গৃহ মন্ত্ৰালয়

“অৰ্থনীতি আৰু দুৰ্যোগৰ দুৰ্ভাৱনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত ভাৰতে ভৱিষ্যৎ বিশ্বজনীন কূটনৈতিক কাৰ্যপন্থাত মূল ভূমিকা পালন কৰিব”: ৰাজ্যিক মন্ত্ৰী (গৃহ) শ্ৰী নিত্যানন্দ ৰায়

দুৰ্যোগৰ দুৰ্ভাৱনা ব্যৱস্থাপনাত প্ৰধান মন্ত্ৰীৰ কাৰ্যপন্থাক প্ৰোৎসাহনৰ অৰ্থে ৩-দিনীয়া আন্তঃৰাষ্ট্ৰীয় কাৰ্যক্ৰমণিকাৰ সামৰণি অনুষ্ঠানত শ্ৰী ৰায়ৰ ভাষণ প্ৰদান

Posted On: 29 AUG 2020 11:17AM by PIB Guwahati

গৃহ পৰিক্ৰমাৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে কয় যে অৰ্থনীতি আৰু দুৰ্যোগ দুৰ্ভাৱনা ব্যৱস্থাপনা (ডিআৰএম)ৰ ক্ষেত্ৰত ভৱিষ্যৎ বিশ্বজনীন কূটনৈতিক কাৰ্যপন্থাত ভাৰতে মূল ভূমিকা পালন কৰিব। ডিআৰএমৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় ১০ দফীয়া কাৰ্যপন্থাৰ উদ্দীপনা আৰু লক্ষ্যৰ অৱতাৰণা কৰে আৰু উল্লেখ কৰে যে এই কাৰ্যপন্থাৰ ৫ নং দফাটোত বিজ্ঞান আৰু প্ৰযুক্তি (এছএণ্ডটি)ৰ অগ্ৰগতি, ৬ নং দফাটোত জলবায়ু দুৰ্ভাৱনা ব্যৱস্থাপনাৰ অংশ স্বৰূপে দুৰ্যোগ-সম্পৰ্কীয় সমস্যাৰাজিৰে কাম কৰিবলৈ বিশ্ববিদ্যালয়সমূহৰ এটা নেটৱৰ্ক সৃষ্টিত পোষকতা কৰা হৈছে।

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান (এনআইডিএম) আৰু ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ (ডিএছটি)ৰদ্বাৰা ২৭ আগষ্ট, ২০২০ ত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আয়োজিত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি সন্মিলনৰ সামৰণি অনুষ্ঠানত পৌৰহিত্য কৰি, শ্ৰী ৰায়ে আমাৰ দেশখনত বিজ্ঞান আৰু প্ৰযুক্তিজনিত প্ৰতিভাসমূহত বিশ্বাস থকাৰ কথা সদৰী কৰে আৰু কয় যে বিজ্ঞান আৰু প্ৰযুক্তিৰ মনোভাৱ দূৰৱৰ্তী অঞ্চলক সংযোজিত কৰা আৰু আমাৰ মাতৃভূমিৰ প্ৰতিজন অভাৱী লোকৰ প্ৰয়োজন পূৰণ কৰিব পৰা বিধৰ হ’ব লাগে।

আমাৰ দেশত দুৰ্যোগ স্থিতিস্থাপকতা সংক্ৰান্তীয় জ্বলন্ত সমস্যাৰাজি আৰু ভিন্ন প্ৰসংগৰ সমাধান সূত্ৰত উপনীত হোৱা আৰু একেলগে চিন্তা কৰিবলৈ তথা একেলগে কথা পাতিবলৈ একেখন মঞ্চতে সু চিন্তকসকলক একত্ৰিত কৰাৰ বাবে আৰু প্ৰধানমন্ত্ৰীৰ লক্ষ্যক বাস্তৱায়িত কৰি তুলিবলৈ বিজ্ঞান আৰু প্ৰযুক্তি এপ্লিকেশ্যনৰ বৰ্ধনৰ বাবে এনআইডিএম আৰু ডিএছটিৰ প্ৰচেষ্টাৰ শলাগ লৈ, শ্ৰী ৰায়ে কয় যে এই ৩-দিনীয়া সন্মিলনৰ সিদ্ধান্ত আৰু ফলাফলসমূহে নিশ্চয়কৈ আহিবলগীয়া সময়ত গ্ৰহণ কৰিবলগীয়া কাৰ্যপন্থাক এটা গতি প্ৰদান কৰিব।

Description: C:\Users\AK\Desktop\1bf6d7b6-35fb-4909-bba4-67d33234c349.jpgDescription: C:\Users\AK\Desktop\11bab68d-9754-4b28-b72a-a307a19f104a.jpgDescription: C:\Users\AK\Desktop\14c7e90f-f65c-4eb0-afeb-a7ee9bc8f41b.jpg

সন্মিলনখনিৰ আহ্বায়ক, এনআইডিএমৰ ইচিডিআৰএম বিভাগৰ বিভাগীয় মূৰব্বী অধ্যাপক অনিল কুমাৰ গুপ্তাই সন্মিলনখনিৰ সাৰমৰ্ম উপস্থাপন কৰে আৰু মূল প্ৰস্তাৱসমূহৰ অৱতাৰণা কৰে। এনআইডিএমৰ কাৰ্যবাহী সঞ্চালক, মেজৰ জেনেৰেল মনোজ কুমাৰ বিন্দালে দুৰ্যোগ, জলবায়ু আৰু উন্নয়নৰ প্ৰসংগত এই কাৰ্যসূচীৰ প্ৰাসংগিকতা উল্লেখ কৰে। পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয় (MoEF&CC)ৰ যুটীযা সচিব ডঃ জিগমেট টাকপাই দেশখনত ক্লাইমেট চেঞ্জ এডাপশ্যন (CCA) আৰু ডিআৰআৰ ৰ অৰ্থে কাম কৰিবলৈ চৰকাৰ আৰু বেচৰকাৰী সংস্থাসমূহৰ মাজত সমন্বয় আৰু সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যুটীয়া সচিব (ডিএম) শ্ৰী সঞ্জীৱ জিন্দালে দেশখনত থকা দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠানিক ব্যৱস্থাটোৰ সংহতি আৰু সংকল্প ব্যক্ত কৰে আৰু সংকটৰ সময়ত ইয়াৰ বিচিত্ৰ ভূমিকাৰ কথা উল্লেখ কৰে।

২৫ আগষ্ট, ২০২০ ত এই সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে বিজ্ঞান-প্ৰযুক্তি আৰু পৰিয়াল-স্বাস্থ্য কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে। ক্লাইমেট এডাপশ্যন প্লেনিং প্ৰজেক্টৰ অধীনত আয়োজিত এই আন্তঃৰাষ্ট্ৰীয় কাৰ্যক্ৰমণিকাত সহযোগিতা আগবঢ়াই বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে। আয়োজক সমিতিৰ অধ্যক্ষ, ইউজিচিৰ প্ৰাক্তন সচিব আৰু ভাৰত চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি বিভাগৰ উপদেষ্টা ডঃ অখিলেশ গুপ্তাই দেশখনত দুৰ্যোগ স্থিতিস্থাপকতাৰ সংহতকৰণ আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানসমূহেৰে মোকাবিলা কৰিবলৈ আনুষ্ঠানিক সবলীকৰণ আৰু গৱেষণা নিৰ্ভৰ চায়েন্স এপ্লিকেশ্যন আৰু নীতিৰ সংহতকৰণৰ প্ৰয়োজনীয়তাৰ কথা কয়। ইয়াত ডিএছটিৰ সচিব ডঃ আশুতোষ শৰ্মাই বিশিষ্ট অতিথি হিচাপে মূল ভাষণ প্ৰদান কৰাৰ সমান্তৰালভাৱে, এনডিএমএৰ সচিব শ্ৰী জি ভি ভি শৰ্মাই বিশেষ ভাষণ আগবঢ়াই জলবায়ু আৰু দুৰ্যোগ স্থিতিস্থাপকতাৰ অৰ্থে ডিএছটিৰদ্বাৰা গ্ৰহণ কৰা বিজ্ঞান উদ্ভাৱন আৰু বিজ্ঞান সহযোগিতা ব্যৱস্থাৰ অৱলোকন কৰে। এনডিএমএৰ সদস্য শ্ৰী কমল কিশোৰে তেখেতৰ মন্তব্যত ফলপ্ৰসূতাৰ অৰ্থে গৱেষণা প্ৰণালীটোৰ বহু মাত্ৰিক সমন্বয়ৰ প্ৰয়োজনীয়তাত গুৰুত্ব প্ৰদান কৰে।

এই কাৰ্যসূচীত ভাৰতৰ ভিন্ন প্ৰান্ত আৰু ১০ খনৰো অধিক দেশৰ বিশেষজ্ঞ, চৰকাৰী বিষয়াবৰ্গ, নীতি পৰিকল্পনাকাৰী, ৰূপায়ণকাৰীয়ে ভাগ লয়।

*****

NW/RK/AD/SS/DDD/SB



(Release ID: 1649694) Visitor Counter : 169