বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

যোগান শৃংখলা শক্তিশালী কৰি ৰখা সন্দৰ্ভত অষ্ট্ৰেলিয়া-ভাৰত-জাপানৰ বিত্তমন্ত্ৰীসকলৰ যুটীয়া বিবৃতি

Posted On: 01 SEP 2020 4:56PM by PIB Guwahati

যোগান শৃংখলাসমূহ (ছাপ্লাই চেইন) শক্তিশালী কৰি ৰখা সন্দৰ্ভত ছেপ্তেম্বৰ ২০২০ তাৰিখে আয়োজন কৰা ত্ৰিপাক্ষিক মন্ত্ৰীস্তৰীয় বৈঠকৰ সময়ছোৱাত অনুমোদন কৰা সংযুক্ত মন্ত্ৰীস্তৰীয় বক্তব্যৰ মূল পাঠ তলত দিয়া ধৰণৰ -

) অষ্ট্ৰেলিয়াৰ বাণিজ্য, পৰ্যটন তথা বিনিয়োগ মন্ত্ৰী, ছিনেটৰ মানানীয় ছাইমন বাৰ্মিংহাম, ভাৰতৰ বাণিজ্য তথা উদ্যোগমন্ত্ৰী পীয়ুষ গোৱেল আৰু জাপানৰ অৰ্থব্যৱস্থা, বাণিজ্য তথা উদ্যোগ মন্ত্ৰী মাননীয় কাজিয়ামা হিৰোশ্বিয়ে ছেপ্তেম্বৰ ২০২০ তাৰিখে এক মন্ত্ৰীস্তৰীয় ভিডিঅকনফাৰেন্সৰ আয়োজন কৰে।

) মন্ত্ৰীসকলে এক স্বতন্ত্ৰ, নিৰপেক্ষ, সমাৱেশী, ভেদভাৱবিহীন, পাৰদৰ্শী, আপেক্ষিক আৰু স্থিৰ বাণিজ্য তথা বিনিয়োগৰ পৰিৱেশ নিশ্চিত কৰিবৰ বাবে আৰু নিজ নিজ ব্যৱসায় বাণিজ্য মুকলি কৰি ৰখাৰ ক্ষেত্ৰত আগভাগ বৰ বাবে দৃঢ়সংকল্প লাগিব।

) ভিড-১৯ সংকটৰ সৈতে অৰ্থৈনৈতিক আৰু কাৰিকৰী প্ৰেক্ষাপটত অলপতে বৈশ্বিক স্তৰত হোৱা ব্যাপক সালসলনিসমূহৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীসকলে হিন্দু আৰু প্ৰশান্ত মহাসাগৰ ক্ষেত্ৰত যোগান শৃংখলা শক্তিশালী কৰি ৰখাৰ প্ৰয়োজনীয়তা আৰু ক্ষমতাৰ বিষয়বোৰৰ ওপৰতো বিশদবাৱে আলোচনা কৰে।

) হিন্দু মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰ এলেকাত যোগান শৃংখলা শক্তিশালী কৰি ৰখা সন্দৰ্ভত আঞ্চলিক সহযোগিতা যে অত্যাৱশ্যকীয় তথা অপৰিহাৰ্য সেই কথা উল্লেখ কৰি মন্ত্ৰীসকলে সহযোগিতাৰ মাধ্যমেৰে উদ্দেশ্য পূৰণ কৰিবৰ বাবে এক নতুন পদক্ষেপৰ শুভাৰম্ভ কৰাৰ দিশেৰে কাম কৰাৰ অভিপ্ৰায় উপস্থাপন কৰিছে। মন্ত্ৰীসকলে নিজ নিজ বিষয়াসকলক এই নতুন পদক্ষেপৰ বিৱৰণ অতিশীঘ্ৰে প্ৰস্তুত কৰাৰ নিৰ্দেশ জাৰি কৰিছে, যাতে চলিত বৰ্ষৰ শেষভাগতেই ইয়াৰ শুভাৰম্ভ কৰিব পৰা যায়। মন্ত্ৰীসকলে এই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত বাণিজ্য জগত আৰু শৈক্ষিক ক্ষেত্ৰৰ ভুমিক অতি গুৰুত্বপূৰ্ণ বুলিও উল্লেখ কৰে।

) মন্ত্ৰীসকলে সংশ্লিষ্ট ক্ষেত্ৰৰ অন্যান্য দেশসমূহকো এই পদক্ষেপত অংশগ্ৰহণ কৰাৰ বাবে আমন্ত্ৰণ কৰে, যিসকলে ঠিক এনেধৰণৰ মত পোষণ কৰে।

***

YB/AP/RD



(Release ID: 1650543) Visitor Counter : 234