ্ৰী পেটেলে উল্লেখ কৰে কৰে যে ২০১৯-২০ৰ সময়ছোৱাত প্ৰতিষ্ঠানটোৱে ৩৯৭২গৰাকী প্ৰশিক্ষাৰ্থীৰ বাবে ১৯২টা জল ক্ৰীড়াৰ প্ৰশিক্ষণ পাঠ্যক্ৰম আয়োজন কৰিছিল।

শ্ৰী পেটেলে ভাৰতীয় স্কাইং আৰু পৰ্বতাৰোহণ প্ৰতিষ্ঠানৰো শেহতীয়া কাম-কাজৰ বুজ লয়। তেওঁ কয় যে পৰ্বতাৰোহণত আমাৰ দেশৰ বৃহৎ সম্ভাৱনা আছে। পৰ্বতাৰোহণৰ প্ৰশিক্ষণত নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ তেওঁ প্ৰতিষ্ঠানটোক নিৰ্দেশ দিয়ে।

বৈঠকত পৰ্যটন মন্ত্ৰীগৰাকীয়ে ভাৰতীয় পৰ্বতাৰোহণ ফাউণ্ডেচনৰ কাম-কাজৰ পৰ্যালোচনা কৰে। ফাউণ্ডেচনে সম্প্ৰতি চলি থকা পৰ্বতাৰোহণ সম্পৰ্কীয় কাম-কাজৰ বিষয়ে মন্ত্ৰীগৰাকীক বিশদভাৱে বৰ্ণনা কৰে। ভাৰতীয় পৰ্বতাৰোহণ ফাউণ্ডেচনে কয় যে শেহতীয়াকৈ চৰকাৰে পৰ্বতাৰোহণৰ বাবে ১৩৭টা নতুন শৃংগ মুকলি কৰিছে আৰু এয়া এক আদৰণীয় পদক্ষেপ।

অংশগ্ৰহণকাৰী আটাইকেইটা প্ৰতিষ্ঠানৰ কাম-কাজৰ বুজ লোৱাৰ পিছত শ্ৰী পেটেলে তেওঁলোকক মন্ত্ৰালয়ৰ তৰফৰ পৰা সকলো সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

*****

NB /AKJ /OA/MS



(Release ID: 1650820) Visitor Counter : 109