স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ডাঃ হৰ্ষ ৱৰ্ধনে ৰাজস্থানৰ দুখন নতুন চিকিৎসা মহাবিদ্যালয় আৰু তিনিখন ছুপাৰ স্পেচিয়েলিটী ব্ল’ক দেশবাসীলৈ বুলি উচৰ্গা কৰিলে

ডাঃ হৰ্ষ ৱৰ্ধনে ‘বাজপেয়ীজীৰ ৰাষ্ট্ৰৰ প্ৰতি থকা দায়ৱদ্ধতা’ পূৰণ কৰাৰ বাবে চৰকাৰী সংঘবাদক প্ৰশংসা কৰে

Posted On: 26 AUG 2020 3:45PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী অশোক গেহলাৱটৰ সৈতে ৰাজস্থানত দুখন নতুন চিকিৎসা মহাবিদ্যালয় আৰু তিনিখন ছুপাৰ স্পেচিয়েলিটী ব্লক মুকলি কৰে৷ এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেও উপস্থিত আছিল৷

ৰাজমাতা বিজয় ৰাজ সিন্ধিয়া (আৰবিআৰএছ) চিকিৎসা মহাবিদ্যালয়, ভীলৱাড়া আৰু ভৰতপুৰ চিকিৎসা মহাবিদ্যালয়ক জিলা চিকিৎসালয়ৰ পৰা চিকিৎসা মহাবিদ্যালয়লৈ পৰিৱৰ্তিত কৰা হৈছে আৰু ছুপাৰ স্পেচিয়েলিটী ব্ল’ক (এছএছবি)ত চৰকাৰী চিকিৎসা মহাবিদ্যালয়, কোটা; চৰ্দাৰ পেটেল চিকিৎসা মহাবিদ্যালয়, বিকানেৰ; আৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ চিকিৎসা মহাবিদ্যালয়, উদয়পুৰৰ সৈতে সংযোজিত কৰা হৈছে৷ এই প্ৰকল্পসমূহত মুঠ ৮২৮ কোটি টকা বিনিয়োগ কৰা হ’ব য’ত প্ৰত্যেক চিকিৎসা মহাবিদ্যালয়ত ১০৫ কোটি টকাকৈ বিনিয়োগ কৰা হ’ব৷ মহাবিদ্যালয়সমূহত ১৫০জন স্নাতকৰ বাবে আসন আছে৷ ভৰতপুৰ চিকিৎসা মহাবিদ্যালয়ত ৩৪ খন আইচিইউ বিচনাসহিতে ৫২৫খন বিচনা থাকিব আৰু আৰবিআৰএছ চিকিৎসা মহাবিদ্যালয়ত ৪৫৮খন বিচনা থাকিব য’ত ১২খন আইচিইউ বিচনা থাকিব৷ 

এই উপলক্ষে উপস্থিত সকলো লোকক সম্বোধন কৰি ডাঃ হৰ্ষ ৱৰ্ধনে কয়, ‘‘প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে চিকিৎসা শিক্ষাত সংস্কাৰ সাধনক প্ৰাথমিকতা প্ৰদান কৰিছে৷ সংসদত এক আইনৰ জৰিয়তে মেডিকেল কাউন্সিল অব্ ইণ্ডিয়াৰ স্থানত এক  নতুন ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ গঠন কৰা হৈছে যি চিকিৎসা শিক্ষাৰ গুণগতমান নিৰীক্ষণ কৰিব আৰু ইয়াক আন্তঃৰাষ্ট্ৰীয় মান সম্পন্ন কৰি তুলিব৷ বিগত পাঁচ বছৰত ১৫৮খন নতুন চিকিৎসা মহাবিদ্যালয় মুকলি কৰা হৈছে৷ ইয়াৰে ৪২খন এনে মহাবিদ্যালয় আছে যাক জিলা চিকিৎসালয়ৰ সৈতে জড়িত চিকিৎসা মহাবিদ্যালয়সমূহৰ স্থাপনৰ কেন্দ্ৰীয় যোজনাৰ অংশ হিচাপে মুকলি কৰা হৈছে৷ এই যোজনাৰ অধীনত ১৫৭খন নতুন মহাবিদ্যালয়ৰ যোজনা প্ৰস্তুত কৰা হৈছে য’ত ৭৫খনক ২০১৯-২০ত অনুমোদন প্ৰদান কৰা হৈছিল৷’’

ডাঃ হৰ্ষ ৱৰ্ধনে এইবুলিও কয় যে বিগত পাঁচ বছৰত আমি এমবিবিএছত নিৰন্তৰে প্ৰায় ২৬,০০০ আসন আৰু প্ৰাক্-স্নাতকত ৩০,০০০খন আসন সংযোজন কৰিবলৈ সমৰ্থ হৈছো৷ 

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ চিকিৎসা শিক্ষাৰ গুণগতমান সংশোধনৰ বাবে সকলো চিকিৎসা পাঠ্যক্ৰমত প্ৰৱেশৰ বাবে এক সাধাৰণ প্ৰৱেশ পৰীক্ষা অৰ্থাৎ নীটৰ আৰম্ভণি কৰা হৈছে৷

সমগ্ৰ দেশতে ২২খন নতুন এইমছ স্থাপনৰ দিশত দ্ৰুত গতিত অগ্ৰসৰ হৈছে য’ত ছয়খন সম্পূৰ্ণ ধৰণে কাৰ্যক্ষম হোৱাৰ লগতে চৌধ্যখনত এমবিবিএছৰ শ্ৰেণীকোঠা আৰম্ভ হৈছে৷

এই সন্দৰ্ভত ডাঃ হৰ্ষ ৱৰ্ধনে প্ৰধানমন্ত্ৰী বাজপেয়ীজীৰ ৰাষ্ট্ৰৰ প্ৰতি থকা দায়ৱদ্ধতা পূৰণ কৰাত চৰকাৰী সংঘবাদৰ প্ৰশংসা কৰে৷ তেওঁ ২০০৩ চনৰ স্বাধীনতা দিৱসৰ ভাষণত আঞ্চলিক চিকিৎসা মহাবিদ্যালয়সমূহত এইমছ আৰু এছএছবি স্থাপন কৰি স্বাস্থ্যৰ বুনিয়াদী আন্তঃগাঁথনিত আঞ্চলিক অসমতা দূৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷

এই উপলক্ষে আয়ুৰ্বেদ আৰু ভাৰতীয় চিকিৎসা বিভাগৰ চিকিৎসা আৰু স্বাস্থ্য বিভাগৰ কেবিনেট মন্ত্ৰী শ্ৰী ৰঘূ শৰ্মা, চিকিৎসা আৰু স্বাস্থ্য সেৱা (ইএছআই) বিভাগ, ৰাজস্থানৰ সূচনা আৰু জনসম্পৰ্ক বিভাগৰ ডাঃ সুভাষ গৰ্গ, চিকিৎসা আৰু স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী, আয়ুৰ্বেদ আৰু ভাৰতীয় চিকিৎসা বিভাগ, চিকিৎসা আৰু স্বাস্থ্য সেৱা (ইএছআই) বিভাগ, সূচনা আৰু জনসম্পৰ্ক বিভাগ আৰু ৰাজস্থানৰ মন্ত্ৰীমণ্ডলৰ অন্যান্য সদস্য জয়পুৰৰ বৈঠকত উপস্থিত থাকে৷ লোকসভাৰ বাবে নিৰ্বাচিত প্ৰতিনিধি আৰু ৰাজস্থান বিধানসভাৰ বিৰোধী নেতা শ্ৰী গুলাব চন্দ কটাৰিয়া, স্বাস্থ্য সচিব শ্ৰী ৰাজেশ ভূষণো ডিজিটেলী উপস্থিত আছিল৷

****

MV/MANN



(Release ID: 1648832) Visitor Counter : 129