মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠান(নিঅ’ছ)ৰ বিভিন্ন কাম-কাজ পৰ্যালোচনা কৰিলে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীয়ে

Posted On: 24 AUG 2020 5:24PM by PIB Guwahati

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ চন্দ্ৰ পোখৰিয়াল ‘নিশংকে’ আজি  নতুন দিল্লীত ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠান(নিঅ’ছ)ৰ বিভিন্ন কাম-কাজ পৰ্যালোচনা কৰে৷ বৈঠকত বিদ্যালয় শিক্ষা আৰু সাহিত্য বিভাগৰ সচিব শ্ৰীমতী অনিতা কাৰৱাল, বিদ্যালয় শিক্ষা বিভাগৰ যুটীয়া সচিব শ্ৰীমতী ছুইটী চাংৱানৰ লগতে নিঅ’ছৰ একাংশ জ্যেষ্ঠ বিষয়া উপস্থিত থাকে৷

শ্ৰী পোখৰিয়ালে প্ৰতিষ্ঠানটোৰ নিকা কাম-কাজত জোৰ দিয়ে, যাতে ইয়াৰ জৰিয়তে উন্নত ফলাফল লাভ কৰিব পৰা যায়৷ মন্ত্ৰীগৰাকীয়ে লগতে পৰীক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ সন্দৰ্ভতো আলোচনা কৰে৷ তেওঁ কয় যে যদি আমি প্ৰতিষ্ঠানটোৰ ক্ষেত্ৰত কোনো ধৰণৰ অনিয়ম দেখিবলৈ পাও, তেতিয়া সেই অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ তেওঁ নিঅ’ছৰ বিষয়াবৰ্গক নিঅ’ছৰ অধীনস্ত পৰীক্ষা কেন্দ্ৰসমূহৰ বিৰুদ্ধে কোনো ধৰণৰ অভিযোগ পায়, তেতিয়া যিমান পাৰি সোনকালে সেই অভিযোগ নিষ্পত্তি কৰিবলৈ নিৰ্দেশ দিয়ে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশজুৰি থকা কেন্দ্ৰসমূহৰ সবিশেষ তথ্য আৰু যোগাযোগৰ বাবে এক ডেশ্ববোৰ্ড প্ৰস্তুত কৰাৰ পৰামৰ্শ আগবঢ়ায়৷ ইয়াৰ জৰিয়তে সমগ্ৰ ব্যৱস্থাটোত স্বচ্ছতা আহিব৷

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে নিঅ’ছ হৈছে বিশ্বৰ সৰ্ববৃহ মুক্ত বিদ্যালয় ব্যৱস্থা আৰু আমি ইয়াক তৃণমূল পৰ্যায়ত কাৰ্যকৰী ৰূপত শিক্ষা প্ৰদানৰ বাবে ব্যৱহাৰ কৰিব লাগিব৷ তেওঁ লগতে এই নেটৱৰ্ক নিৰক্ষৰ লোকসকলক সাক্ষৰ কৰি তোলাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগিব বুলিও কয়৷ এই ক্ষেত্ৰত পৰ্যালোচনা কৰাৰ বাবে তেওঁ বিষয়াসকলক এটা দল গঠন কৰাৰো নিৰ্দেশ দিয়ে৷ মন্ত্ৰী পোখৰিয়ালে নিঅ’ছে শিক্ষাৰ্থীসকলক আগবঢ়োৱা পাঠ্যক্ৰমৰ পৰ্যালোচনা কৰি তেওঁ এই ক্ষেত্ৰত এনচিইআৰটিৰ আৰ্হিত পাঠ্যক্ৰম প্ৰস্তুত কৰিবলৈ কয়, যাতে শিক্ষাৰ্থীসকলে ভালদৰে বিষয়বোৰ বুজি পায়৷

মন্ত্ৰীগৰাকীয়ে ক’ভিড-১৯ সংকটৰ সময়ত নিঅ’ছে সম্পাদন কৰা কাম-কাজৰ পৰ্যালোচনা কৰে৷ এই সন্দৰ্ভত নিঅ’ছে ৪টাকৈ চেনেল মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষাৰ্থীসকলৰ নামত উচৰ্গা কৰা বুলি মন্ত্ৰীগৰাকীক অৱগত কৰে৷ মন্ত্ৰীগৰাকীয়ে নিঅ’ছৰ খালী পদৰ সন্দৰ্ভতো পৰ্যালোচনা কৰি শীঘ্ৰে এই পদসমূহ পুৰণৰ নিৰ্দেশ দিয়ে৷

*****

MC/AKJ/DB



(Release ID: 1648381) Visitor Counter : 164