নতুন আৰু পুনঃনবীকৰণযোগ্য শক্তি মন্ত্ৰালয়

অনলাইন মাধ্যমেৰে এআৰইএএছ ৰ ৬ষ্ঠ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত শক্তিমন্ত্ৰীৰ অংশগ্ৰহণ

এআৰইএএছ ৰ ৱেবচাইট আৰু টেলিফোন ডাইৰেক্টৰী মুকলি

আৰইৰ লাভালাভ সন্দৰ্ভত সজাগতা সৃষ্টিৰ অৰ্থে এআৰইএএছ ক আহ্বান শ্ৰী আৰ কে সিঙৰ

বৰ্ধিত চাহিদা আৰু অধিক নিৰ্মাণ সুবিধাৰে আৰই ৰ ষ্ট’ৰেজ মূল্য হ্ৰাস পাবঃ শ্ৰী সিং

সকলো সময়তে আৰইৰ বাবে আৰপিঅ’ৰ প্ৰস্তাৱনাই ষ্ট’ৰেজক প্ৰোৎসাহিত কৰিবঃ শ্ৰী আৰ কে সিং

Posted On: 28 AUG 2020 3:15PM by PIB Guwahati

কেন্দ্ৰীয় শক্তি আৰু নতুন-নৱীকৰণযোগ্য মন্ত্ৰী আৰু এছ’চিয়েশ্যন অৱ ৰিনিউৱেবল এনাৰ্জী এজেন্সী অৱ ষ্টেটছ (AREAS)ৰ পৃষ্ঠপোষক শ্ৰী আৰ.কে. সিঙে ২৭ আগষ্ট, ২০২০ ত অনলাইন মাধ্যমেৰে এআৰইএএছ ৰ ৬ষ্ঠ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ এআৰইএএছ ৰ ৱেবচাইট www.areas.org.in আৰু এআৰইএএছ ৰ টেলিফোন ডাইৰেক্টৰীও উন্মোচন কৰে।

নৱীকৰণযোগ্য শক্তিৰ ভৱিষ্যৎ সন্দৰ্ভত ব্যক্ত কৰি, শ্ৰী সিঙে কয়, “আজি নৱীকৰণযোগ্য শক্তি অৰ্থনৈতিকভাৱে ব্যৱহাৰ্য। একমাত্ৰ অশ্বাৰোহী হৈছে সঞ্চয় (storage)। সময়ৰ লগে-লগে ষ্ট’ৰেজৰ মূল্য হ্ৰাস পাব। আমি বৰ্ধিত চাহিদাৰদ্বাৰা আৰু অধিক নিৰ্মাণ সুবিধা আৰোপ কৰি ষ্ট’ৰেজ মূল্য হ্ৰাস কৰিম। ই নৱীকৰণযোগ্যতাৰ ৰূপান্তৰক ক্ষীপ্ৰ কৰি তুলিব। ইয়াকে লৈ অধিক পৰিমাণে ভৱিষ্যৎ পৰিকল্পনা মজুত হৈ আছে। মই ২৪ ঘন্টাই নৱীকৰণযোগ্য শক্তিৰ বাবে আৰপিঅ’ৰ প্ৰস্তাৱ জনাইছো যিয়ে ষ্ট’ৰেজক প্ৰোৎসাহিত কৰিব।তেওঁ লগতে কয় যে নৱীকৰণযোগ্যতাৰ জৰিয়তে বিদ্যুৎ ব্যৱহাৰৰ প্ৰতি উৎসাহিত কৰিবলৈ হৰ্ডিং, ৰেডিঅ’/টিভি স্পটছকে ধৰি প্ৰচাৰ পৰিকল্পনা আৰম্ভৰ দৰে কাৰ্যসূচী এআৰইএএছ এ মিছন হিচাপে ৰূপায়ণ কৰিব লাগে। ইয়াৰ জৰিয়তে যে জনসাধাৰণৰ বিদ্যুতৰ বাবে ব্যয় ৰাহি হ’ব আৰু পৰিবেশৰ বাবে যে ই ভাল সেই সন্দৰ্ভত তেওঁলোকক সজাগ কৰি তুলিব লাগে। ইয়াৰ বাবে মন্ত্ৰণালয়ে এআৰইএএছ লৈ অতিৰিক্ত কৰ্পাছ ফাণ্ড আগবঢ়াব পাৰে। নৱীকৰণযোগ্য শক্তি খণ্ডৰ সমস্যাৰাজি আলোচনা আৰু সম্ভাৱ্য উদ্ভাৱনীমূলক সমাধান সূত্ৰ নিৰ্ণয় কৰিবলৈ এআৰইএএছ এ তিনিমাহত এবাৰকৈ হ’লেও বৈঠক অনুষ্ঠিত কৰা উচিত।

এমএনআৰই ব্যৱস্থাৰ অংশস্বৰূপে প্ৰযুক্তি আৰু আঁচনি/কাৰ্যক্ৰমণিকা সন্দৰ্ভত পাৰস্পৰিক আলোচনা আৰু অভিজ্ঞতাৰ বিনিময়ৰে কৌশল আয়ত্ব তথা উৎকৃষ্ট কাৰ্যপন্থা আৰু জ্ঞানৰ আদান-প্ৰদানৰ বাবে এছ’চিয়েশ্যন অৱ ৰিনিউৱেবল এনাৰ্জী এজেন্সী অৱ ষ্টেটছ (AREAS) গঠন কৰা হয়। ২৭ আগষ্ট, ২০১৪ত ছ’চাইটি ৰেজিষ্ট্ৰেশ্যন এক্ট, ১৮৬০ৰ অধীনত এআৰইএএছ ৰ পঞ্জীয়ন সম্পন্ন হয়। এই সংস্থাটোৰ পৃষ্ঠপোষক হৈছে কেন্দ্ৰীয় নতুন আৰু নৱীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী আৰু সভাপতি হৈছে এমএনআৰইৰ সচিব। ইফালে সকলো এছএনএ ( ষ্টেট ন’ডেল এজেন্সী) হৈছে সংস্থাটোৰ সদস্য।

এনএনএসমূহৰ মাজত পাৰস্পৰিক আলোচনা আৰু অভিজ্ঞতা আৰু জ্ঞানৰ আদান-প্ৰদানৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি, আৰইএএছ ৰ পুনৰ উজ্জীৱিতকৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰা যায়। যোৱা দুটা মাহত অনলাইন মাধ্যমেৰে চাৰিখন বৈঠক/কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। আৰইএএছ ৰ যথোচিত কাৰ্যক্ষমতাৰ অৰ্থে ৩০ জুলাই, ২০২০ ত অনুষ্ঠিত বৈঠকত এআৰইএএছ ৰ সাধাৰণ সমিতিৰদ্বাৰা উপ সভাপতি আৰু কাৰ্যকৰী সমিতি বাছনি কৰা হৈছিল।

RCJ/ M/SB



(Release ID: 1649427) Visitor Counter : 189