বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

উত্তৰাখণ্ড হিমালয়ৰ মুছৌৰী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ ভূমিস্খলন প্ৰবণ এলেকাক লৈ মানচিত্ৰ

অধ্যয়নৰ পৰা গম পোৱা গৈছে যে অঞ্চলটোৰ ১৫ শতাংশই সৰ্বাধিক ভূমিস্খলন প্ৰবণ

Posted On: 31 AUG 2020 12:54PM by PIB Guwahati

অন্যান্য পাৰ্বত্য অঞ্চলৰ দৰে উত্তৰাখণ্ডৰ জনপ্ৰিয় হিল ষ্টেচন হৈছে মুছৌৰী। সম্প্ৰতি উক্ত অঞ্চলত বহুবাৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। বৰ্দ্ধিত দুৰ্যোগৰ ঘটনাৰ বাবে বিজ্ঞানীসকলে মুছৌৰী আৰু ইয়াৰ আশ-পাশৰ অঞ্চলৰ ভূমিস্খলন প্ৰবণ এলেকাৰ অনুসন্ধান কৰি মানচিত্ৰ প্ৰস্তুত কৰিছে। ইয়াৰ পৰা জানিব পৰা গৈছে যে এই অঞ্চলৰ প্ৰায় ১৫ শতাংশ এলেকাই ভূমিস্খলন প্ৰবণ।

 

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনৰ ৱাডিয়া ইনষ্টিটিউট অৱ জিঅলজী(ডব্লিউআইএইচজি)ৰ বিজ্ঞানীসকলে এই মানচিত্ৰ তৈয়াৰৰ কাম কৰে। তেওঁলোকে মুছৌৰী আৰু ইয়াৰ পাশ্বৱৰ্তী ৮৪ বৰ্গকিলোমিটাৰ এলেকাক সামৰি এই গৱেষণা চলায়। গৱেষণাত তেওঁলোকে দেখে যে এই অঞ্চলটি অত্যন্ত ভূমিস্খলন প্ৰবণ। জাৰ্ণাল অৱ আৰ্থ চিষ্টেম ছায়েন্সত প্ৰকাশিত ভূমিস্খলনৰ সংবেদনশীলতা বিষয়ক মানচিত্ৰত আৰু দেখা পোৱা গৈছে যে এই অঞ্চলৰ প্ৰায় ২৯শতাংশ এলেকা মধ্যম ধৰণৰ ভূমিস্খলন প্ৰবণ আৰু ৫৬ শতাংশ এলেকা সামান্য ভূমিস্খলন প্ৰবণৰ ভিতৰত পৰে। ৱাডিয়া ইনষ্টিটিউট অৱ জিঅলজী(ডব্লিউআইএইচজি)ৰ গৱেষকসকলে জিঅগ্ৰাফিক ইনফৰমেশ্যন ছিষ্টেম(জিআইএছ) আৰু হাই ৰিজলিউশ্যন উপগ্ৰহ ছবি ব্যৱহাৰ কৰি এই মানচিত্ৰ তৈয়াৰ কৰিছে। এই সমীক্ষাই ভাৰতৰ বিভিন্ন অঞ্চলৰ পাৰ্বত্য এলেকাত ব্যাপক হাৰত হোৱা ভূমিস্খলনৰ সম্ভাৱনা, শংকা আৰু দুৰ্বলতা মূল্যায়ন(এইচআৰভিএ) আৰম্ভ কৰাত বিশেষভাৱে সহায় কৰিব পাৰে।

 

******************************************************************

NB/KGS(DST Media Cell)/KG

 



(Release ID: 1650540) Visitor Counter : 207