বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ইনস্পায়াৰ ফেকাল্টিৰ বৈজ্ঞানিকে সূক্ষ্ম শৈবালৰ পৰা কমখৰচী বায়’ডিজেল উৎপাদন প্ৰক্ৰিয়া উদ্ভাৱন কৰি আছে

Posted On: 24 AUG 2020 12:09PM by PIB Guwahati

জীৱাশ্ম ইন্ধনৰ ভাণ্ডাৰ ধাৰাবাহিকভাৱে হ্ৰাস হৈ আহিছে। ভাৰতৰক বিশাল সমূদ্ৰিক বাতাবৰণত থকা শৈবাল (এল্গি)ৰ ইন্ধন ক্ষমতাৰ ওপৰত বিশেষ অনুসন্ধান বা খননো কৰা হোৱা নাই। সমূদ্ৰিক মূলৰ সূক্ষ্ম শৈবালৰ পৰা কম খৰচী বায়’ডিজেল উৎপাদন কৰাটো শীঘ্ৰেই কাৰ্যকৰী হৈ উঠিব পাৰে। ইয়াৰ বাবে এগৰাকী বৈজ্ঞানিক ধন্যবাদৰ পাত্ৰ, যিয়ে বায়’ডিজেল উৎপাদনৰ বাবে সূক্ষ্ম শৈবালত লিপিড সঞ্চয় বৃদ্ধি কৰিবৰ বাবে জৈৱ প্ৰযুক্তি অধ্যয়ণ আৰু জৰুৰী উপকৰণৰ ওপৰতো কাম কৰি আছে।

ক্ষীপ্ৰতাৰে হ্ৰাস হৈ থকা পেট্ৰ’লিয়াম আধাৰিত ইন্ধনৰ প্ৰতি লক্ষ্য ৰাখি তামিলনাডুৰ তিৰুচিলাপল্লীস্থিত নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’ল’জীৰ ড. টি মাথিমণিয়ে নৱীকৰণীয় আৰু প্ৰাকৃতিক উৎসৰ পৰা বৈকল্পিক ইন্ধনৰ সন্ধান আৰম্ভ কৰিছে। অলপতে বিভিন্ন ধৰণৰ জৈৱ ইন্ধনৰ সন্ধান উলিওৱা হৈছে আৰু জৈৱ ইন্ধনৰ উৎপাদনৰ বাবে সূক্ষ্ম শৈবালৰ ব্যৱহাৰৰ ওপৰত দৃঢ়তাৰে বিচাৰ কৰা হৈছে, কিয়নো ইয়াত অন্য জৈৱ ইন্ধন ভাণ্ডাৰৰ তুলনাত ইয়াত ভালেমান লাভালাভ আছে। দীৰ্ঘম্যাদী ইন্ধনৰ এই পদ্ধতিয়ে ড. টি মাথিমণিক অনুপ্ৰাণিত কৰিছিল।

আৰ্থিক বায়’ডিজেল উৎপাদনৰ বাবে সমূদ্ৰৰ সূক্ষ্ম শৈবালত ট্ৰাইছিলগ্লিছোৰেল সামগ্ৰী বৃদ্ধি কৰা পদ্ধতিক ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ দ্বাৰা স্থাপিত ‘ইনোভেশ্যন ইন ছায়েন্স পাৰ্চু ফৰ ইনস্পায়াৰ্ড ৰিচাৰ্ছ’ (INSPIRE) য়ে ফেলোশ্বিপৰ বাবে মনোনীত কৰিছে।

এই পুৰস্কাৰৰ দ্বাৰা সমৰ্থিত কাৰ্যাৱলীক ‘কেমোস্ফিয়েৰ’ পত্ৰিকাতো প্ৰকাশ কৰা হৈছে। ড. টি মাথিমণি আৰু তেওঁৰ দলে তামিলনাডুৰ সমূদ্ৰ তীৰৰ পৰা সামূদ্ৰিক সূক্ষ্ম শৈবালৰ পৰা বিভিন্ন প্ৰজাতিবোৰক পৃথক পৃথক কৰিছে, যেনে পিকোক্লোৰাম এছপি, স্কেন্দেছমছ এছপি, ক্লোৰেলা এছপি ইত্যাদি বায়’ডিজেল উৎপাদনৰ বাবে সৰ্বমুঠ জৈৱ কাৰ্বন সামগ্ৰী আৰু ট্ৰাইছিলেগ্লিছ’ৰাইডছ (টিএজি) সামগ্ৰী সন্দৰ্ভত ইয়াৰ ক্ষমতাৰ বাবে এই প্ৰজাতিবোৰক পৃথক পৃথক কৰা হৈছে

এতিয়া বিজ্ঞানীৰ এই দলটোৱে জৈৱ প্ৰযুক্তিগত ক্ষমতা আৰু পৰস্পৰে পৰস্পৰক ব্যৱহাৰ কৰিবৰ বাবে উপযোগী ভিন ভিন গুণৰবিলায়কপ্ৰণালীৰ ওপৰত আধাৰিত লিপিড নিষ্কৰ্ষকৰ বাবে অন্যান্য সূক্ষ্মজীৱবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে এছপিএছ হৈছে এক শক্তি উৎস নিপুণ কাৰক যাৰ দ্বাৰা থাৰ্মেল প্ৰক্ৰিয়াবোৰৰ অনুপস্থিতিতও শক্তি আহৰণ কৰিব পৰা যাব আৰু পৰিৱেশৰ ওপৰত কোনো প্ৰভাৱ নপৰাকৈয়ে শৈবাল লিপিড নিষ্কৰ্ষকৰ বাবে সেউজীয়া ৰংৰ বিপৰীক কাৰকৰ ৰূপত ইয়াক পুনৰ ব্যৱহাৰ কৰিব পৰা যায় বায়ডিজেলৰ উৎপাদন বৃদ্ধিত সহায়ক হোৱা এই টিএজি সঞ্চয় বৃদ্ধি কৰিবৰ বাবে মেটাবলিক অভিযান্ত্ৰিক দৃষ্টিকোণৰ ব্যৱহাৰ কৰিব পৰা যায়, আৰু চুম্বকীয় নেনোকম্পজিট (এমএনচি) ব্যৱহাৰ শৈবালৰ পৰা পানীৰ মনাত্ৰা পৃথক কৰাৰ বিভিন্ন চক্ৰৰ বাবে গ্ৰহণ কৰিব পাৰি বায়ডিজেলৰ উৎপাদন ব্যয় হ্ৰাস কৰিবৰ বাবে ইয়াৰ উপাচাৰ সংস্কৃতি বাতিলৰ পুনঃপ্ৰয়োগ কৰিব পাৰি তেওঁলোকৰ অধ্যয়ণত বায়ডিজেলৰ পৃষ্ঠভাগ আৰু সুলভ মূল্যতে উৎপাদনৰ বাবে এই তিনিটা দৃষ্টিকোণৰ ওপৰত বিচাৰ কৰা

এই ক্ষেত্ৰত শীঘ্ৰেই এক পৰিকল্পনা যুগুত কৰা হ’ব, যাৰ দ্বাৰা বাণিজ্যিক স্তৰত বায়’ডিজেল উৎপাদন কৰিব পৰা হ’ব আৰু ইয়াৰ দ্বাৰা বজাৰত শক্তি উৎস ধাৰাবাহিকভাৱে উপলব্ধ কৰাব পৰা হ’ব।

 

[প্ৰকাশন লিংক - DIO : 10.1016 / j.chemosphere.2019.125079 DIO: 10.1016 / j.bcab.2019.101179

 

সবিশেষ জানিবৰ বাবে ড. টি মাথিমণি( mathimanit@yahoo.com ) ৰ সৈতে যোগাযোগ কৰক।

*****

NB/KGS(DST Media Cell)/RD



(Release ID: 1648666) Visitor Counter : 301