স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

দিল্লী/এনচিআৰ ত ই-সঞ্জীৱনীৰ জৰিয়তে টেলি-কনচালটেশ্যন ছাৰ্ভিচ আৰম্ভ চিজিএইচএছৰ

Posted On: 26 AUG 2020 12:17PM by PIB Guwahati

জ্যেষ্ঠ নাগৰিকসকলক হেল্থ কেয়াৰ ব্যৱস্থাকে প্ৰমুখ্য কৰি ৰাজহুৱা স্থানত উপস্থিতি নহ’বলৈ পৰামৰ্শ প্ৰদান কৰাৰ বাবে সাম্প্ৰতিক ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে জ্যেষ্ঠ নাগৰিক হিতাধিকাৰীসকলকে ধৰি ভিন্ন মহলৰপৰা লাভ কৰি অহা অনুৰোধৰ ভিত্তিত বিশেষজ্ঞ চিকিৎসকৰ জৰিয়তে টেলি-কনচালটেশ্যন সেৱা আৰম্ভ কৰা হৈছে।

হেল্থকেয়াৰ ব্যৱস্থালৈ সো-শৰীৰেৰে নহাকৈ ভাৰ্চুৱেল পদ্ধতিৰ জৰিয়তে বিশেষজ্ঞৰ সৈতে চিজিএইচএছ হিতাধিকাৰীসকলৰ পৰামৰ্শ গ্ৰহণ প্ৰশস্ত কৰি তুলিবলৈ, ২৫-৮-২০২০ৰ পৰা কাৰ্যকৰী হোৱাকৈ চিজিএইচএছে টেলি-কনচালটেশ্যন সেৱা আৰম্ভ কৰিছে। আৰম্ভণিতে, দিল্লী/এনচিআৰৰ হিতাধিকাৰীসকলৰ বাবে এই সেৱা উপলব্ধ হ’ব। সকলো দৈনন্দিন কাম-কাজৰ দিনত পুৱা ৯.০০ বজা আৰু দুপৰীয়া ১২ বজাৰ ভিতৰত এই ই-সেৱা উপলব্ধ হৈছে।

চিজিএইচএছ টেলি-কনচালটেশ্যন সেৱাই বৰ্তমানে কাৰ্যক্ষম স্বাস্থ্য মন্ত্ৰণালয়ৰ ই-সঞ্জীৱনী মাধ্যম ব্যৱহাৰ কৰিছে। সহজে ব্যৱহাৰ কৰিব পৰাকৈ, এই মাধ্যমেৰে হিতাধিকাৰীসকলৰ আইডি সংযুক্ত কৰা হৈছে। বিশেষজ্ঞৰ অ’পিডি সেৱা লাভৰ অৰ্থে, হিতাধিকাৰীসকলে তেওঁলোকৰ ম’বাইল নম্বৰ ব্যৱহাৰ কৰি মাধ্যমটোত পঞ্জীয়ন কৰিব লাগিব তাৰ পাছত ভেৰিফিকেশ্যনৰ উদ্দেশ্যেৰে এটা অ’টিপি লাভ কৰিব। ভেৰিফিকেশ্যন সম্পন্নৰ লগে-লগে, হিতাধিকাৰীয়ে চিষ্টেমটোত লগ অন, পেচেন্ট পঞ্জীয়ন প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব তথা টোকেনৰ অনুৰোধ আৰু হেল্থ ৰেকৰ্ড আপল’ড (প্ৰয়োজন হ’লে) কৰিব পাৰিব।

ৰোগী এজনে এছএমএছৰ জৰিয়তে পেচেন্ট আইডি আৰু টোকেন লাভ কৰিব আৰু তদুপৰি তেওঁলোকে অনলাইন কিউত তেওঁলোকৰ নম্বৰ সম্পৰ্কে জানিবলৈ সক্ষম হ’ব। তেওঁলোকৰ পালত, এটা ‘কল নাও’ বাটন সক্ৰিয় হৈ পৰিব আৰু ইয়াক ব্যৱহাৰৰ জৰিয়তে, পৰামৰ্শৰ বাবে বিশেষজ্ঞৰ সৈতে হিতাধিকাৰীজনে ভিডিঅ’ কল আৰম্ভ কৰিব পাৰিব। টেলি-কনচালটেশ্যনৰ সমাপ্তিৰ লগে-লগে, এখন ই-প্ৰেচক্ৰিপশ্যন লাভ কৰিব। ইয়াক ব্যৱহাৰ কৰি, ৰোগীসকলে তেওঁলোকৰ সংশ্লিষ্ট চিজিএইচএছ কল্যাণ কেন্দ্ৰৰপৰা মেডিচিন লাভ কৰিব পাৰিব।

’ভিড-১৯ৰ সময়ছোৱাত বাহিৰলৈ উলাব নোৱাৰা অথচ বিশেষজ্ঞৰ সৈতে পৰামৰ্শ গ্ৰহণৰ প্ৰয়োজনীয়তা থকা চিজিএইচএছ ৰ হিতাধিকাৰীসকলৰ বাবে চিজিএইচএছৰ এই নতুন টেলি-কনচালটেশ্যন সেৱা আশীৰ্বাদস্বৰূপ হৈ উঠিব।

তলত উল্লেখ কৰা বিশেষজ্ঞসমূহৰ বাবে উক্ত সেৱাৰ অধীনত পৰামৰ্শ লাভ কৰিব পাৰিবঃ

  1. মেডিচিন
  2. অৰ্থ’পেডিক্স
  3. চকু
  4. ইএনটি

নিয়মীয়া অ’পিডি সেৱাৰ বাবে প্ৰতিগৰাকী চিজিএইচএছ হিতাধিকাৰীয়ে নিৰ্দিষ্ট কল্যাণ কেন্দ্ৰ (WC)ৰে যোগাযোগ কৰিব লাগে যদিও এতিয়া দেশখনৰ যিকোনো স্থানৰ যিকোনো এনে কেন্দ্ৰত অ’পিডি সেৱা লাভ কৰিব পাৰিব। বিশেষজ্ঞসকলেৰে পৰামৰ্শ গ্ৰহণৰ সুবিধা লাভ কৰিবলৈ, চিজিএইচএছ হিতাধিকাৰীসকলক তেওঁলোকৰ কল্যাণ কেন্দ্ৰৰ চিকিৎসা বিষয়ায়ো ৰেফাৰ কৰিব পাৰিব (জ্যেষ্ঠ নাগৰিকৰ বাবে কল্যাণ কেন্দ্ৰৰপৰা এনে ৰেফাৰেলৰ প্ৰয়োজনীয়তা নাই)।

******

MV/SB



(Release ID: 1648837) Visitor Counter : 184