ৰেল মন্ত্ৰালয়

৯৬০টাতকৈ অধিক ষ্টেচনত সৌৰ বিদ্যুৎ উৎপাদন কৰিছে ভাৰতীয় ৰে’লৱেই

৫৫০টা ষ্টেচনৰ মুধচত ১৯৮ মেগাৱাট সৌৰ শক্তি উৎপাদনৰ কাম চলি আছে

Posted On: 31 AUG 2020 5:44PM by PIB Guwahati

ভাৰতীয় ৰে’লৱেই ইয়াৰ প্ৰয়োজনীয় সকলো শক্তিৰ ১০০%ই বহনক্ষম কৰি তোলা তথা ৰাষ্ট্ৰীয় সৌৰ শক্তিৰ লক্ষ্য অৰ্জনৰ প্ৰতি বৰঙণি আগবঢ়োৱাৰ উদ্দেশ্যে ৯৬০টাততৈ অধিক ষ্টেচনত সৌৰ বিদ্যুপাদনৰ কাম আৰম্ভ কৰিছে৷ তদুপৰি, ৫৫০টা ষ্টেচনৰ মুধচত ১৯৮ মেগাৱাট সৌৰ শক্তি উপাদনৰ কাম চলি আছে৷

উল্লেখ্য যে ভাৰতীয় ৰে’লৱেই আগশাৰীৰ সৌৰ শক্তি বিকাশ সাধন কৰোঁতা কোম্পানীৰ সৈতে শেহতীয়াকৈ এক বৈঠকত মিলিত হয়, য’ত কোম্পানীসমূহে ২০৩০ চনৰ ভিতৰত ভাৰতীয় ৰে’লৱেৰ কাৰ্বন নিৰ্গমণ শূন্য কৰি তোলাৰ যাত্ৰাত সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে৷ ভাৰতীয় ৰে’লৱে ২০৩০ চনৰ ভিতৰত ইয়াৰ প্ৰয়োজনীয় বাৰ্ষিক ৩৩ বিলিয়ন ইউনিট বিদ্যুতৰ সকলো সৌৰ শক্তিৰ জৰিয়তে উপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ বৰ্তমান ৰে’লৱেক বছৰি ২০ বিলিয়ন ইউনিট বিদ্যু প্ৰয়োজন হয়৷

ভাৰতীয় ৰে’লৱে ২০৩০ চনৰ ভিতৰত ইয়াৰ সকলো খালী ঠাই ব্যৱহাৰ কৰি ২০ গিগাৱাট সৌৰ শক্তি উপাদন প্ৰকল্প স্থাপনৰ বৃহ পৰিকল্পনা হাতত লৈছে৷ ২০২৩ চনৰ ভিতৰত সকলো ৰে’ল লাইন বিদ্যুতীকৰণৰ লক্ষ্য লোৱা ৰে’লৱেই বাৰাণসী, নতুন দিল্লী, পুৰণি দিল্লী, জয়পুৰ, ছেকেন্দ্ৰাবাদ, কলকাতা, হায়দৰাবাদ, হাওৰা আদি ষ্টেচনসমূহত সৌৰ বিদ্যু সংযোগ সম্পূৰ্ণ কৰিছে৷ পৰিকল্পিত তথা কৰ্মৰত প্ৰকল্পসমূহ কাৰ্যক্ষম হ’লে বিদ্যু যোগান ধৰাৰ উপৰি যাত্ৰীৰ ভাৰাও হ্ৰাস হোৱাত সহায় কৰিব৷ তদুপৰি, ৰে’ল লাইনৰ কাষে কাষে পকী বেৰ নিৰ্মাণৰ ফলত ৰে’লৱেৰ ভূমিও সুৰক্ষিত হ’ব৷

*****

DJN/MKV/DB



(Release ID: 1650265) Visitor Counter : 191