বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        স্বাস্থ্যৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় নিৰীক্ষণৰ বাবে এক ট্যাটু ছেন্সৰ
                    
                    
                        ছালৰ কনফৰ্মেল ছেন্সৰত স্বাস্থ্যৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আক্ৰমণাত্মক বিৰোধী আৰু নিৰন্তৰ পৰ্যবেক্ষণৰ ক্ষমতা থাকে
ইয়াৰোপৰি ইয়াত কঠোৰ আৰু বৃহত্ স্বাস্থ্য নিৰীক্ষণ সঁজুলি সলনি কৰাৰো ক্ষমতা আছে।
                    
                
                
                    Posted On:
                20 AUG 2020 2:14PM by PIB Guwahati
                
                
                
                
                
                
                বিভিন্ন শাৰিৰীক পৰীক্ষা-নিৰীক্ষাৰ বাবে বৃহত্ বৃহত্ যন্ত্ৰপাতিৰ প্ৰয়োজন হয়। এই যন্ত্ৰপাতি সমূহ এটা স্থানৰ পৰা আন এটা স্থানলৈ নিয়াত অসুবিধাৰ সৃষ্টি হয়। ইয়াৰ উপৰি এইধৰণৰ যন্ত্ৰৰ সহায়ত ২৪ ঘণ্টাই স্বাস্থ্যৰ নিৰীক্ষণ কৰা সম্ভৱ নহয়। বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ চেণ্টাৰ ফৰ নেনো ছায়েন্স এণ্ড ইঞ্জিনীয়াৰিঙৰ ডঃ সৌৰভ কুমাৰে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ ইন্সপায়াৰ ফেকাল্টি ফেলোশ্বিপ লাভ কৰিছে। ডঃ কুমাৰে বৰ্তমান এনে এটি যন্ত্ৰক লৈ কাম কৰি আছে যিটো পৰিধান কৰিব পাৰি।এই যন্ত্ৰটোৰ জৰিয়তে শৰীৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত জানিব পৰা যাব। এইসমূহৰ ভিতৰত হৈছে নাড়ীৰ স্পন্দন, শ্বাস-প্ৰশ্বাসৰ হাৰসহ শৰীৰৰ নানান গুৰুত্বপূৰ্ণ জৈৱিক প্ৰক্ৰিয়া। এই যন্ত্ৰৰ সহায়ত শৰীৰত শৰ্কৰাৰ পৰিমাণ সহ ছালত কিমান আৰ্দ্ৰতা আছে সেই সকলো তথ্যও লাভ কৰা যাব। ডঃ কুমাৰে এই ছেন্সৰক লৈ গৱেষণাৰ লগতে তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলক চিকিত্সাৰ বাবে দৰকাৰী বিভিন্ন প্ৰয়োজনীয় যন্ত্ৰপাতি উদ্ভাৱন সন্দৰ্ভত প্ৰশিক্ষণ দি আছে। 
 
 ***************************************************************
NB/KGS/(DST Media Cell)/KG
                
                
                
                
                
                (Release ID: 1647478)
                Visitor Counter : 206