শক্তি মন্ত্ৰালয়
‘পিঅ’এছঅ’চিঅ’ৰ মহিলা কৰ্মীয়ে গ্ৰহণ কৰা অনন্য ভূমিকাক অভিনন্দন জনাবলৈ ‘পিঅ’এছঅ’চিঅ’-ই উন্মোচন কৰিলে ‘নাৰী শক্তি’ শীৰ্ষক ভিডিঅ’
प्रविष्टि तिथि:
28 AUG 2020 2:55PM by PIB Guwahati
ৰাষ্ট্ৰীয় শক্তি গ্ৰীড পৰিচালনাৰে জড়িত কেন্দ্ৰীয় শক্তি মন্ত্ৰালয় অধীনস্থ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ‘পিঅ’এছঅ’চিঅ’-ত মহিলা বিষয়া-কৰ্মীসকলে গ্ৰহণ কৰা অনন্য ভূমিকাক অভিনন্দন জনোৱাৰ উদ্দেশ্যে প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰি উলিওৱা ‘নাৰী শক্তি’ শীৰ্ষক এক ভিডিঅ’ আজি আনুষ্ঠানিক ভাবে উন্মোচন কৰা হয়। প্ৰতিষ্ঠানটোৰ ‘মানৱ সম্পদ বিভাগ’ৰ সঞ্চালক শ্ৰীমতী মিনাক্ষী দাৱৰে ‘ক’ৰ্পোৰেট চেণ্টাৰ অফিচ’ৰ পৰা ভিডিঅ’টি উন্মোচন কৰে। এই সম্পৰ্কীয় ৱে’বিনাৰখনত ‘পিঅ’এছঅ’চিঅ’-ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক কে ভি এছ বাবা, ‘প্ৰণালী কাৰ্য পৰিচালনা বিভাগ’ৰ সঞ্চালক এছ আৰ নৰসিংহন, ‘বিপণন কাৰ্য পৰিচালনা বিভাগ’ৰ সঞ্চালক এছ এছ বৰপাণ্ডা, ‘বিত্ত বিভাগ’ৰ সঞ্চালক আৰ কে শ্ৰীবাস্তৱ, ‘পিঅ’এছঅ’চিঅ’-ৰ পৰামৰ্শদাতা এছ কে সোণীকে ধৰি সকলো ‘আৰএলডিচি’ প্ৰধান আৰু প্ৰশিক্ষাৰ্থীসকল উপস্থিত থাকে।
এই সন্দৰ্ভত প্ৰদান কৰা ভাষণত শ্ৰীমতী দাৱৰে কয়, পুৰুষ-মহিলাই একেলগে কাম কৰা গোটসমূহক উত্সাহিত কৰিব পৰাকৈ নেতৃত্ব দান কৰাৰ দৰে প্ৰত্যাহ্বান আজিৰ মহিলা বিষয়াসকলে গ্ৰহণ কৰিবলগীয়া হৈছে। এই ক্ষেত্ৰত ‘পিঅ’এছঅ’চিঅ’-ৰ বাতাবৰণ আদৰ্শনীয় বুলি উল্লেখ কৰা দাৱৰে প্ৰতিষ্ঠানটোৱে মহিলা কৰ্মীসকলক উন্নত প্ৰদৰ্শন কৰিব পৰা সকলো সুযোগেই প্ৰদান কৰি আহিছে বুলি মন্তব্য প্ৰকাশ কৰে। পৰম্পৰাগত ধাৰণাৰ বিপৰীতে প্ৰতিষ্ঠানটোত মহিলা বিষয়া-কৰ্মচাৰীসকলক তেওঁলোকৰ চিন্তাক কাৰ্য ক্ষেত্ৰত ৰূপায়ণ কৰি লক্ষ্য প্ৰাপ্তিৰ দিশত আগুৱাই যোৱাৰ বাবে উত্সাহিত কৰি অহা হৈছে বুলিও তেওঁ উল্লেখ কৰে।
তেওঁ প্ৰতিষ্ঠানটোৰ সকলো মহিলা বিষয়া-কৰ্মচাৰীকে ‘পিঅ’এছঅ’চিঅ’-ৰ সাফল্যৰ ক্ষেত্ৰত তেওঁলোকে প্ৰদৰ্শন কৰা আদৰ্শনীয় ভূমিকাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
প্ৰণিধানযোগ্য যে, শ্ৰী মিনাক্ষী দাৱৰ নিজেই বহু বঁটাৰে বিভূষিতা এগৰাকী মহিলা বিষয়া। বিগত সময়চোৱাত তেওঁ প্ৰদৰ্শন কৰা দক্ষতাসুলভ কৰ্ম-কুশলতাৰ বাবে দাৱৰক ‘ৱ’মেন এচীভাৰ এৱাৰ্ড’, ‘ৱ’মেন পাৰ্ছনা-ইন ৱেমা অব দ্যা ডেকাদ’, ‘দি এচীভাৰ এৱাৰ্ড’, ‘এমিটী লীদাৰশ্বিপ এৱাৰ্ড’, ‘চীজনেল এইচআৰ প্ৰফেশ্যনেল এৱাৰ্ড’, ‘’মেন ছুপাৰ এচীভাৰ এৱাৰ্ড ফৰ এক্সচেলেন্স ইন এইচআৰ’, ‘ৱ’মেন ইন এনাৰ্জী ছেক্টৰ এক্সচেলেন্স ইন এইচআৰ’, ‘প্ৰাইড অব পি আৰ প্ৰফেশ্যনেল-পাব্লিক ছেক্টৰ প্ৰফেশ্যন’ আৰু ‘টপ ৰেংকাৰ্ছ এক্সচেলেন্স’ আদিৰ দৰে বঁটাৰে সন্মানিত কৰা হৈছে।
ভিডিঅ’টি প্ৰত্যক্ষ কৰাৰ বাবে তলৰ লিংকৰে সংযুক্ত হ’ব পাৰিব:
https://posoco.in/video-gallery/.
RCJ/M/KB
(रिलीज़ आईडी: 1649396)
आगंतुक पटल : 245