কয়লা মন্ত্ৰালয়

‘ক’ল ইণ্ডিয়া’ই ২০২৩-২৪ বিত্তীয় বৰ্ষত ৫০০টা প্ৰকল্পৰ বাবে ১.২২লাখ কোটিৰো অধিক পুঁজি বিনিয়োগ কৰিব : প্ৰহ্লাদ যোশী

৪৯টা ‘ফাৰ্ষ্ট মাইল কানেক্টিভিটী প্ৰকল্প’ৰ বাবে ‘চিআইএল’-য়ে বিনিয়োগ কৰিব ১৪,২০০ কোটি টকা

কয়লাৰ পৰিবহণ ব্যৱস্থালৈ অধিক পাৰদৰ্শিতা অনাৰ লক্ষ্যৰে বিনিয়োগৰ দিহা

৩৪,৬০০কোটি টকা বিনিয়োগৰ বাবে চিনাক্ত কৰা হৈছে ১৫টা ‘গ্ৰীণফিল্ড প্ৰকল্প’

Posted On: 01 SEP 2020 4:52PM by PIB Guwahati

কয়লা উত্পাদনৰ ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰ কৰাৰ লক্ষ্যৰে দেশৰ খনিজ উত্পাদক প্ৰতিষ্ঠান ল ইণ্ডিয়া লিমিটেড(চিআইএল)য়ে ২০২৩-২৪ বিত্তীয় বৰ্ষত ১বিলিয়ন টন পৰিমাণৰ কয়লা উত্পাদনৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে। এই উদ্দেশ্যে প্ৰতিষ্ঠানটোৱে বছৰটোত কয়লা উদ্ঘাটন, আন্তঃগাঁথনি নিৰ্মাণ, প্ৰকল্প উন্নয়ণ, নতুন কয়লা ক্ষেত্ৰৰ অনুসন্ধান আৰু নিকা প্ৰযুক্তিৰ উদ্ভাৱন সম্পৰ্কীয় প্ৰায় ৫০০টা প্ৰকল্পত ১.২২লাখ কোটি টকা পৰিমাণৰ পুঁজি বিনিয়োগ কৰিব বুলি তথ্য দাঙি ধৰে কেন্দ্ৰীয় কয়লা আৰু খনি দপ্তৰৰ মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে। মন্ত্ৰীগৰাকীয়ে আজি চিআইএল-য়ে অনুষ্ঠিত কৰা এক সভাত ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে প্ৰদান কৰা ভাষণত এই তথ্য প্ৰকাশ কৰে।

কয়লা উত্পাদন, পৰবহণকে ধৰি সংশ্লিষ্ট ক্ষেত্ৰসমূহৰ অংশীদাৰীসকলে অংশগ্ৰহণ কৰা সভাখনত বক্তব্য প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সংশ্লিষ্ট সকলো অংশীদাৰী পক্ষৰ মাজত অনুষ্ঠিত আলোচনাই যিকোনো প্ৰসংগৰ খৰটকীয়া সমাধান নিশ্চিত কৰাৰ লগতে যিকোনো প্ৰকল্পৰ কাম-কাজত আহিব পৰা বিপদৰ সম্ভাৱনীয়তাকো বহু পৰিমানে প্ৰশমিত কৰিব পাৰে। এনে পাৰস্পাৰিক আলোচনা সকলোৰে বাবে মংগলদায়ক হোৱাৰ লগতে নতুন চিন্তা, নতুন উদ্যম আৰু কাম-কাজসমূহক অধিক পাৰদৰ্শি কৰি তোলাৰ ক্ষেত্ৰত সহায়ক হয়।

ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে তথ্য দাঙি ধৰি কয় যে, ‘ক’ল ইণ্ডিয়া’ৰ সন্মুখত বাণিজ্যৰ বিপুল সম্ভাৱনীয়তা আছে। ২০২৩-২৪ বিত্তীয় বৰ্ষত প্ৰতিষ্ঠানটোৱে দুটা পৰ্যায়ত সম্পূৰ্ণ কৰিবলগীয়া ৪৯টা ‘ফাৰ্ষ্ট মাইল কানেক্টিভিটী প্ৰকল্প’ৰ বাবে ১৪,২০০ কোটি টকা বিনিয়োগ কৰিব। ‘ফাৰ্ষ্ট মাইল কানেক্টিভিটী’ৰ অৰ্থ হ’ল কয়লা আহৰণ ক্ষেত্ৰৰ পৰা কয়লা প্ৰেৰণ ক্ষেত্ৰৰ মাজৰ পথৰ সংযোগ। কয়লাৰ পৰিবহণ ব্যৱস্থালৈ অধিক পাৰদৰ্শিতা অনাৰ লক্ষ্যৰেই এই বিনিয়োগৰ দিহা কৰা হৈছে বুলি অভিমত ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে।

‘ক’ল ইণ্ডিয়া’ই ২০২৩-২৪ বিত্তীয় বৰ্ষত বিনিয়োগ কৰিব খোজা ১.২২লাখ কোটি টকাৰ ৩২,৬৯৬কোটি কয়লাৰ উদ্ঘাটন, ২৫,১১৭কোটি খনিসমূহৰ আন্তঃগাঁথনি নিৰ্মাণ, ২৯,৪৬১ কোটি প্ৰকল্প উন্নয়ণ, ৩২,১৯৯কোটি প্ৰকল্পসমূহৰ পৰিসৰ বৃদ্ধি তথা পৰিশ্ৰুত কয়লা প্ৰযুক্তি বিকশিত কৰা, ১,৪৯৫ কোটি সামাজিক আন্তঃগাঁথনি নিৰ্মাণ আৰু ১,৮৯৩কোটি টকা বছৰটোত কয়লাক্ষেত্ৰ অনুসন্ধানৰ বাবে বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে।

ইফালে, বিত্তীয় বৰ্ষটোত ৩৪,৬০০কোটি টকা বিনিয়োগৰ বাবে ১৫টা ‘গ্ৰীণফিল্ড প্ৰকল্প’ চিনাক্ত কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

সভাখনত কয়লা মন্ত্ৰালয়ৰ সচিব শ্ৰী অনিল কুমাৰ জৈন, ‘চিআইএল’-ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক শ্ৰী প্ৰমোদ আগৰৱালৰ লগতে কয়লা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া-বৰ্গয়ো অংশ গ্ৰহণ কৰে।

****

RJ/NG/KB



(Release ID: 1650529) Visitor Counter : 219