শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

ক’ভিড মহামাৰীৰ মাজতো জুলাই ২০২০ত গ্ৰাহকৰ ‘কেওৱাইচি’ সংগ্ৰহত বিশেষ সাফল্য ‘ইপিএপঅ’’-ৰ

২.৩৯ লাখ আধাৰ নম্বৰ, ৪.২৮ লাখ মোবাইল নম্বৰ তথা ৫.২৬ লাখ বেংক একাউণ্টৰ শেহতীয়া তথ্য অন্তৰ্ভুক্ত কৰিলে গ্ৰাহকসকলৰ ‘ইউএএন’-ত

प्रविष्टि तिथि: 22 AUG 2020 4:41PM by PIB Guwahati

জুলাই ২০২০ত ‘ইপিএপঅ’’-য়ে সফলতাৰে ২.৩৯ লাখ আধাৰ নম্বৰ, ৪.২৮ লাখ মোবাইল নম্বৰ তথা ৫.২৬ লাখ বেংক একাউণ্ট নম্বৰৰ শেহতীয়া তথ্য অন্তৰ্ভুক্ত কৰিলে গ্ৰাহকসকলৰ ‘ইউএএন’-ত।

ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা অভুতপূৰ্ব প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা দেশত স্বাভাৱিক অৰ্থতে সামাজিক ব্যৱধান বিধিয়ে বিশেষ গুৰুত্ব লাভ কৰে। দেশৰ সামাজিক সুৰক্ষাৰ প্ৰধান সংগঠন হিচাপে ইপিএফঅ’’-য়ে ন্যূনতম সংস্পৰ্শ বিধি মানি চলি আৰু ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে ইয়াৰ অন্তৰ্ভুক্ত গ্ৰাহকসকললৈ যথা সম্ভৱ বাধাৰহিত ভাবে সেৱা আগবঢ়োৱাৰ বাবে যথেষ্ট কষ্ট স্বীকাৰ কৰে।

সংগঠনটোৱে অনলাইন ব্যৱস্থাৰে সক্ৰিয়তাৰে গ্ৰাহকসকলৰ পৰিচয় সম্পৰ্কীয় শেহতীয়া তথ্য( ইয়ৰ কাষ্টমাৰ-কেওৱাইচি) সংগ্ৰহৰ প্ৰক্ৰিয়া সম্পন্ন কৰে।  

গ্ৰাহকসকলৰ পৰিচয় সম্পৰ্কীয় শেহতীয়া তথ্য সংগ্ৰহ কৰি তেওঁলোকৰ নামত প্ৰদান কৰা ইউনিভাৰ্ছেল একাউণ্ট নাম্বাৰ(ইউএএন)ৰ সৈতে সংযুক্ত কৰা এককালীন প্ৰক্ৰিয়াটোৱে পৰৱৰ্তি সময়ত গ্ৰাহকসকলৰ পৰিচয়ৰ সত্যতা নিৰূপণ প্ৰক্ৰিয়াটোত সহায় আগবঢ়ায়। এবাৰ সফলতাৰে এই প্ৰক্ৰিয়া সম্পন্ন হৈ যোৱাৰ পিচত গ্ৰাহকসকলে ইপিএফঅ-ৰ সেৱা লাভৰ যোগ্যতা অৰ্জন কৰে।

 

******

RCJ/SKP/IA/KB


(रिलीज़ आईडी: 1647965) आगंतुक पटल : 200
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Tamil , Telugu , Malayalam