পৰ্যটন মন্ত্ৰালয়
লকডাউনৰ পাছত প্ৰথমবাৰৰ বাবে খোলাৰ পহিলা দিনাই অশোকা হোটেলৰ প্ৰস্তুতিৰ পৰ্যবেক্ষণৰ বাবে উপস্থিত হ’ল কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী
আইটিডিচিৰ কৰ্মচাৰীক কভিড-১৯ সম্বন্ধীয় স্বাস্থ্য আৰু সুৰক্ষা বিধি বিষয়ত উচিত প্ৰশিক্ষণ প্ৰদান কৰা হৈছেঃ শ্ৰী প্ৰহ্লাদ সিং পেটেল
Posted On:
25 AUG 2020 12:42PM by PIB Guwahati
দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই পৰ্যটন মন্ত্ৰালয়ৰ অধীনৰ আইটিডিচিয়ে চলাই থকা হোটেলসমূহ পুনৰ মুকলি কৰিব পাৰিব বুলি জাৰি কৰা নিৰ্দেশৰ পাছত অশোকা হোটেলৰ প্ৰস্তুতিৰ বুজ লবলৈ ২৪আগষ্টত হোটেলখনত উপস্থিত হয় পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল। উল্লেখ্য যে ৰাজ্যখনত ২৪ আগষ্ট,২০২০ৰ পৰা ভাৰত পৰ্যটন উন্নয়ন নিগম(আইটিডিচি)-এ তেওঁলোকৰ হোটেলসমূহ পুনৰ খুলিব পাৰিব বুলি ঘোষণা কৰিছিল।
পুনৰায় হোটেল খোলাৰ সন্দৰ্ভত মত ব্যক্ত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়,-দেশৰ ৰাজধানীত পৰ্যটন উদ্যোগৰ দুটা বৃহত্ খণ্ড হোটেল আৰু ৰেষ্টুৰেণ্টসমূহ মুকলি কৰাটো এক যোগাত্মক পদক্ষেপ যিয়ে ঘৰুৱা যাত্ৰা বৃদ্ধিত সহায় কৰাৰ লগতে উদ্যোগটোক যথেষ্ট সকাহ দিব। দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ(ডিডিএমএ)ৰ এই সিদ্ধান্ত ৰাজধানী চহৰখনত পৰ্যটনৰ পুনৰুথ্থানৰ বাবে এক আদৰণীয় পদক্ষেপ।
সাংবাদিকৰ সৈতে মত বিনিময়ত শ্ৰী পেটেলে কয় যে আইটিডিচিয়ে সকলো কৰ্মীৰ বাবে কভিড-১৯ সম্পৰ্কীয় স্বাস্থ্য সুৰক্ষাৰ বিষয়সমূহ কঠোৰভাৱে মানি চলাৰ সিদ্ধান্ত লৈছে। এই বিষয়ত সংশ্লিষ্ট বিভাগৰ পৰা এক ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ জাৰি কৰা হৈছে। আইটিডিচিয়ে কভিড-১৯ৰ পৰিস্থিতি বাস্তৱ সময়ভিত্তিত পৰ্যবেক্ষণ কৰিবলৈ আৰু প্ৰয়োজন অনুসৰি সঠিক পদক্ষেপ গ্ৰহণৰ বাবে এইমছৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে। গৃহ মন্ত্ৰালয়ে যোৱা ৮জুনৰ পৰা পৰ্যটন ক্ষেত্ৰত হোটেল, ৰেষ্টোৰা আৰু আতিথ্য সেৱা আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিছে। সেয়ে তাৰ বাবে সুনিৰ্দিষ্ট নিৰ্দেশনাও জাৰি কৰিছে। উক্ত নিৰ্দেশিকা মানি দেশজুৰি হোটেল, ৰেষ্টোৰা আৰু অন্যান্য আৱাসিক কেন্দ্ৰসমূহ পৰিচালিত হৈছে।
******
NB/AKJ/OA/KG
(Release ID: 1648642)
Visitor Counter : 225