পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

শ্ৰী গাডকাৰীয়ে মধ্য প্ৰদেশত ৯৪০০কোটি টকাৰ ৩৫ টা ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব প্ৰকল্পসমূহে উন্নত যোগাযোগৰ মাধ্যমেৰে দ্ৰুত উন্নয়নৰ পথ প্ৰশস্ত কৰিব

प्रविष्टि तिथि: 23 AUG 2020 1:05PM by PIB Guwahati

কেন্দ্ৰীয় পথ পৰিবহন, ৰাষ্ট্ৰীয় ঘাইপথ আৰু এমএছএমই মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে অহা ২৫ আগষ্ট,২০২০ মঙলবাৰে মধ্যপ্ৰদেশত ৩৫ টা ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই আভাসী অনুষ্ঠানৰ সভাপতিত্ব কৰিব। অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী থাভৰ চান্দ গেহলট আৰু শ্ৰী নৰেন্দ্ৰ সিং তোমৰ, ৰাজ্যমন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল, শ্ৰী ফাগ্গান সিং কুলস্তে আৰু জেনেৰেল(ডঃ) ভি কে সিং(অৱসৰপ্ৰাপ্ত), ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, কেইবাগৰাকীও সাংসদ, বিধায়কসকল আৰু কেন্দ্ৰ আৰু ৰাজ্যৰ শীৰ্ষ বিষয়াসকল।

 

৯৪০০কোটি টকাৰ ১১৩৯ কিলোমিটাৰ দৈৰ্ঘৰ ঘাইপথ প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধন কৰা হব। মধ্যপ্ৰদেশৰ উন্নয়নৰ পথ মুকলি কৰি এই পথসমূহে উন্নত যোগাযোগ ব্যৱস্থা, সুবিধা আৰু আৰ্থিক বিকাশ বৃদ্ধি কৰিব।

 

প্ৰকল্পৰ তালিকা প্ৰত্যক্ষ কৰিবলৈ ইয়াত ক্লিক কৰক

 

********************************************************

RCJ/MS/KG

 


(रिलीज़ आईडी: 1648119) आगंतुक पटल : 138
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Tamil