পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

প্রাক কথন-২

মধ্যপ্ৰদেশত ১১,০০০ কোটিতকৈ অধিক টকা ব্যয়সাপেক্ষ ৪৫টা ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব শ্রী নীতিন গাডকাৰীয়ে

এই প্ৰকল্পসমূহে উন্নত যোগাযোগ সুনিশ্চিত কৰাৰ বিকাশো ক্ষিপ্ৰতৰ কৰি তুলিব

Posted On: 24 AUG 2020 3:19PM by PIB Guwahati

কেন্দ্রীয় পথ পৰিবহন, ঘাইপথ আৰু অতিক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্রী শ্রী নীতিন গাডকাৰীয়ে কাইলৈ মধ্যপ্ৰদেশত মুঠ ৪৫টা ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে উদ্বোধনো কৰিব৷ মুখ্যমন্ত্রী শ্রী শিৱৰাজ সিং চৌহানে এই ভাৰ্চুৱেল অনুষ্ঠানত অধ্যক্ষতা কৰিব৷ অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী শ্রী থাৱৰ চান্দ গেহলট, শ্রী নৰেন্দ্ৰ সিং টোমৰ, ৰাজ্যিক মন্ত্রী শ্রী প্ৰহ্লাদ সিং পেটেল, শ্রী ফগ্গন সিং কুলাস্তে আৰু জেনেৰেল ড০ ভি কে সিং (অৱসৰপ্রাপ্ত), মধ্যপ্ৰদেশৰ মন্ত্রীবৰ্গ, সাংসদ বিধায়কসকলৰ উপৰি কেইবাগৰাকী কেন্দ্ৰ আৰু ৰাজ্যৰ উচ্চপদস্থ বিষয়া উপস্থিত থাকিব৷

সৰ্বমুঠ ১,৩৬১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথ প্ৰকল্পসমূহত ব্যয় ১১,৪২৭ কোটি টকা ব্যয় হ’ব৷ এই প্ৰকল্পসমূহে ৰাজ্যখনৰ পথ ব্যৱস্থাৰ উন্নতি সাধন কৰিব৷ ইয়াৰ ফলত ৰাজ্যখন আর্থিক বিকাশ হোৱাৰ লগতে মধ্যপ্ৰদেশৰ চুবুৰীয়া ৰাজস্থান, উত্তৰপ্ৰদেশ আৰু চত্তীশগড়ৰ মাজত যাতায়াতত সুবিধা হ’ব৷ তদুপৰি, ৰাজ্যৰ এঠাইৰ পৰা  আন ঠাইলৈ অহা-যোৱা কৰিবলৈও সুগম হৈ পৰিব৷ উন্নত পথ ব্যৱস্থাই সময় আৰু ইন্ধন ৰাহি কৰাৰ সমান্তৰালভাৱে পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰিব৷ তদুপৰি, এই প্ৰকল্পসমূহে চহৰাঞ্চলৰ পথসমূহত যানজঁট হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷

 

***

RCJ/MS/DB



(Release ID: 1648379) Visitor Counter : 117