ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

ৰাজহুৱা প্ৰশাসন ২০২০ৰ উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটা

৯৫% অৰ্থাৎ ৭০২খন জিলাই ৰাজহুৱা প্ৰশাসন ২০২০ৰ উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাত পঞ্জীকৃত হৈ অংশগ্ৰহণ কৰিছে

Posted On: 25 AUG 2020 2:59PM by PIB Guwahati

জিলা/কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সংস্থাসমূহে বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰা উদ্ভাৱনমূলক তথা অনন্য কৰ্মক উৎসাহিত কৰাৰ বাবে ভাৰত চৰকাৰে ২০০৬ চনত ৰাজহুৱা প্ৰশাসনৰ উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটা শীৰ্ষক এক বঁটাৰ প্ৰচলন কৰিছিল৷  এই আঁচনি  ২০১৪ চনত অগ্ৰাধিকাৰযোগ্য কাৰ্যসূচী, উদ্ভাৱন আৰু প্ৰত্যাশা জিলাত জিলা উপায়ুক্তৰ দক্ষতাক স্বীকৃতি প্ৰদান কৰা বাবে পুনৰ সজ্বিত কৰা হৈছিল৷ পুনৰবাৰে ২০২০ চনত জিলাসমূহৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত জিলা উপায়ুক্তৰ দক্ষতাক স্বীকৃতি দিয়াৰ বাবে এই আঁচনি সজ্বিত কৰা হয়৷ ৰাজহুৱা প্ৰশাসনৰ উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটা মাননীয় প্ৰধানমন্ত্ৰীয়ে ৩১ অক্টোবৰ ২০২০ তাৰিখে ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটৰ কেৱাড়িয়াত ষ্টেচু অব্ ইউনিটীত প্ৰদান কৰিব৷

২০২০ বৰ্ষৰ বাবে ৰাজহুৱা প্ৰশাসনৰ উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাত নিম্নোক্ত বিষয়সমূহ সামৰি লোৱা হৈছেঃ

১. অগ্ৰাধিকাৰ খণ্ডত ক্ৰেডিট সংবহনৰ জৰিয়তে ব্যাপক বিকাশ

২. জিলাসমূহত স্বচ্ছ ভাৰত অভিযান (নগৰ আৰু গ্ৰামীণ)ৰ জৰিয়তে ‘জন অংশীদাৰী’ অভিযানৰ প্ৰচাৰ

৩. ৰাজহুৱা অভিযোগৰ সমূহৰ সমাধান আৰু সেৱা যোগানৰ উত্তৰণ

পুৰস্কাৰৰ পৰিসৰ জিলাসমূহৰ সকলো ক্ষেত্ৰত সমগ্ৰ পৰিণামমুখী কাৰ্য দক্ষতা ক্ষেত্ৰৰ পৰিচয় কৰোৱাৰ বাবে বৃদ্ধি কৰা হৈছে৷ জিলা উপায়ুক্তসকলৰ অংশগ্ৰহণক প্ৰাথমিকতা ক্ষেত্ৰত সমাৱেশী ক্ৰেডিট সংবনৰ প্ৰণয়ন, জন অংশীদাৰী মাধ্যমৰ জৰিয়তে জন আন্দোলনৰ প্ৰসাৰণ, লোক প্ৰশাসনৰ সৈতে উন্নত সম্পৰ্ক স্থাপন কৰি আৰু ৰাজহুৱা অভিযোগসমূহ নিষ্পত্তি কৰি পৰিচয় প্ৰদান কৰা হ’ব৷

ইয়াৰোপৰি ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰী পুৰস্কাৰত নমামি গংগে কাৰ্যসূচীত জিলাস্তৰৰ অধিকাৰীসকলৰ প্ৰয়াসক স্বীকৃতি প্ৰদান কৰা হ’ব৷

প্ৰধানমন্ত্ৰী বঁটা প’ৰ্টেলৰ আৰম্ভণি ১৭ জুলাই ২০২০ তাৰিখে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত ৰাজ্যিক মন্ত্ৰী ড জিতেন্দ্ৰ সিঙে কৰিছিল৷ তেতিয়াৰে পৰা প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহৱা অভিযোগ বিভাগে ভিডিঅ’ কনফাৰেন্স, কল চেণ্টাৰ আৰু যোগাযোগৰ মাধ্যমৰ জৰিয়তে সচিবৰ পৰা আৰম্ভ কৰি সকলো কেন্দ্ৰীয়শাসিত প্ৰদেশৰ মুখ্য সচিব/প্ৰশাসকসকলক গতিবিধি লক্ষ্য কৰিছে৷ ক’ভিড-১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জীকৰণ আৰু মনোনয়ন দাখিল কৰাৰ অন্তিম তাৰিখ ২৩ আগষ্টলৈ বৃদ্ধি কৰা হৈছিল৷ প্ৰায় ৭০২ খন জিলাই এই বঁটাৰ বাবে পঞ্জীকৰণ কৰিছে৷  নমামি গংগেৰ অধীনত ৪৮খন দিলা আৰু প্ৰত্যাশী জিলা কাৰ্যসূচীৰ অধীনত ১১২খন জিলাৰ ৮১খন জিলাই আবেদন কৰিছে৷

<><><><><>

SNC/MANN



(Release ID: 1648622) Visitor Counter : 284