জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২০ৰ বাবে একলব্য মডেল আবাসিক বিদ্যালয়ৰ শিক্ষক নিৰ্বাচিত

শ্ৰীমতী সুধা পাইনুলি, উপাধ্যক্ষ, ইএমআৰএছ-কালছি ডেৰাডুন ৪৭জনীয়া উৎকৃষ্ট শিক্ষকৰ তালিকাত অন্তৰ্ভুক্ত

Posted On: 28 AUG 2020 11:56AM by PIB Guwahati

চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২০ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত স্থাপিত একলব্য মডেল আবাসিক বিদ্যালয় (ইএমআৰএছ)ৰ বাবে এক উল্লেখযোগ্য অৱকাশ হিচাপে বিবেচিত হ’ব কিয়নো উত্তৰাখণ্ডৰ ডেৰাডুনৰ ইএমআৰএছ-কালছিৰ উপাধ্যক্ষ শ্ৰীমতী সুধা পাইনুলিয়ে প্ৰথমবাৰলৈ এই বঁটা বিজেতাৰ তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিছে৷

চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২০ৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয় (পূৰ্বৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়), বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে এক স্বতন্ত জুৰী ব্যৱস্থাৰ জৰিয়তে শিক্ষকসকলক বাচনি কৰিছে৷ শ্ৰীমতী সুধা পাইনুলিয়ে শিক্ষকৰ এই ৪৭জনীয়া তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে৷

শ্ৰীমতী সুধাক অভিনন্দন জ্ঞাপন কৰি জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাই কয়, ‘‘বাস্তৱিকতে এয়া ইএমআৰএছৰ বাবে বৃহৎ সফলতা৷ একলব্যৰ ইতিহাসত প্ৰথমবাৰলৈ এগৰাকী ইএমআৰএছ শিক্ষক শ্ৰীমতী সুধা পাইনুলিয়ে ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত হৈছে৷’’ 

উল্লেখ্য, ১৯৯৭-৯৮ চনত স্থাপিত হোৱা ইএমআৰএছৰ জৰিয়তে দূৰ্গম অঞ্চলৰ অনুসূচীত জনজাতি শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল৷ ২০১১ জনৰ জনগণনা অনুসৰি ৫৬৪খন উপ-জিলাৰ ১০২ খন উপ-জিলাত ইএমআৰএছ আছে৷ ২০২২ চনত ৪৬২খন নতুন ইএমআৰএছ মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে৷ এই বিদ্যালয়সমূহ নবোদয় বিদ্যালয়ৰ আৰ্হিত সজাই তোলা হ’ব৷

*****

NB/SK/UD/MANN



(Release ID: 1649186) Visitor Counter : 236